- বেলেগ কথা নাজানো , কিন্তু তোমাৰ মনত অহংকাৰ বেছি!
- সেয়া মই স্বীকাৰ কৰিছো । মোৰ অহংকাৰ নথকা নহয় , কিন্তু অহংকাৰ কিয়? সেয়া জানো তুমি সুধিছা ?
- বাদ দিয়া ! তোমাৰ মহাভাৰতখন আকৌ মেলি নল’বা ।
এইবাৰ মুখত ঈষৎ হাঁহি গুজি প্রাঞ্জলে ৰবীন্দ্রনাথৰ পদ্য গাই উঠিল ,
“ সকল অহংকাৰ হে আমাৰ
ডুবাও চোখেৰ জলে ।
নিজেৰে কৰিতে গৌৰৱ দান
নিজৰে কেবলি কৰি অপমান, ..... ”
এনে কাব্যিক গুণৰ বাৱেই তো প্রাঞ্জলৰ প্রতি তাইৰ দুৰ্ৱলতা ; সিটো সদায় ধনাত্মক হৈ তাইকো যেন কাব্য –সাহিত্যৰ প্রতিটো ছন্দত সমাহিত কৰি পেলায় ।পদ্যৰ ছন্দায়িত স্বৰত খন্তেক হেৰাই পৰা দীপালিয়ে পুণৰ প্রকৃতিস্থ হৈ সেমেনা সেমেনি কৰি কৈ উঠিল , ‘ এইটো চাকৰিৰ বাৱে আবেদন কৰিলা নেকি ?’
কঁপালৰ সিৰা কেইডাল থুপ খোৱাই সি ইতিকিঙ কৰিলে , ‘ সেইটো চাকৰি পালে তো ভালেই – অৱস্থা ভাললৈ আহিব ! দিন – ৰাত উৎকোচ খাই পেটটো শকত কৰিম !’
- তুমি প্রকৃততে কি কাম কৰিব খোজা – মই হ’লে তৎ ধৰিব নোৱাৰো ! কোম্পানী চাকৰি নালাগে ! সিটো বেয়া ! ইটো লেথা ! পঢ়া শুনা কৰি কি লাভ হৈছে ?
- এৰা নিৰক্ষৰ হোৱায়েই ভাল । তোমালোকৰ এই ডাঙৰ –ডাঙৰ ডিগ্রীবোৰৰ লক্ষ্য কি ? কেনেকৈ টকা পাওঁ! কেনেকৈ প্রৱঞ্চনা কৰো ?
- তেনেকৈ নক’বা ! শিক্ষা নহ’লে সেই কৌটিকলীয়া অন্ধবিশ্বাসবোৰ দূৰ হ’ব ক’ত ?
- শিক্ষাৰ বিৰোধিতা মই নকৰো । কিন্তু সমাজত কত উচ্চ ডিগ্রীধাৰী ! কত বুদ্ধিজীৱি ! কিন্তু ক’তা ? মানুহৰ মনোভাৱ কিমান উচ্চ? পঢ়া –শুনা কৰা মখাই জানো মনৰ মলিনতাক দূৰ কৰিছে ! তোমাৰ এই ডিগ্রীবোৰেই একমাত্র জেউতি নহয় ; মনত ৰাখিবা ৰবীন্দ্রনাথ দৰে মনিষীৰ তোমালোকৰ নিচিনা ডিগ্রী নাছিল কিন্তু আছিল এটা সংস্কৃত মন ! শ্রীনিৱাস ৰামানুজনকেই চোৱা – তেওঁৰো সিমান শিক্ষা দীক্ষা নাছিল – তৎস্বতেও তেতিয়াৰ যুগত তেওঁ কৰা গাণিতিক সুত্রবোৰ আজি আগশাৰীৰ বৈজ্ঞানিক গৱেষণাত ব্যৱহৃত হয় !
দীপালিৰ প্রত্যুত্তৰ দিবলৈ শব্দ নাই ; তাক জানো কথাত কোনোৱাই পাৰে ?তাৰ কথা বিলাক লেখতলগীয়া – কিন্তু তেনেকুৱা কথা আজিৰ দিনত খাপ নাখায় ।পঢ়া-শুনাত সি বেচ ভাল আছিল তথাপিও...... তাইৰ যেন পদে পদে ভয় খাই আজিকালি ।এফালে ঘৰত বাপেকে বিয়াৰ বাৱে জোৰ দিছে আনহাতে প্রাঞ্জলৰ অখণ্ডিত অহংকাৰ । চাকৰি বাকৰি নোহোৱা তাক কি তেওঁ কন্যাদান কৰিব ? শকুন্তলা-দ্যুস্মন্তৰ আধৰুৱা কাহিনীৰ দৰে সিহঁতৰ হয়তো......
