Skip to main content

Posts

অহংকাৰ

- বেলেগ কথা নাজানো , কিন্তু তোমাৰ মনত অহংকাৰ বেছি! - সেয়া মই স্বীকাৰ কৰিছো । মোৰ অহংকাৰ নথকা নহয় , কিন্তু অহংকাৰ কিয়? সেয়া জানো তুমি সুধিছা ? - বাদ দিয়া ! তোমাৰ মহাভাৰতখন আকৌ মেলি নল’বা ।     এইবাৰ মুখত ঈষৎ হাঁহি গুজি প্রাঞ্জলে ৰবীন্দ্রনাথৰ পদ্য গাই উঠিল ,                   “ সকল অহংকাৰ হে আমাৰ            ডুবাও চোখেৰ জলে ।            নিজেৰে কৰিতে গৌৰৱ দান             নিজৰে কেবলি কৰি অপমান, ..... ”  এনে কাব্যিক গুণৰ বাৱেই তো প্রাঞ্জলৰ প্রতি তাইৰ দুৰ্ৱলতা ; সিটো সদায় ধনাত্মক হৈ তাইকো যেন কাব্য –সাহিত্যৰ প্রতিটো ছন্দত সমাহিত কৰি পেলায় ।পদ্যৰ ছন্দায়িত স্বৰত খন্তেক হেৰাই পৰা দীপালিয়ে পুণৰ প্রকৃতিস্থ হৈ সেমেনা সেমেনি কৰি কৈ উঠিল , ‘ এইটো চাকৰিৰ বাৱে আবেদন কৰিলা নেকি ?’   কঁপালৰ সিৰা কেইডাল থুপ খোৱাই সি ইতিকিঙ কৰিলে , ‘ সেইটো চাকৰি পালে তো ভালেই – অৱস্থা ভাললৈ আহিব ! দিন – ৰাত উৎকোচ খাই পেটটো শকত কৰিম !’ - তুমি প্রকৃততে কি ...
Recent posts

ষদুন্মুক্ত

                     ( যোৰহাটৰ পৰা প্রকাশিত মাহেকীয়া পত্রিকা 'খোজ' ত প্রকাশিত,মাৰ্চ ২০১৮) অসীমক চেৰাই তাইৰ মন উৰা মাৰিলে ; স্পৰ্ধিত বাসনাই তেজ মঙহক উত্তাল কৰি তাইক টানি লৈ গৈছে ! তাইৰ সেই বেগক মাপ কৰাতো অসম্ভৱ কথা । পোহৰৰ গতিবেগো কিজানিবা সেই প্রবল বেগৰ আগত লজ্জিত হৈ পৰিছে।নিৰ্জান ৰাত্রিৰ বাঢ়ি অহা তিমিৰ গ্রাসত তাইৰ নিৰ্জন হৃদয়ৰ আৱেগ- অনুভূতিবোৰো হয়তো অন্তৰ্ধান হৈ পৰিল । সংসাৰ ত্যাগ কৰি আহিছে তাই....                        কাহিনীটোৰ অৱতৰণিকা শাৰী শাৰী চাহগছৰ মাজত খেলা ধুলা কৰি ডাঙৰ হোৱা লখমীৰ  (লচমি) বিয়াৰ পিছত আজি প্রথম টুছু পূজা । কি উত্তেজনা! সমবেত মহিলাজাকে তাইক যেন জোঁকাই টট্ এৰা নাই ; গিৰীয়েকৰ প্রেমৰ মাপ জুখি মহিলা জাকে তাইক লৈ গীত জুৰিছে । কোনোজনীয়ে হাঁহিৰ মাজে মাজে আকাৰ-ইংগিতৰে তাইক নানা কথাৰ ভেদ বুজাইছে ! কোনোজনীয়ে তাইৰ স্বামীৰ শৰীৰক লৈ ইতিকিঙৰ সুৰত ৰাগ টানিছে , আনজনীয়ে আকৌ পতি পত্নীৰ মিলনক লৈ ব্যংগাত্মক কৌতুক কৈছে.... মুঠৰ ওপৰত মহিলাগণে যেন পূজাভাগ এৰি তাইৰ সং...

