অভীপ্সা - বন্ধন নে মুক্তিৰ কাৰক ! জীৱনাদৰ্শৰ কৱলত মাত্র প্রত্যয় গ’লেই নহয়।সুবহল মেঘৱান আকাশখনলৈ চোৱা; অ’ত কোলাহলক নিস্পৃহে দৰ্শন কৰি ৰৈছে ।মানুহৰো কাহানিবা পাখী গজিব,দিগন্তৰ প্রান্ত বিচাৰি আমিবোৰেও উৰা মাৰিম।মনোজগতখনৰ বিৱৰ্তনক কেনেকৈ নামানিবা! –এনেবোৰ কথাই সি কৈছিল, তাৰ আত্মবিশ্লেষণ বুজাটো মোৰ বাৱে সম্ভৱপৰ নাছিল ।তথাপিও যেন আকৰ্ষণ জন্মিছিল,জীৱনত প্রথমবাৰৰ বাৱে ; তাৰ কবিত্ব বা দাৰ্শনিক সত্ত্বাক লৈ । ছেক্সপেয়াৰেই কৈ গৈছিল যে এই দৰ্শন তৰ্শনবোৰৰ সপোনাতীত ভূ তথা দ্যুলোকত চাবলগীয়া অনেক কিবা কিবি আছে ।
শান্তনুৰ কথা মনত পেলাই ৰেখা ভাবুক হৈ ৰ’ল ।এতিয়া তাৰ মতাদৰ্শ সেই একেই আছে নে পৰিৱৰ্তন হ’ল ,তাক জানিবলৈ তাইৰ মন যায় । সি আছিল দৰ্শনৰ ছাত্র ,তাই সাহিত্যৰ । বন্ধুত্ববোৰ যে কেনেকৈ গঢ়িছিল ।আৰু এজন আছিল যোগেশ, মহাৰাষ্ট্রীয় ল’ৰা । শান্তনুৰ অনীশ্বৰবাদৰ বিপৰীতে সি আছিল অতীন্দ্রিয়বাদী ,মহান সন্ত নামদেৱৰ অনুগামী । যোগেশ আৰু শান্তনুৰ ক’ত মতবিৰোধ ।শোষিতৰ মুক্তিপথৰ শান্তনুৱে হাঁহিছিল তাৰ কথাক । সমাজতত্ত্বৰ আসক্ত শান্তনুৱে শ্রমবাদীৰ মুক্তিৰ দিশত অতিন্দ্রিয়বাদক হেঙাৰ বুলি বিনা দ্বিধায়েই মানিছিল ।যি নহওঁক, যোগেশেও কৈছিল -নামদেৱেও এখনি সুন্দৰ সমাজৰ সপোন দেখিছিল । বৰ্ণবাদৰ বিপক্ষত নামদেৱৰ সামজিক উৎকৰ্ষণ উল্লেখনীয় । জানানে নামদেৱৰ লগত কীৰ্ত্তনামগ্ন হোৱা লোকসকল কোন আছিল – চণ্ডাল,নাপিত,চামৰ,নৰ্তকী, অনেক ।সামাজিক স্তৰত কি ব্যক্তিগত দিশতো নামদেৱে সকলোৰে মুক্তি পথৰ সন্ধান দিছিল ।
- সেই ঈশ্বৰবাদ, ক’ত নিকৃষ্ট (?) বিশ্বাস, প্রেম আদিবোৰ কেৱল বস্তুগত আকৰ্ষণ!