‘ নাই , নাই , তেনেকুৱা নহয় !’ – তাই যেন চিঞৰি উঠে ।
.......
জনস্রোতহীন গহীন ৰাত্রি দীপালিৰ স্মৃতিৰ মণিকূটত যেন সজীৱ হৈ উঠিছে – প্রাঞ্জলৰ লগত কটোৱা প্রতিটো মূৰ্হুতৰ স্মৃতি !- ‘ তাক প্রথম দেখিছিলো – সেই নৱাগত আদৰণি সভাত বক্তৃতা দি থকা অৱস্থাত ! কি সুন্দৰ ভাষ্য! সাহিত্যত ন’বেল বঁটাপ্রাপ্ত Hermann Hesse ৰ কালজয়ী উপন্যাস ‘সিদ্ধাৰ্থ’ৰ ওপৰত দিয়া সেই মধুৰ বক্তৃতাই হয়তো দহক যেন প্রেৰণা দিছিল । সিদ্ধাৰ্থ নামৰ ব্রাহ্মণ পুত্রৰ আধ্যাত্মিক জীৱন যাত্রাক লেখকে যিদৰে বৰ্ণনা দিছে , সেই তত্ত্বই হয়তো তাৰ মনত খুদুৱণি তুলিছিল । সি উপন্যাসখনৰ পাতৰ পৰা পঢ়িছিল ,
“ Slowly blossomed , slowly ripened in Siddhartha the realisation , the knowledge , what wisdom actually was, what the goal of his long search was. It was nothing but a readiness of the soul , an ability, a secret art to think every moment , while living his life, the thought of oneness , to be able to feel and inhale the oneness.” ( Siddhartha , Hermann Hesse, ch 11, page no. 173,)
এতিয়া সেই প্রাঞ্জল কি হৈ পৰিল ? তাৰ তো ডিগ্রীয়ে সম্পূৰ্ণ নহ’ল ! তেন্তে তাৰ দম্ভ ক’ত ? কিয় ইমান অহংকাৰ !
তাই উচুপি উঠিল ; উষ্ম লোতক সামৰি তাই নিজকেই কৈ উঠিল – সেয়া হয়তো এটা সৎ মনৰ অহংকাৰ !সদায় সত্য অন্মেষণত থকা প্রাঞ্জলৰ চিৰদিনে ধৰি ৰখা কিছুমান সিদ্ধান্তৰ বিকৃত চিঞৰ ; সেই শব্দৰ কম্পনাংকই হয়তো তাক সদায়ে অন্ধকাৰৰ নতশিৰ হোৱাত বাধা দিয়ে । হয়তো তাৰ দ্রুতবেগী মনে সদায় ভূলোক-দ্যুলোক নেওঁচি আধ্যাত্মিক লৌকিক সাগৰত নিমজ্জিত হৈ থাকে; সেই গতিবেগক বুজিবলৈ হয়তো সকলো সমৰ্থ নহয় ।
............
কৰ্ণ কুহৰত জিলীৰ জি-জি শব্দ পৰি সেই গভীৰ ৰাত্রিৰ শেষ প্রহৰক আৰু অশান্ত কৰি তুলিছে ।বিচনাত লাং খাই পৰা প্রাঞ্জলৰ চকুত নিদ্রা নাই ; আছে মাঁথো নিস্বৰতাৰ পৰা নিস্বত:তালৈ পৰিণত হোৱা ব্যাকুলতা । সততাৰ যেন আজি কোনো মূল্যয়েই নাই ।সি চিঞৰি উঠিলে ,
‘ঈশ্বৰে কিয় মোৰ মনক পৃথকে সৃজন কৰিলে ?’
আজিকালি যেন ঘৰৰ মানুহেও তাৰ সমৰ্থন নকৰে ; অৱশ্যে তেওঁলোকৰ দোষ নাই । অকামিলা পুতেকৰ স্খলিত আত্মসন্মানৰ প্রতি সিমান গুৰুত্ব কোনে দিব। তাৰ দোষ কোনখিনিত থাকি গ’ল – সেয়া আজি পৰ্যন্ত যেন এক ৰহস্য হৈ ৰ’ল !