গাৰ্হমেধ

     একো অসামঞ্জস্যা ঘটনা হোৱা নাই , এনেকৈ আজিৰ দিনত আৱেগবোৰ ধৰি ৰাখিলে ,মানুহৰ আগবাঢ়ি যোৱা পথবোৰ কুসুমাকীৰ্ণ নহৈ কণ্টকাকীৰ্ণহে হৈ পৰে !  -পুতেকৰ কথাত হাজৰিকা ভাবুক হৈ ৰ’ল।সঁচাকৈয়ে- অতীত হ’লে স্মৃতিয়ে মানুহক কিবা কিবি অনেক দিয়ে ।সেয়া অৱশ্যে,হাজৰিকায়ে তেনেকৈ নাভাৱে,তেওঁ ভাৱে এয়া যুগৰহে পৰিৱৰ্তন ।সন্ধ্যা লাগি আহিছে; হাতে ভৰিয়ে পানী ঢালি হাজৰিকায়ে সাউতকৈ থাপনাৰ আগত বন্তি লগাই সেৱা কৰি মাধৱকন্দলীৰ ৰামায়ণৰ এভাগি পদ গালে –                কেৱলে পালয় মাত্র ইন্দ্রিয় কলিত।               কৰিলেক আপোনাক আপুনি বঞ্চিত ।। নাই মন নবহিল ;পুতেক বাহিৰলৈ যোৱাত বাৰাণ্ডাৰ আৰামি চকীখনত বঢ়িলে ! বাৰাণ্ডাৰ লাইটোক সহ্য কৰিব নোৱাৰি প্রথমে চকুযোৰি জপাই ,তাৰ পিছত চুইছ টো অফ কৰি কথাবোৰ ভাবিবলৈ ল’লে । এই বুঢ়াটো আজি কিবা মায়াত আৱদ্ধ হলো অ’ – নিজকে নিজে কৈ আকৌ দ’কৈ ভাবিলে- এৰা, মই ধৰি নাথাকো। হাজৰিকাৰ চুবুৰীৰ শেহৰটো ঘৰ চাঙকাকতীৰ ! সেইমানুহজনক দেখিলেই কিবা এটা গাম্ভীযৰ্তা ভৌতিক হোৱা যেন লাগে ; বগা মানুহজনে বগা ধুতি পিন্ধি ঘৰৰ ...

ষট্ঋতুৰ বিৰহ

                                      (০৩/০২/২০১৯ ত দেওবৰীয়া খবৰত প্রকাশিত)                                                                                                                 (১)   ললিত নৱাংগ লবংগ,লতাদিয়ে পৰিবেষ্টিত কৰা কুঞ্জ কুটীৰবোৰক মলয় সমীৰে সৰস বসন্তৰ উন্মাদ মনোৰথৰ বাৰ্তা দিলে ।বিৰহৰ দাৱানল ! মিলনৰ প্রতিশ্রুতিয়ে হৃদয়ত এনেকৈ থিতাপি ল’লে যে , প্রত্যুষৰ পৰা সন্ধ্যা পৰ্যন্ত নিৰূপায় সকলোবোৰ জীৰ্ণ অন্তৰ । প্রকৃতিৰ লগত আজি এই ঐক্যতান ; বসন্তৰ সুললিত গন্ধই মোহিত কৰা বজ্রবধূৰ ভৌত্ববাদীত্ব কাহানিবাই খৰ্ব হৈছিল , লগতেই নিপাত হৈছিল অহং-ভাৱ ।কিন্তু , সেই মুৰুলীৰ মদনকো মোহিত কৰা সুমধুৰ স্বৰে উৰে নিশাটো উজ...

মুক্তি

    অ ভীপ্সা - বন্ধন নে মুক্তিৰ কাৰক ! জীৱনাদৰ্শৰ কৱলত মাত্র প্রত্যয় গ’লেই নহয়।সুবহল মেঘৱান আকাশখনলৈ চোৱা; অ’ত কোলাহলক নিস্পৃহে দৰ্শন কৰি ৰৈছে ।মানুহৰো কাহানিবা পাখী গজিব,দিগন্তৰ প্রান্ত বিচাৰি আমিবোৰেও উৰা মাৰিম।মনোজগতখনৰ বিৱৰ্তনক কেনেকৈ নামানিবা! –এনেবোৰ কথাই সি কৈছিল, তাৰ আত্মবিশ্লেষণ বুজাটো মোৰ বাৱে সম্ভৱপৰ নাছিল ।তথাপিও যেন আকৰ্ষণ জন্মিছিল,জীৱনত প্রথমবাৰৰ বাৱে ; তাৰ কবিত্ব বা দাৰ্শনিক সত্ত্বাক লৈ । ছেক্সপেয়াৰেই কৈ গৈছিল যে এই দৰ্শন তৰ্শনবোৰৰ সপোনাতীত ভূ তথা দ্যুলোকত চাবলগীয়া অনেক কিবা কিবি আছে ।   শান্তনুৰ কথা মনত পেলাই ৰেখা ভাবুক হৈ ৰ’ল ।এতিয়া তাৰ মতাদৰ্শ সেই একেই আছে নে পৰিৱৰ্তন হ’ল ,তাক জানিবলৈ তাইৰ মন যায় । সি আছিল দৰ্শনৰ ছাত্র ,তাই সাহিত্যৰ । বন্ধুত্ববোৰ যে কেনেকৈ গঢ়িছিল ।আৰু এজন আছিল যোগেশ, মহাৰাষ্ট্রীয় ল’ৰা । শান্তনুৰ অনীশ্বৰবাদৰ বিপৰীতে সি আছিল অতীন্দ্রিয়বাদী ,মহান সন্ত নামদেৱৰ অনুগামী । যোগেশ আৰু শান্তনুৰ ক’ত মতবিৰোধ ।শোষিতৰ মুক্তিপথৰ শান্তনুৱে হাঁহিছিল তাৰ কথাক । সমাজতত্ত্বৰ আসক্ত শান্তনুৱে শ্রমবাদীৰ মুক্তিৰ দিশত অতিন্দ্রিয়বাদক হেঙাৰ বুলি বিনা দ্বিধায়েই ম...

