(4/3/18 ত দেওবৰীয়া খবৰত প্রকাশিত)
জীৰ্ণ আলমাৰিটোৰ কিতাপবোৰৰ গন্ধই এতিয়াও যেন তেওঁক নিজৰ দিশে টানি থাকে । তেতিয়া হয়তো তেওঁৰ ওঠৰ-উনৈশ বছৰ বয়স আছিল ; স্পদ্ধিত বন্ধুবৰ্গৰ বিপৰীতে কিতাপ পঢ়াৰ যি চখ বঢ়িল সেয়া আজিকোপতি নিপাত নহ’ল ।থাউকতে পোৱা কিতাপখন লৈ তেওঁৰ কোঁচ খোৱা সিৰাৰ মৰহি অহা হাতখনৰে স্পৰ্শ কৰি মনৰেই পঢ়ি উঠিল প্রতিখন পৃষ্ঠা ! আজিকালি পঢ়িব পৰা অৱস্থাত নাই তেওঁ । পৌগণ্ড, যৌৱন পাৰ কৰি এতিয়া জীৱনৰ অন্তিম দশা । সেইখন ভগৱৎ গীতা ; গান্ধী, নেতাজী, বিবেকানন্দ, অৰবিন্দ আদি বহুতকে অনুপ্রেৰণা দিয়া গ্রন্থ ।শীৰ্ণ হস্তৰে স্পৰ্শ কৰি তেওঁ মনৰেই সকলো তত্ত্ব আওঁৰালে – “ পৰিবৰ্তনৰ চক্রত সকলো ঘূৰি থাকে ; কোনজন জন্মিছে – কোনোজন মৰিছে ।জন্ম-মৃত্যু নিশ্চিত !শৈশৱ,যৌৱন,বৃদ্ধাৱস্থা সকলোৰে জুতি লৈ আত্মাই যেন অন্যদিশলৈ গতি কৰিছে – পুৰণি সাজ সলাই।”
এৰা কিতাপ পঢ়ি ,প্রকাশ কৰি, সাংবাদিকতা আদি বিভিন্ন অনুভূতি লৈ তেওঁ জীৱনটো অতিবাহিত কৰিলে ।
- বৰদেউতা ; বৰদেউতা !
কাণতাল মৰা চিঞৰত তেওঁ প্রকৃতিস্থ হ’ল ; চুবুৰীয়া ল’ৰা হেমন্ত হয়তো আহিছে । তেওঁৰ ভঙা চছ্মাযোৰ মেৰামতি কৰি সি উলটি আহিছে ।
- বুঢ়াই হয়তো শুনা নাই ; বৰ কামোৰ কাম দেই্ !
নিজকে নিজে কৈ হেমন্তই আকৌ চিঞৰিলে , - বৰদেউতা , বৰদেউতা ...
চছ্মাযোৰ পিন্ধি তেওঁ টট্ পালে । হেমন্তই আনি দিয়া শাক পাচঁলিৰ টোপোলা আৰু খুচুৰা টকাকেইটা লৈ তেওঁ পঞ্চাছ টকীয়া নোট এখন তাৰ দিশে আগুৱাই দিলে , বাইকৰ তেলৰ খৰচ .... ।
................
হৰ!হৰ!হৰ!
তীব্র বৰষুণ জাকে পুৰণি আছাম টাইপৰ ঘৰটোক বাৰুকৈ আক্রমণ কৰিলে । চৌপাশৰ সুউচ্চ অট্রালিকাৰ ছাঁয়ায়ে ঢ়াকি ৰখা তেওঁৰ মেৰামতি নোহোৱা ঘৰটোৰ চিলিঙিৰে আচাৰকানি আহি ভিতৰ সোমালহি ।বিল্ডিংৰ সলনি যদি চাৰিওফালে পথাৰ থাকিলহেঁতেন তেন্তে নিশ্চয় বৰষুণ আৰু কেঁচামাটিৰ সংঘৰ্ষত এক সজীৱ গন্ধৰ সৃজন হ’লহেতেন!জমা হোৱা পানীডোঙাত চাগে পাতি হাঁহকেইটামানে ‘কক্ কক্’ কৈ চৰিল হেতেঁন !
কুছি মুছি কৈ ক’ৰবাৰ পৰা পোহনীয়া মেকুৰীজনী আহি তেওঁৰ চকীৰ তল সোমালহি । সেই মেকুৰীজনীয়ে এতিয়া তেওঁৰ ঘৰৰ গৃহিনী ।তাইক লগ পোৱাৰো এটা মনোৰম কাহিনী আছে । এবছৰ মানৰ আগে লাখুটিত ভৰ দি শাক-পাচলি বজাৰ কৰোতে তাই তেওঁৰ পিছে পিছে আহিছিল । জীয়া মাছ খাবলৈ তেওঁৰ মনটোৱে হাবিয়াস কৰিছিল ; কিন্তু ঘৰলৈ উলটি আহিহে তেওঁৰ সমস্যা হ’ল , কাৰণ গধুলি হৈ অহাত তেওঁৰ চকুযুৰিয়ে ক’ত তেওঁৰ লগ দিব ? সেই মাছ বছা,ৰন্ধাৰ কামৰ কথা তেওঁ হয়তো আগতেই ভাবিব লাগিছিল ..... কোনো নৰমনিষ নহা তেওঁৰ ঘৰলৈ সেইদিনা আগমন কৰা মেকুৰীজনীৰ কথা তেতিয়া তেওঁৰ মনলৈ আহিল ।তাইৰ মুখলৈ মাছকেইটা দলিয়াই তেওঁ কৈ উঠিছিল ,
- তই মোৰ লগতে থাক্ । মই থকালৈকে তোক খুৱাম ! কিন্তু তাৰপিছৰ দ্বায়িত্ব মোৰ নাই ! মই মৰিলে তোৰ চিঞৰতে হয়তো চুবুৰীয়া ৰাইজে গম পাব ।তই চিঞৰিবি , বুঢ়া মৰিল! বুঢ়া মৰিল !