শান্তনুৰ তেনে কথাৰ প্রত্যুত্তৰ সি এনেকৈ দিছিল – আদৰ্শবিৰোধী হ’লেও মতবিৰোধিতা নকৰো মই । নিকৃষ্ট উৎকৃষ্ট কি , য’ত প্রকৃত মুক্তি সি নিজেই মাৰ্গ দেখুওৱাব ।বস্তুগত আদৰ্শ যি কৈছা ,তেন্তে শুনা , মোৰ দৰ্শনতো মানৱীয় স্তৰত প্রেম সম্ভৱপৰ নহয় ।সেয়ে চাগে ভক্তিবাদীসকলেও প্রিয়জন বুলি একমাত্র হৰিকেই প্রেম কৰিছিল ।
সুঠাম,সুশ্রী চেহেৰাৰ শান্তনু পুতৌজনক ঘৰৰ ল’ৰা আছিল; অৰ্থনৈতিক কি সমাজিক দিশতো সিহঁত আছিল এঘৰীয়া ধৰণৰ ।মাক-বাপেকৰ ইণ্টাৰকাষ্ট মেৰেজ।ব্রাহ্মণ্যবাদী পৰিয়ালে তাৰ বাপেকক তাজ্যপুত্র কৰিছিল , তাৰ পৰাই তাৰ মনলৈ আছিল পৰম্পৰাৰ মুক্তিৰ যুক্তি ।আনহাতে,শ্রমজীৱি মাকৰ পৰা জেনেটিকেলি আহিছিল সেই শোষণৰ পৰিচয় ;উচ্চ-নিম্নৰ পাৰ্থক্য । দৰ্শনে তাক দিছিল শ্রমবাদীৰ মুক্তিৰ পণ ।
চৈয়দ আব্দুল মালিকৰ ‘অন্বেষণ’ গল্পটি পঢ়ি ৰেখাৰ মনত এটা প্রশ্ন উদিত হৈছিল – গণিকাৰ মুক্তি সম্ভৱপৰ নে? প্রয়াত মালিকৰ ভাষাৰে ‘তাৰ কাৰণে সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ প্রয়োজন’।ৰেখায়েও সেই একে প্রশ্নকেই তুলিছিল শান্তনু আৰু যোগেশৰ আগত ; শান্তনুৰ মতত শোষণৰ বিৰুদ্ধেই প্রতিৰোধ, কিন্তু বেশ্যা ? ৰত্যায়নি কোনো শ্রমজীৱিও নহয় ! তথাপিও সি কৈছিল – আমি বিচাৰো এখন ক্লাছলেচ সমাজ ; তাৰ ব্যতীত আৰু উত্তৰ নাই ।
কিন্তু, যোগেশ উত্তৰ দিছিল, তাৰ বাক্ কিছুপৰিমাণে উদ্বিগ্ন হৈ পৰিছিল । সি কৈছিল – নিজৰ পৰা নকওঁ,শ্রীভাগৱত পুৰাণ মেলি চোৱা । অৱদূত অৱতাৰৰ আখ্যান ; বিশ্ব-প্রকৃতিৰ ঐকতানত মোক্ষৰ মাৰ্গ দৰ্শক দত্তাত্রেয়ৰ আছিল ২৪জন গুৰু ,তাৰ ভিতৰত আছিল পিংগলা ,এগৰাকী বেশ্যা!
ৰেখা আচম্বিত হৈছিল, স্বয়ং অৱতাৰৰ গুৰু এগৰাকী গণিকা !তাইৰ মনলৈ আহিছিল জাৰ্মান সাহিত্যিক,ন’বেল বিজয়ী হাৰমেন হেসৰ সিদ্ধাৰ্থ উপন্যাসৰ কথা ।সিদ্ধাৰ্থ নামৰ ব্রাহ্মণ পুত্রই শ্রমণ ধাৰাত আকৃষ্ট হৈ কিদৰে প্রৱোধন অৰ্জন কৰিছিল। কাহানিবা নদীৰ গভীৰতা,প্রসাৰতা তথা বহলতাৰ পৰা নিশব্দ প্রবোধন দিয়া সিদ্ধাৰ্থৰ মনক কাম শিকাইছিল এগৰাকী ৰতায়নীয়ে । যৌন গন্ধৰ পৰাই আসক্তি লাভত সৃজন হৈছিল মানস উন্মাদনাৰ!কোনোখিনিত কাম প্রেমলৈও পৰিণত হৈছিল । মুঠৰ ওপৰত ৰেখাই উত্তৰ পাইছিল সকলোৰে মুক্তি আছে, কিন্তু মুক্তিৰ দৰ্শন পাৱলৈ জ্ঞান চক্ষুৰ প্রয়োজন ।কিয়,বিশ্বৰূপ দেখুওৱাৰ পূৰ্ৱে সাক্ষাৎ অৰ্জ্জুনকো ভগৱান কৃষ্ণই দিৱ্যদৃষ্টি প্রদান কৰিছিল ।
