Skip to main content

অহংকাৰ


- বেলেগ কথা নাজানো , কিন্তু তোমাৰ মনত অহংকাৰ বেছি!

- সেয়া মই স্বীকাৰ কৰিছো । মোৰ অহংকাৰ নথকা নহয় , কিন্তু অহংকাৰ কিয়? সেয়া জানো তুমি সুধিছা ?

- বাদ দিয়া ! তোমাৰ মহাভাৰতখন আকৌ মেলি নল’বা ।

  

 এইবাৰ মুখত ঈষৎ হাঁহি গুজি প্রাঞ্জলে ৰবীন্দ্রনাথৰ পদ্য গাই উঠিল ,

        

         “ সকল অহংকাৰ হে আমাৰ

           ডুবাও চোখেৰ জলে ।

           নিজেৰে কৰিতে গৌৰৱ দান

            নিজৰে কেবলি কৰি অপমান, ..... ” 


এনে কাব্যিক গুণৰ বাৱেই তো প্রাঞ্জলৰ প্রতি তাইৰ দুৰ্ৱলতা ; সিটো সদায় ধনাত্মক হৈ তাইকো যেন কাব্য –সাহিত্যৰ প্রতিটো ছন্দত সমাহিত কৰি পেলায় ।পদ্যৰ ছন্দায়িত স্বৰত খন্তেক হেৰাই পৰা দীপালিয়ে পুণৰ প্রকৃতিস্থ হৈ সেমেনা সেমেনি কৰি কৈ উঠিল , ‘ এইটো চাকৰিৰ বাৱে আবেদন কৰিলা নেকি ?’

  কঁপালৰ সিৰা কেইডাল থুপ খোৱাই সি ইতিকিঙ কৰিলে , ‘ সেইটো চাকৰি পালে তো ভালেই – অৱস্থা ভাললৈ আহিব ! দিন – ৰাত উৎকোচ খাই পেটটো শকত কৰিম !’


- তুমি প্রকৃততে কি কাম কৰিব খোজা – মই হ’লে তৎ ধৰিব নোৱাৰো ! কোম্পানী চাকৰি নালাগে ! সিটো বেয়া ! ইটো লেথা ! পঢ়া শুনা কৰি কি লাভ হৈছে ?


- এৰা নিৰক্ষৰ হোৱায়েই ভাল । তোমালোকৰ এই ডাঙৰ –ডাঙৰ ডিগ্রীবোৰৰ লক্ষ্য কি ? কেনেকৈ টকা পাওঁ! কেনেকৈ প্রৱঞ্চনা কৰো ?


- তেনেকৈ নক’বা ! শিক্ষা নহ’লে সেই কৌটিকলীয়া অন্ধবিশ্বাসবোৰ দূৰ হ’ব ক’ত ?


- শিক্ষাৰ বিৰোধিতা মই নকৰো । কিন্তু সমাজত কত উচ্চ ডিগ্রীধাৰী ! কত বুদ্ধিজীৱি ! কিন্তু ক’তা ? মানুহৰ মনোভাৱ কিমান উচ্চ? পঢ়া –শুনা কৰা মখাই জানো মনৰ মলিনতাক দূৰ কৰিছে ! তোমাৰ এই ডিগ্রীবোৰেই একমাত্র জেউতি নহয় ; মনত ৰাখিবা ৰবীন্দ্রনাথ দৰে মনিষীৰ তোমালোকৰ নিচিনা ডিগ্রী নাছিল কিন্তু আছিল এটা সংস্কৃত মন ! শ্রীনিৱাস ৰামানুজনকেই চোৱা – তেওঁৰো সিমান শিক্ষা দীক্ষা নাছিল – তৎস্বতেও তেতিয়াৰ যুগত তেওঁ কৰা গাণিতিক সুত্রবোৰ আজি আগশাৰীৰ বৈজ্ঞানিক গৱেষণাত ব্যৱহৃত হয় !

        দীপালিৰ প্রত্যুত্তৰ দিবলৈ শব্দ নাই ; তাক জানো কথাত কোনোৱাই পাৰে ?তাৰ কথা বিলাক লেখতলগীয়া – কিন্তু তেনেকুৱা কথা আজিৰ দিনত খাপ নাখায় ।পঢ়া-শুনাত সি বেচ ভাল আছিল তথাপিও...... তাইৰ যেন পদে পদে ভয় খাই আজিকালি ।এফালে ঘৰত বাপেকে বিয়াৰ বাৱে জোৰ দিছে আনহাতে প্রাঞ্জলৰ অখণ্ডিত অহংকাৰ । চাকৰি বাকৰি নোহোৱা তাক কি তেওঁ কন্যাদান কৰিব ? শকুন্তলা-দ্যুস্মন্তৰ আধৰুৱা কাহিনীৰ দৰে সিহঁতৰ হয়তো...... 