সেইদিন ধৰি তাই যি তেওঁৰ লগত সম্পৰ্ক গঢ়িলে , সেয়া নস্ত নহ’ল। এৰা, মাতিব নোৱাৰা নিৰ্বোধ জীৱবোৰে যেন মানুহক ভালকৈ বুজিব পাৰে ।
.........
সময়মতে সি আহি পালেহি ; অত বৰষুণত জুৰুলি জুপুৰি হৈ কথমপি যেন তেওঁক সাক্ষাৎ কৰিলহি ।সি দৈনিক কাকতত কাজ কৰে ; কাকতখনৰ এটা নতুন পৃষ্ঠাৰ ‘ সাহিত্যৰ সান্নিধ্য’ দ্বায়িত্ব তাৰ - সাহিত্যিক,শিল্পী,কলা কুশলী সকলৰ সাক্ষাৎকাৰ গ্রহণ কৰি প্রকাশ কৰে ।এনেদৰেই বহু গণ্যমান্যৰ সান্নিধ্য লাভ কৰি সিও আজিকালি লেখা-মেলা কৰা আৰম্ভ কৰিছে ।
ডায়েৰীখন মেলি লৈ সি যেন সাজু – তেওঁৰ মুখৰ পৰা নিৰ্গত প্রতিটো শব্দ লিপিবদ্ধ কৰিবলৈ । কাপোৰ এখন আগবঢ়াই তেওঁ কৈ উঠিল
- তুমি বাৰুকৈয়ে ভিজিলা ! পিছে তোমাৰ নামটো কি আছিল ?
- মোৰ নাম গৌৰাংগ নাথ ।
তোমালোকৰ কাকতখনৰ প্রশংসা শুনি থাকো , পিছে মই আজিকালি সৰু- বৰ একো আখৰেই পঢ়িব নোৱাৰো ! চকুৰ পৰা অৰহৰ পানী ওলাই ! এতেকে মোৰ কথা তুমি প্রকাশ কৰিলেও মই পঢ়িব নোৱাৰিম । তুমিয়েই আহি মোক পঢ়ি শুনাবা – হেঁ হেঁ কৈ হাঁহি উঠিল তেওঁ ।
তেওঁৰ বাৰ্ধক্য যন্ত্রণাক যেন ভালকৈ উপলব্ধি কৰিছে গৌৰাংগই ! গৌৰাংগই কথোপকথন আৰম্ভ কৰিলে , - ‘ আপোনাৰ সাহিত্যৰ প্রতি অনুৰাগ কেনেকৈ জন্মিল ,?’
- কি কম, সকলো মানুহকে কিছুমান বস্তুয়ে নিজৰ দিশে টানে , মোক এই কিতাপবোৰ আকৰ্ষণ কৰিলে । বচ! তাৰ পৰাই সকলো আৰম্ভ হ’ল ।
- আজিৰ প্রজন্মৰ লেখকক লৈ আপোনাৰ মন্তব্য কেনে ?, গৌৰাংগৰ প্রশ্ন ।
- তাত ক’বলগীয়া মোৰ নাই ! সকলো লেখকৰ পৰিবেশ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিজস্ব দৃষ্টিভংগী । পিছে অধ্যয়নকহে সকলো আগস্থান দিব লাগে । এবাৰ এজন নতুন লেখক মোৰ ওচৰলৈ আহিছিল; ল’ৰাজন বেছ ভাল কিন্তু তেওঁৰ অধ্যয়ন একেবাৰেই সীমিত ।অতি পৰিতাপৰ কথা যে তেওঁ হেনো আজিলৈকে ‘বনফুল’ কিতাপখনৰ নামেই শুনা নাই । কথাষাৰ সম্পূৰ্ণ নকৰিয়েই তেওঁ হেঁ হেঁ কৈ হাঁহি দিলে ।
এইবাৰ গৌৰাংগই অলপ ব্যক্তিগত প্রশ্ন কৰিলে , ‘ আপোনাৰ এনেকৈ অকলশৰীয়াকৈ থাকিবলৈ অসুবিধা হয় চাগে !