আজি সেই পুৰণি কথাবোৰ ৰেখাৰ মানসপটত বাৰুকৈয়ে সজীৱ হৈ উঠিছে ৰেখাৰ । বেশ্যাৰ মুক্তি! কাৰণ,সমাজখনে বু বু বা বা কৰিছে সুশান্ত বৰুৱাকলৈ । মানুহটো কামিনীসক্ত! চহৰৰ আগশাৰীৰ ব্যৱসায়ী বৰুৱা ৰেখাৰ স্বামী; কিন্তু স্বামীৰ স্বাভিমানতকৈ তাই আজি বেশ্যাৰ মুক্তিৰ কিয় চিন্তা কৰিছে ;কোনোৱাখিনিত হয়তো দায় তাইৰো আছে! সুশান্ত মানুহটোক তাইৰ যথৰ অন্তৰখনে বেয়া বুলিবলৈ কাহানিও খোজা নাই । সিহঁতৰ আৰেঞ্জ মেৰেজ !মানুহটোৱে হয়তো হৃদয়ৰ নিভৃত কোণত তাইৰ বাৱে আসন পাতি ৰাখিছে ,কিন্তু তাই পৰা নাই ।সুশান্ত নাস্তিক ,কিন্তু সি সংস্কাৰমুক্ত নহয় । ৰেখাৰ মনত আছে,সিহঁতৰ বিয়াতেই সংস্কাৰৰ নামত কিছুমান বিধান, যাক তাইৰ মুকলিমনে মানিবলৈ টান পাইছিল।তাইৰ দুখীয়া বাপেকে অত ধাৰে ঋণে বিয়া দিছিল! সি কিবা এটা মাত মাতিব বুলি –তাই অৱশ্যে ভাৱি থকা নাছিল ,কিন্তু নিয়ম বুলি অন্তৰ মানিবলৈ অপ্রস্তুত আছিল ,তাই বাধ্য হৈছিল ।বিয়া হৈ গ’ল , সংসাৰ জোৰা লাগিল ; কিন্তু দ্বৈতাত্মা অদ্বৈত্ব নহ’ল! সি হয়তো ইচ্ছা কৰিলে জোৰ কৰি.....। কিয়, মনুস্মৃতিতেই জানো তেনে কথা উল্লেখ নাই ?কিন্তু ,সি তেনে নকৰিলে । তাৰ মনত তাইৰ প্রতি সন্মান আছে,অন্তৰত প্রেম আছে ; সেয়া সি খৰ্ব কৰাৰ প্রয়াস নকৰিলে ।বিয়াৰ পাঁচবৰ্ষৰ অন্ত:তো সতি সন্ততিৰ আশা নেদেখি সমাজে হৈ চৈ আৰম্ভ কৰিলে। ৰেখাৰ কেতিয়াবা এনে লাগে মানুহে তাইৰ কাৰণেই সুশান্তৰ পৌৰুষত্বকলৈ হাস্যৰসৰ সন্ধান কৰিবলৈ ল’লে । সাংসাৰিক উন্মাদনাৰ পৰা বিতাৰিত কিবাপ্রকাৰে সেই সুখ প্রাপ্তিৰ ইচ্ছাত ভোগিনীৰ নিতম্বত আসক্ত হৈ পৰিল ।