দৃশ্যপট

মনুষ্যত্বনাশী অভিযান ! আজিৰ দিনত মানুহৰ মনৰ ভয়ংকৰ লালসা , তাতকৈ ডাঙৰ ব্যাধি যেন একো নাই ! অৱশ্যে ,মানুহৰ এনেকুৱা ভয়ংকৰ সমস্যা আগতেও আছিল তথা ভৱিষ্যতেও থাকিব ।   দুয়ো হাত নমস্কাৰ মুদ্রাৰে বুকুৰ ওচৰলৈ আনি তেওঁ ঈশ্বৰৰ নাম চিন্তিলে ,                     ‘ৰাম কৃষ্ণ  হৰি নাৰায়ণ ....’   নাই, মনটি স্থিৰ হ’ব পৰা নাই ।চৌপাশৰ প্রকৃতিও ক্রমশ জয়াল হৈ পৰিছে । এফালে অধোমুখী সূৰুযৰ নোহোৱা যেন হোৱাৰ পৰিস্থিতি ; আনহাতে , নামি অহা ৰাত্রিৰ লগত গহন গভীৰ দিগন্তৰ অভিসাৰ ! চিৎকাৰ কৰি উঠিলে ডাৱৰবোৰে ! ‘ গুৰুম .... ’ বিজুলীৰ প্রচণ্ড শব্দত মানুহজনী উচপ্ খাই উঠিল । সন্ধ্যা লাগি আহিছে;চৰাই –চিৰিকতিবোৰে বৰ বিচিত্র নাদ কৰি ঘৰমুৱা হৈছে, ভয়ংকৰ বৰষুণ আহিব ।বাৰণ্ডাৰ চকীখনতেই বঢ়ি তেওঁ বোৱাৰীয়েক অহালৈ বাট চাই আছে ।তেওঁৰ বোৱাৰীয়েকৰ নাম নীলিমা । কি সুন্দৰ চেহেৰা !তাই যেন নিজৰ জীয়াৰীহে । পুতেকে তাইক পলুৱাই আনিছিল , সেই সময়ত তেওঁ তাত বিৰোধিতা কৰিছিল । তাইক সহ্য কৰিব বিচৰা নাছিল   ।আজিও মনত আছে ,প্রথম দিনাই তেওঁ চিঞৰিছিল   ‘নহ’ব; মই মানি নলও...

বোজা

                      “শূন্য বিদায় করব না তো উহাকে                        মরণ যেদিন আসবে আমার দুয়ারে।” (গীতাঞ্জলি) কবিগুৰুৰ কবিতাৰ শাৰীকেইটাই যেন তেওঁক এতিয়া সাহস দিয়ে; হয়তো আৰু বেছি দিন জীয়াই নাথাকিব তেওঁ। যিসময়ত তেওঁক স্বপুত্র-পুত্রীৰ প্রয়োজন, সেই সময়তেই সিহঁতে নিজৰ প্ৰয়োজনত বিদেশত সুস্থিৰ হ’ল। তথাপিও তেওঁৰ কোনো আক্ষেপ নাই, কাৰণ ৰিটায়াৰমেণ্টৰ পৰা প্রায় পঁচিশ বছৰতো তেওঁ অকলেই কটালে; সহধর্মিণীয়েও দহ বছৰৰ আগতেই এই জগতৰ পৰা মেলানি মেলিলে; গতিকে সম্পূর্ণ এটা দশক অকলেই কটোৱা মানুহজনৰ বাবে এইটো সহজ কথা। কিন্ত আজিকালি তেওঁ ভয় কৰে, কাৰণ চলা-ফুৰা কৰিবলৈ অসুবিধা, চকুও দুৰ্বল হৈ পৰিল। মৰণৰ বাবে নহয়, ঘৰৰ নির্জন দেৱালকেইখনৰ প্রতিধব্বনিয়েহে তেওঁক কন্দুৱাই পেলায়। গৌৰীশংকৰ শর্মাৰ আজি চাৰি কুৰি পাঁচটা বছৰ বয়স সম্পূর্ণ হ’ল। ৰাতিপুৱা বেলাতেই আমেৰিকা যুক্তৰাষ্টৰ পৰা পুতেকে ফোন কৰিছিল জন্মদিনৰ শুভ কামনা জনাবলৈ। তেওঁ কৰিবনো কি? দুৰ্বল কর্ণদ্বয় সুপুত্রৰ মাতটোতে তৃপ্ত হ’ল। আজিৰ দিনততো শ্রৱণ...