ঈষৎ হাঁহিৰে তেওঁ কৈ উঠিল – অভ্যাস হৈ গ’ল । মোৰ পত্নীৰ পৰলোক প্রাপ্তিৰ দিন হ’ল; তেওঁ নোহোৱাৰ পিছত বহুত অসুবিধা হৈছিল , সকলো যেন ঈশ্বৰৰ হাতত...
মোৰ সম্পকীয় ভাই এজন থাকে অলপ দূৰৈত; সি মাহেকে –পষেকে আহি সা সুবিধা কৰি থৈ যায়। দুই-এজন চুবুৰীয়া মানুহে খা-খবৰ লয় ।নিজৰ ল’ৰা ছোৱালী নাই যেতিয়া আশা কাৰ পৰা কৰিম । বাকী মানুহ আগতেও আমাৰ ঘৰলৈ নাহিছিল । ‘বজা-বাজী’ বুলি আখ্যা দি মানুহ আগতেও মোৰ ঘৰলৈ নাহে ।
তেওঁৰ কথাবোৰে গৌৰাংগৰ বুকুখন টানকৈ বিন্ধিলে । মানুহজনক বাৰ্ধক্য যন্ত্রণাৰ লগতে অৰ্থনৈতিক অৱস্থাও বাৰুকৈ জুৰুলা কৰিছে । তেওঁৰ চকুৰ চিকিৎসাৰ বাৱে টকাৰ অভাৱ ! সাহিত্যিক পেঞ্চনটো দূৰৈৰ কথা অন্য কোন সাহায্যৰ পৰাও তেওঁ বঞ্চিত ।চৰকাৰে সাহিত্য,শিল্পীৰ পেঞ্চনৰ ব্যৱস্থা কৰাৰ স্বত্বেও আজিও বহু শিল্পী,কবি,সাহিত্যিক সেইবোৰ প্রাপ্যৰ পৰা বঞ্চিত ।অৰ্থনৈতিক অৱস্থাই জুৰুলা কৰা তেওঁ দৰে বহুজন মাটিৰ মানুহে আজি অনাহাৰে আছে ! ই বহুক্ষেত্রত আমাৰ সমাজখনৰ বিফল আদৰ্শকেই যেন ব্যক্ত কৰে ।
তেওঁ কৈ উঠিল – এতিয়া চিন্তা এই কিতাপবোৰক লৈহে বুজিছা ! মই মৰিলে মোৰ এই আলমাৰি কেইটাত থকা কিতাপবোৰো যেন মৰিব ! অৱশ্যে ভগৱন্তয়ে এটা উপায় দিছে ; ভাৱি্ছো এইবোৰ দান কৰিম । এখন আগশাৰীৰ কলেজৰ লাইব্রেৰীয়ানৰ লগত যা যোগাৰ কৰিছো মই ।কিন্ত লাইব্রেৰীয়ানজনে মোক কৈছে আজিকালি হেনো কিতাপ মানুহে তেনেকৈ নপঢ়ে । তাতে মোৰ কিতাপবোৰো হেনো কৌটিকলীয়া , এতেকে তেওঁলোকৰ কলেজৰ ছাত্র ছাত্রীয়েও সেইবোৰ নপঢ়িব; কেৱল সজাই হে থোৱা হ’ব !
গৌৰাংগই জীৰ্ণ আলমাৰিটোৰ দিশে দৃষ্টি নিক্ষেপ কৰিলে , প্রায়ে সহস্রাধিক কিতাপ ... পুৰণি সাহিত্য... অসমীয়া, বাংলা, সংস্কৃত, ইংৰাজী । যতীন্দ্রনাথৰ বনফুল, চন্দ্রকুমাৰৰ প্রতিমা , ৰবীন্দ্রনাথৰ গীতাঞ্জলি, Maxmuller , Cohen ,Hermann Hesse আৰু ক’ত যে গ্রন্থ ......
তেওঁ কৈ উঠিল , ‘ আজিকালি পঢ়িব লিখিব নোৱাৰা হ’লো ।মনতেই যেন মই কাহিনী লিখো, মনতেই ৰূপ দিও ! ভাৱৰ যেন কাহানিও অন্ত নহয় । মোৰ বহুকেইখন পাণ্ডুলিপি এতিয়াও অসম্পূৰ্ণ হৈয়ে আছে ; সেই আধা লেখা পাণ্ডুলিপিকেইখন সম্পূৰ্ণ কৰিব পৰা শক্তি এতিয়া মোৰ নাই ।কাৰোবাক দিবলৈও মন নোহোৱা হ’ল – বঁটাৰ লালসাত কোনে কি কৰিব , ক’ব নোৱাৰি ! তাতোতকৈ ডাঙৰ কথা – সেইকেইখন আধ্যাত্মিক ভাৱৰ কিতাপ । তেনেকুৱা কিতাপ আজিকালি মানুহে নপঢ়ে ! তেনেকুৱা গ্রন্থৰ আগ্রহ নাই। এতেকে মই ভাবিছো অসম্পূৰ্ণ পাণ্ডুলিপিকেইখন মই জ্বলাই পেলাম ! নস্ত কৰি পেলাম......
--------
অথৰ্ৱণ গোস্বামী
Comments
Post a Comment