বিচনাত ইকাতি সিকাতি কৰি সি লৰা মাৰিলে তাৰ ছাত্র জীৱনলৈ ; সি অভিযান্ত্রিক শিক্ষা গ্রহণ কৰোতে – হয়তো শেষ ষান্মাসিক মানত : তাৰ স্ব বুদ্ধিত কৰা ন – আৱিস্কাৰ , সেই অসাধাৰণ প্রতিভা আৰু তাৰ কৰ্মকৌশলতাৰ সুফল ; কিন্তু কলেজৰ পৰিযোজন পৰিদৰ্শকে তাৰ সেই বুদ্ধি নকল কৰি নিজৰ নামত উচ্চ সন্মান অধিকাৰ কৰিলে ; কিন্তু প্রাঞ্জলৰ স্বীকৃতি ? সি আইনৰ বিচাৰ লোৱাৰ ভাবুকি দিলে কিন্তু তাৰ কোনো প্রমাণ নাই , কি ভিত্তিত সি কেচ দিব ? সেইজন শিক্ষকৰ হেনো ছাত্রীৰ লগত যৌন উৎপীড়নৰো আৰোপ আছিল , কিন্তু টকাৰ খাতিৰত .......
মেধাৱী প্রাঞ্জলৰ স্নাতক ডিগ্রীক সম্পূৰ্ণ হ’বলৈ নিদিলে তেওঁলোকে । সেইকাৰণেইতো সি চিৰদিনে কৈ আহে , ‘ শিক্ষা আৰু জ্ঞানৰ মাজত সম্পৰ্ক চুম্বকৰ দুইশলাৰ বিকৰ্ষণৰ নিচিনা !’
তেনেকুৱা ঘটনা সমাজত হেজাৰটা ; সিহঁতৰ অঞ্চলৰে কথা – হাজৰিকা ডাঙৰীয়া , অঞ্চলটিৰ সন্মানীয় নাম ! চৰকাৰী কৰ্তব্যত শত শত গাফিলতি কৰা হাজৰিকাৰ কাণ্ড-কাৰখানাই এবাৰ প্রতিখন দৈনিক কাকতৰ শিৰোনামা দখল কৰিছিল – জে’ল যোৱাৰ সম্ভাৱনাও হেনো আহিছিল । কিন্তু আজি সেইজন হাজৰিকা সমাজৰ আদৰ্শৱান ব্যক্তি, সভা সমিতিত আথে বেথে তেওঁক নবহুৱালে ৰাইজৰ ৰোষ জন্মে । সেই হাজৰিকাই হেনো এতিয়া কিবা কোম্পানী খুলিছে ; প্রাঞ্জলৰ মাকে সেয়ে কৈছে , ‘ হাজৰিকাক এৱাৰ লগ ধৰ ; তেওঁ নিশ্চয়েই তোৰ সংস্থাপনৰো ব্যৱস্থা কৰিব ।’ নিমাত হৈ সি কেৱল তেওঁৰ মুখলৈ চাই ৰ’ল ; তেওঁ পুণৰ কৈছিল , “ এইবোৰ সততা বা নৈতিকতাৰো এটা সীমা থাকে ! সেই সীমা চেৰাই গ’লে তোৰ নিজৰেই অনিষ্ট হ’ব ! এৱাৰ ভাৱি চা , দেউতাৰা ৰিটায়াৰ হোৱাৰ পিছৰে পৰা ঘৰখনৰো অৱস্থা বেয়া ; সিফালে তোৰ ভনীয়েৰৰো বিয়াৰ যোগাৰ কৰাৰ সময় হৈছে । এতেকে তই কলিৰ যুধিষ্ঠিৰ নহৈ হাজৰিকাৰ ওচৰলৈ যা ; তেওঁহে তোক উদ্ধাৰ কৰিব ! তোৰ অহংকাৰেহে তোৰ পতন কৰিছে !”
সেই গভীৰ ৰাত্রিৰ শেষ প্রহৰত যেন প্রাঞ্জলৰ মনে চিৎকাৰ কৰি উঠিলে ; সি নিজেই হয়তো নিজৰ দোষী ! সত্যতা তথা জ্ঞান প্রাপ্তিৰ লক্ষ্যবোৰ হয়তো তাৰ শত্রুহে ; নিষ্কাৰ্ম বিদ্যাৰ কণ্টকবোৰে হয়তো আজি জয় লাভ কৰিছে ! সি ভাবিলে , “ কাইলৈ হাজৰিকাৰ ওচৰলৈ যাম !মোৰ অহংকাৰবোৰক মই নিমিষতেই নিপাত কৰিম !”
আলোড়নত শুকাই অহা তাৰ মুখখনে যেন নিষ্কাম হৈ সহায়ৰ বাৱে ঈশ্বৰক কাকূতি কৰিলে ; সি প্রাৰ্থনা কৰিলে ,
“মহা বলৱন্ত দুৰ্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ ন যায় ৰাম ৰাম ।।”
---- -- ---
(নেহু অসম ছাত্র সন্থা ,শ্বিলঙৰ বসন্ত আলোচনীত প্রকাশিত ,২০১৮ )
Comments
Post a Comment