        ‘ নাই , নাই , তেনেকুৱা নহয় !’  – তাই যেন চিঞৰি উঠে ।

                             .......

       

জনস্রোতহীন গহীন ৰাত্রি দীপালিৰ স্মৃতিৰ মণিকূটত যেন সজীৱ হৈ উঠিছে – প্রাঞ্জলৰ লগত কটোৱা প্রতিটো মূৰ্হুতৰ স্মৃতি !-  ‘ তাক প্রথম দেখিছিলো – সেই নৱাগত আদৰণি সভাত বক্তৃতা দি থকা অৱস্থাত ! কি সুন্দৰ ভাষ্য! সাহিত্যত ন’বেল বঁটাপ্রাপ্ত  Hermann Hesse ৰ কালজয়ী উপন্যাস ‘সিদ্ধাৰ্থ’ৰ ওপৰত দিয়া সেই মধুৰ বক্তৃতাই হয়তো দহক যেন প্রেৰণা দিছিল । সিদ্ধাৰ্থ নামৰ ব্রাহ্মণ পুত্রৰ আধ্যাত্মিক জীৱন যাত্রাক লেখকে যিদৰে বৰ্ণনা দিছে , সেই তত্ত্বই হয়তো তাৰ মনত খুদুৱণি তুলিছিল । সি উপন্যাসখনৰ পাতৰ পৰা পঢ়িছিল ,

 

“ Slowly blossomed , slowly ripened in Siddhartha the realisation , the knowledge , what wisdom actually was, what the goal of his long search was. It was nothing but a readiness of the soul , an ability, a secret art to think every moment , while living his life, the thought of oneness , to be able to feel and inhale the oneness.”   ( Siddhartha , Hermann Hesse, ch 11, page no. 173,)

 

     এতিয়া সেই প্রাঞ্জল কি হৈ পৰিল ? তাৰ তো ডিগ্রীয়ে সম্পূৰ্ণ নহ’ল ! তেন্তে তাৰ দম্ভ ক’ত ? কিয় ইমান অহংকাৰ ! 

  

   তাই উচুপি উঠিল ; উষ্ম লোতক সামৰি তাই নিজকেই কৈ উঠিল – সেয়া হয়তো এটা সৎ মনৰ অহংকাৰ !সদায় সত্য অন্মেষণত থকা প্রাঞ্জলৰ চিৰদিনে ধৰি ৰখা কিছুমান সিদ্ধান্তৰ বিকৃত চিঞৰ ; সেই শব্দৰ কম্পনাংকই হয়তো তাক সদায়ে অন্ধকাৰৰ নতশিৰ হোৱাত বাধা দিয়ে । হয়তো তাৰ দ্রুতবেগী মনে সদায় ভূলোক-দ্যুলোক নেওঁচি আধ্যাত্মিক লৌকিক সাগৰত নিমজ্জিত হৈ থাকে; সেই গতিবেগক বুজিবলৈ হয়তো সকলো সমৰ্থ নহয় । 

                       ............


কৰ্ণ কুহৰত জিলীৰ জি-জি শব্দ পৰি সেই গভীৰ ৰাত্রিৰ শেষ প্রহৰক আৰু অশান্ত কৰি তুলিছে ।বিচনাত লাং খাই পৰা প্রাঞ্জলৰ চকুত নিদ্রা নাই ; আছে মাঁথো নিস্বৰতাৰ পৰা নিস্বত:তালৈ পৰিণত হোৱা ব্যাকুলতা । সততাৰ যেন আজি কোনো মূল্যয়েই নাই ।সি চিঞৰি উঠিলে , 

    ‘ঈশ্বৰে কিয় মোৰ মনক  পৃথকে সৃজন কৰিলে ?’

আজিকালি যেন ঘৰৰ মানুহেও তাৰ সমৰ্থন নকৰে ; অৱশ্যে তেওঁলোকৰ দোষ নাই । অকামিলা পুতেকৰ স্খলিত আত্মসন্মানৰ প্রতি সিমান গুৰুত্ব কোনে দিব। তাৰ দোষ কোনখিনিত থাকি গ’ল – সেয়া আজি পৰ্যন্ত যেন এক ৰহস্য হৈ ৰ’ল  !