ৰেখাই কি কাকো প্রেম কৰাই নাছিল, তেনে নহয় । প্রথমেই উল্লেখ কৰা হৈছিল ,শান্তনুৰ প্রতি তাই আকৰ্ষিত হৈছিল ।কিন্তু,সেয়া পুৰুষ প্রকৃতিৰ মিলনৰ আশা আছিল নে অন্য কিবা ,তাক লৈ তাই প্রোঢ় নাছিল । তাই কিজানিবা তাৰ দাৰ্শনিক সত্ত্বাকহে ভাল পাইছিল । কিন্তু,কিবা এটা নিশ্চয়েই আছিল,তাই তাৰ আগত সকলো খোলা কৈ প্রকাশ কৰিছিল। সি হাঁহিছিল,তাৰ সপোনবোৰ হয়তো ডাঙৰ,এখন আদৰ্শবাদী সমাজৰ সপোনৰ আগত তাৰ ক্ষুদ্র সংসাৰকামী স্বাৰ্থ প্রাধানিক হ’ব নোৱাৰে । তাইৰ পৰিয়ালে তাৰ দ্বি-সাম্প্রদায়িক পৰিয়াল বা তাৰ মুক্তমনৰ সংস্কাৰক গ্রহণ কৰিব পাৰিব ?সি প্রেম বিশ্বাসী নহয়,কিন্তু সি তাইক গ্রহণ কৰিব নে কি -তাত অনেক প্রশ্ন আহিছিল ।তথাপিও সি কৈছিল – বন্ধু হিচাপে তুমি সদায়েই কাম্য !তাৰ প্রত্যাখ্যানক তাই সহজ ভাৱেই ল’লে ।
- কি ভাৱি আছা, সুশান্তৰ পৌৰষ কণ্ঠত তাই প্রকৃতিস্থ হ’ল ।
- নাই, একো নাই ।
- আজি ৰাতি মই দিল্লীলৈ যাম । বিজনেছ ত্রিপ! দুদিনমান থাকিম ।
তাই হুমুনিয়াহ কাঢ়িলে । তাইৰ সংকুশিত হৈ পৰা মনটিয়ে ভাৱিলে –
সুশান্তই হয়তো মোৰ পৰা আঁতৰত থাকিবলৈ..... ।হয়তো মোৰ কাৰণেই এই মানু্হটোৱে মানসিক তথা সামাজিক অস্বস্তিত ভূগিছে ।
ৰেখাৰ কাণত পৰিল ৰে’লৰ উকি ।তাইৰ কোঠাৰ খিৰিকীৰে চালে, নাতিদীৰ্ঘত অৱস্থিত ৰে’ল আলিয়েদি পাৰ হৈ গ’ল মধ্যাহ্নৰ ৰে’লগাড়ী। এই গাড়ীকেইখনৰ উকিয়েই তাইক প্রায়ে ভাব বিহ্বলতাৰ পৰা প্রকৃতিস্থ কৰে ।ট্রেইন বুলি ক’লেই তাই মনত অজানিতেই এক আতংকৰ সৃজন হয়; ইয়াৰো এক আখ্যান আছে ।ৰে’লয়েই চোন যোগেশক নিচিহ্ন কৰিছিল ! কাহিনীটি সিহঁতৰ বিশ্ববিদ্যালয়ৰ অন্তিম পৰ্যায়ত ; শিক্ষা সাং কৰি মহাৰাষ্ট্রলৈ উভতনি যাত্রাই তাক চিৰদিনৰ বাৱেই নাইকীয়া কৰি পেলালে । যোগেশৰ ওপৰত ৰে’লতেই চলিল দুষ্কৃতিকাৰীৰ আক্রমণ ; সকলোৰে ভাল হোৱাটো কামনা কৰা যোগেশক নৰপিশাচ কেইটাই কেইটামান টকাৰ ডকাইতিৰ নামতেই নিমৰ্মভাবে হত্যা কৰিলে ।হয়তো, চলন্ত গাড়ীৰ পৰাই অহিংস যোগেশক হিংসা কৰি পেলাই দিছিল , ৰে’লৰ চকাৰ ঘৰ্ষণত ছিন্ন-বিচিন্ন হৈছিল তাৰ পাৰ্থিৱ দেহাটিৰ ।
পুৰণি বাকচ এটাৰ পৰা চিঠি এখন উলিয়াই ৰেখাই চকুলো টুকিলে ; এই চিঠিখনি তাই যোগেশলৈ লিখিছিল ।বিধিৰ বিপাঙ! তাই কাহানিও নিজৰ অনুভৱক তাৰ হাতত গুজি দিব নোৱাৰিলে ।তাই পঢ়িবলৈ ধৰিলে –
যোগেশ,
