“শূন্য বিদায় করব না তো উহাকে মরণ যেদিন আসবে আমার দুয়ারে।” (গীতাঞ্জলি) কবিগুৰুৰ কবিতাৰ শাৰীকেইটাই যেন তেওঁক এতিয়া সাহস দিয়ে; হয়তো আৰু বেছি দিন জীয়াই নাথাকিব তেওঁ। যিসময়ত তেওঁক স্বপুত্র-পুত্রীৰ প্রয়োজন, সেই সময়তেই সিহঁতে নিজৰ প্ৰয়োজনত বিদেশত সুস্থিৰ হ’ল। তথাপিও তেওঁৰ কোনো আক্ষেপ নাই, কাৰণ ৰিটায়াৰমেণ্টৰ পৰা প্রায় পঁচিশ বছৰতো তেওঁ অকলেই কটালে; সহধর্মিণীয়েও দহ বছৰৰ আগতেই এই জগতৰ পৰা মেলানি মেলিলে; গতিকে সম্পূর্ণ এটা দশক অকলেই কটোৱা মানুহজনৰ বাবে এইটো সহজ কথা। কিন্ত আজিকালি তেওঁ ভয় কৰে, কাৰণ চলা-ফুৰা কৰিবলৈ অসুবিধা, চকুও দুৰ্বল হৈ পৰিল। মৰণৰ বাবে নহয়, ঘৰৰ নির্জন দেৱালকেইখনৰ প্রতিধব্বনিয়েহে তেওঁক কন্দুৱাই পেলায়। গৌৰীশংকৰ শর্মাৰ আজি চাৰি কুৰি পাঁচটা বছৰ বয়স সম্পূর্ণ হ’ল। ৰাতিপুৱা বেলাতেই আমেৰিকা যুক্তৰাষ্টৰ পৰা পুতেকে ফোন কৰিছিল জন্মদিনৰ শুভ কামনা জনাবলৈ। তেওঁ কৰিবনো কি? দুৰ্বল কর্ণদ্বয় সুপুত্রৰ মাতটোতে তৃপ্ত হ’ল। আজিৰ দিনততো শ্রৱণ...
অসমীয়া প্রৱন্ধ ,চুটি গল্পৰ ব্লগ