বিচনাত ইকাতি সিকাতি কৰি সি লৰা মাৰিলে তাৰ ছাত্র জীৱনলৈ ; সি অভিযান্ত্রিক শিক্ষা গ্রহণ কৰোতে – হয়তো শেষ ষান্মাসিক মানত : তাৰ স্ব বুদ্ধিত কৰা ন – আৱিস্কাৰ , সেই অসাধাৰণ প্রতিভা আৰু তাৰ কৰ্মকৌশলতাৰ সুফল ; কিন্তু কলেজৰ পৰিযোজন পৰিদৰ্শকে তাৰ সেই বুদ্ধি নকল কৰি নিজৰ নামত উচ্চ সন্মান অধিকাৰ কৰিলে ; কিন্তু  প্রাঞ্জলৰ স্বীকৃতি ? সি আইনৰ বিচাৰ লোৱাৰ ভাবুকি দিলে কিন্তু তাৰ কোনো প্রমাণ নাই , কি ভিত্তিত সি কেচ দিব ? সেইজন শিক্ষকৰ হেনো ছাত্রীৰ লগত যৌন উৎপীড়নৰো আৰোপ আছিল , কিন্তু টকাৰ খাতিৰত ....... 

মেধাৱী প্রাঞ্জলৰ স্নাতক ডিগ্রীক সম্পূৰ্ণ হ’বলৈ নিদিলে তেওঁলোকে । সেইকাৰণেইতো সি চিৰদিনে কৈ আহে , ‘ শিক্ষা আৰু জ্ঞানৰ মাজত সম্পৰ্ক চুম্বকৰ দুইশলাৰ বিকৰ্ষণৰ নিচিনা !’

 

  তেনেকুৱা ঘটনা সমাজত হেজাৰটা ; সিহঁতৰ অঞ্চলৰে কথা – হাজৰিকা ডাঙৰীয়া , অঞ্চলটিৰ সন্মানীয় নাম !  চৰকাৰী কৰ্তব্যত শত শত গাফিলতি কৰা হাজৰিকাৰ কাণ্ড-কাৰখানাই এবাৰ প্রতিখন দৈনিক কাকতৰ শিৰোনামা দখল কৰিছিল – জে’ল যোৱাৰ সম্ভাৱনাও হেনো আহিছিল । কিন্তু আজি সেইজন হাজৰিকা সমাজৰ আদৰ্শৱান ব্যক্তি, সভা সমিতিত আথে বেথে তেওঁক নবহুৱালে ৰাইজৰ ৰোষ জন্মে । সেই হাজৰিকাই হেনো এতিয়া কিবা কোম্পানী খুলিছে ; প্রাঞ্জলৰ মাকে সেয়ে কৈছে , ‘ হাজৰিকাক এৱাৰ লগ ধৰ ; তেওঁ নিশ্চয়েই তোৰ সংস্থাপনৰো ব্যৱস্থা কৰিব ।’  নিমাত হৈ সি কেৱল তেওঁৰ মুখলৈ চাই ৰ’ল ; তেওঁ পুণৰ কৈছিল , “ এইবোৰ সততা বা নৈতিকতাৰো এটা সীমা থাকে ! সেই সীমা চেৰাই গ’লে তোৰ নিজৰেই অনিষ্ট হ’ব ! এৱাৰ ভাৱি চা , দেউতাৰা ৰিটায়াৰ হোৱাৰ পিছৰে পৰা ঘৰখনৰো অৱস্থা বেয়া ; সিফালে তোৰ ভনীয়েৰৰো বিয়াৰ যোগাৰ কৰাৰ সময় হৈছে । এতেকে তই কলিৰ যুধিষ্ঠিৰ নহৈ হাজৰিকাৰ ওচৰলৈ যা ; তেওঁহে তোক উদ্ধাৰ কৰিব ! তোৰ অহংকাৰেহে তোৰ পতন কৰিছে !”


    সেই গভীৰ ৰাত্রিৰ শেষ প্রহৰত যেন প্রাঞ্জলৰ মনে চিৎকাৰ কৰি উঠিলে ; সি নিজেই হয়তো নিজৰ দোষী ! সত্যতা তথা জ্ঞান প্রাপ্তিৰ লক্ষ্যবোৰ হয়তো তাৰ শত্রুহে ; নিষ্কাৰ্ম বিদ্যাৰ কণ্টকবোৰে হয়তো আজি জয় লাভ কৰিছে ! সি ভাবিলে , “ কাইলৈ হাজৰিকাৰ ওচৰলৈ যাম !মোৰ অহংকাৰবোৰক মই নিমিষতেই নিপাত কৰিম !”