তোমালৈ কিয় এনেকৈ চিঠি লিখিলোঁ, ভাবি পোৱা নাই । কিন্তু,তুমি হয়তো মোক বুজিবা।মহাদ্রি তলৰ মুকুতা বিচাৰ্য কৰাৰ উদ্দেশ্য মোৰ নাই , কিন্তু আছে মুক্তিৰ আশা !শান্তনুৱে মোক প্রত্যখ্যান কৰিলে , তাত মোৰ কোনো আঘাত নাই ।হয়তো মই তাৰ প্রতি ভাৱুকেই নাছিলোঁ,মইটো তাৰ সাম্যবাদকহে ভাল পাইছিলোঁ ।কি অদ্ভূত !কীলকযুক্ত এই জীৱনৰ পথ ,তাত চলাচল কৰাটো সাধাৰণ কথা নহয় । তুমি যে এদিন কৈছিলা ,নামদেৱে সকলোৰে বাৱে নিৰ্বিচাৰে মুক্তিৰ মাৰ্গৰ সন্ধান দিছিল ,এতেকে তোমাৰ শ্রীহৰিৰ দৃষ্টিত মই গৃহীত হ’ম নে ?সমাজে কিন্তু, মোক গ্রহণ নকৰিব!তথাপিও যীশু খ্রীষ্টই কোৱা দি – Let Him That Is Without Sin Cast The First Stone! আজি বহু সাহসৰ অন্তত অথচ লজ্জাহীন হৈ তোমালৈ লিখিলোঁ ; শান্তনু কি ,সংসাৰৰ কোনো পুৰুষৰ সৈতে মোৰ প্রণয় সম্ভৱ নহ’ব । বৈজ্ঞানিক দৃষ্টিত মোৰ কোনো দোষ নাই ,কিন্তু সমাজে মোক হাঁহিব, মোৰ পৰিয়ালক বদ-যশস্যা দিব ।শুনা মই তোমাক কওঁ – সমকামী মই । তোমাৰ পৰা মই জানিব বিচাৰিচো হীন হ’লেও(?) মোৰ মুক্তি সম্ভৱপৰ নে ?
চিঠিখন সামৰি ৰেখা নিশব্দ হৈ ৰ’ল ; সৎসাহসে তাই মুক্তি দিলেও সুশান্তৰ পৰিস্থিতি কি হ’ব ? সমাজে তাকো নিন্দা কৰিব ।তাই ক’ত যাব? লোকসন্মান এবিধ শক্তিশালী অস্ত্র,ই যি কাৰোৱাক ৰক্ষা কৰে , তেন্তে আন কাৰোবাক নিৰ্বিঘ্নে নিপাত কৰে । তাই বিহ্ববল হৈ পৰিল, তাইৰ মনলৈ আহিল সুশান্তই কৈ যোৱা – ‘ বিজনেচ ত্রিপ,দুদিনমান নাথাকো ।’ তাইৰ মনলৈ আহিল সমাজৰ হাস্যৰসৰ প্রতিধব্বনি !সেই প্রচণ্ড শব্দ কৰ্ণকুহৰত নপৰিবলৈ তাই দুহাতেৰে কাণদুখন চেপা মাৰি ধৰিলে ।
বিতৎ হৈ অহা ৰেখায়ে খিৰিকীৰে ৰে’ল আলিৰ সন্ধান পালে , হয়তো সন্ধ্যাৰ গাড়ীখন ক্ষণন্তেকতে পাৰ হৈ যাব । সেই প্রচণ্ড ৰে’লৰ তলত যদি তাই অন্তৰ্ধান হয় ,তেন্তে সুশান্ত কি আন কাকো তাইৰ বাৱে সমাজে হাঁহিব নোৱাৰিব ।কোনো কালত ৰে’ল আলিত পৰি ৰোৱা যোগেশৰ পৱিত্র তেজে অবিচিন্ন ট্রেকেৰে তাইৰ তেজৰ লগত মিহলি হৈ তাইক উদ্ধাৰ কৰিব,তাইক মুক্তি দিব । তাই চিৎকাৰ কৰিলে – মুক্তি আছে ! মুক্তি আছে !
Picture courtesy :Finding peace in toxic times,Thrive Global
-----------------

Mojah bhai keep it up.. moi maje maje phi thaku
ReplyDelete