আলোড়নত শুকাই অহা তাৰ মুখখনে যেন নিষ্কাম হৈ সহায়ৰ বাৱে ঈশ্বৰক কাকূতি কৰিলে ; সি প্রাৰ্থনা কৰিলে , 

      “মহা বলৱন্ত দুৰ্বাসনা ঘোৰ হৰি এ

      আমাৰ মনক তেজিয়া দূৰ ন যায় ৰাম ৰাম ।।”


     ----  --  ---

(নেহু অসম ছাত্র সন্থা ,শ্বিলঙৰ বসন্ত আলোচনীত প্রকাশিত ,২০১৮   )                                                                                                                              





Comments

Popular posts from this blog

মুক্তি

    অ ভীপ্সা - বন্ধন নে মুক্তিৰ কাৰক ! জীৱনাদৰ্শৰ কৱলত মাত্র প্রত্যয় গ’লেই নহয়।সুবহল মেঘৱান আকাশখনলৈ চোৱা; অ’ত কোলাহলক নিস্পৃহে দৰ্শন কৰি ৰৈছে ।মানুহৰো কাহানিবা পাখী গজিব,দিগন্তৰ প্রান্ত বিচাৰি আমিবোৰেও উৰা মাৰিম।মনোজগতখনৰ বিৱৰ্তনক কেনেকৈ নামানিবা! –এনেবোৰ কথাই সি কৈছিল, তাৰ আত্মবিশ্লেষণ বুজাটো মোৰ বাৱে সম্ভৱপৰ নাছিল ।তথাপিও যেন আকৰ্ষণ জন্মিছিল,জীৱনত প্রথমবাৰৰ বাৱে ; তাৰ কবিত্ব বা দাৰ্শনিক সত্ত্বাক লৈ । ছেক্সপেয়াৰেই কৈ গৈছিল যে এই দৰ্শন তৰ্শনবোৰৰ সপোনাতীত ভূ তথা দ্যুলোকত চাবলগীয়া অনেক কিবা কিবি আছে ।   শান্তনুৰ কথা মনত পেলাই ৰেখা ভাবুক হৈ ৰ’ল ।এতিয়া তাৰ মতাদৰ্শ সেই একেই আছে নে পৰিৱৰ্তন হ’ল ,তাক জানিবলৈ তাইৰ মন যায় । সি আছিল দৰ্শনৰ ছাত্র ,তাই সাহিত্যৰ । বন্ধুত্ববোৰ যে কেনেকৈ গঢ়িছিল ।আৰু এজন আছিল যোগেশ, মহাৰাষ্ট্রীয় ল’ৰা । শান্তনুৰ অনীশ্বৰবাদৰ বিপৰীতে সি আছিল অতীন্দ্রিয়বাদী ,মহান সন্ত নামদেৱৰ অনুগামী । যোগেশ আৰু শান্তনুৰ ক’ত মতবিৰোধ ।শোষিতৰ মুক্তিপথৰ শান্তনুৱে হাঁহিছিল তাৰ কথাক । সমাজতত্ত্বৰ আসক্ত শান্তনুৱে শ্রমবাদীৰ মুক্তিৰ দিশত অতিন্দ্রিয়বাদক হেঙাৰ বুলি বিনা দ্বিধায়েই ম...

ষট্ঋতুৰ বিৰহ

                                      (০৩/০২/২০১৯ ত দেওবৰীয়া খবৰত প্রকাশিত)                                                                                                                 (১)   ললিত নৱাংগ লবংগ,লতাদিয়ে পৰিবেষ্টিত কৰা কুঞ্জ কুটীৰবোৰক মলয় সমীৰে সৰস বসন্তৰ উন্মাদ মনোৰথৰ বাৰ্তা দিলে ।বিৰহৰ দাৱানল ! মিলনৰ প্রতিশ্রুতিয়ে হৃদয়ত এনেকৈ থিতাপি ল’লে যে , প্রত্যুষৰ পৰা সন্ধ্যা পৰ্যন্ত নিৰূপায় সকলোবোৰ জীৰ্ণ অন্তৰ । প্রকৃতিৰ লগত আজি এই ঐক্যতান ; বসন্তৰ সুললিত গন্ধই মোহিত কৰা বজ্রবধূৰ ভৌত্ববাদীত্ব কাহানিবাই খৰ্ব হৈছিল , লগতেই নিপাত হৈছিল অহং-ভাৱ ।কিন্তু , সেই মুৰুলীৰ মদনকো মোহিত কৰা সুমধুৰ স্বৰে উৰে নিশাটো উজ...