- বেলেগ কথা নাজানো , কিন্তু তোমাৰ মনত অহংকাৰ বেছি! - সেয়া মই স্বীকাৰ কৰিছো । মোৰ অহংকাৰ নথকা নহয় , কিন্তু অহংকাৰ কিয়? সেয়া জানো তুমি সুধিছা ? - বাদ দিয়া ! তোমাৰ মহাভাৰতখন আকৌ মেলি নল’বা । এইবাৰ মুখত ঈষৎ হাঁহি গুজি প্রাঞ্জলে ৰবীন্দ্রনাথৰ পদ্য গাই উঠিল , “ সকল অহংকাৰ হে আমাৰ ডুবাও চোখেৰ জলে । নিজেৰে কৰিতে গৌৰৱ দান নিজৰে কেবলি কৰি অপমান, ..... ” এনে কাব্যিক গুণৰ বাৱেই তো প্রাঞ্জলৰ প্রতি তাইৰ দুৰ্ৱলতা ; সিটো সদায় ধনাত্মক হৈ তাইকো যেন কাব্য –সাহিত্যৰ প্রতিটো ছন্দত সমাহিত কৰি পেলায় ।পদ্যৰ ছন্দায়িত স্বৰত খন্তেক হেৰাই পৰা দীপালিয়ে পুণৰ প্রকৃতিস্থ হৈ সেমেনা সেমেনি কৰি কৈ উঠিল , ‘ এইটো চাকৰিৰ বাৱে আবেদন কৰিলা নেকি ?’ কঁপালৰ সিৰা কেইডাল থুপ খোৱাই সি ইতিকিঙ কৰিলে , ‘ সেইটো চাকৰি পালে তো ভালেই – অৱস্থা ভাললৈ আহিব ! দিন – ৰাত উৎকোচ খাই পেটটো শকত কৰিম !’ - তুমি প্রকৃততে কি ...
( যোৰহাটৰ পৰা প্রকাশিত মাহেকীয়া পত্রিকা 'খোজ' ত প্রকাশিত,মাৰ্চ ২০১৮) অসীমক চেৰাই তাইৰ মন উৰা মাৰিলে ; স্পৰ্ধিত বাসনাই তেজ মঙহক উত্তাল কৰি তাইক টানি লৈ গৈছে ! তাইৰ সেই বেগক মাপ কৰাতো অসম্ভৱ কথা । পোহৰৰ গতিবেগো কিজানিবা সেই প্রবল বেগৰ আগত লজ্জিত হৈ পৰিছে।নিৰ্জান ৰাত্রিৰ বাঢ়ি অহা তিমিৰ গ্রাসত তাইৰ নিৰ্জন হৃদয়ৰ আৱেগ- অনুভূতিবোৰো হয়তো অন্তৰ্ধান হৈ পৰিল । সংসাৰ ত্যাগ কৰি আহিছে তাই.... কাহিনীটোৰ অৱতৰণিকা শাৰী শাৰী চাহগছৰ মাজত খেলা ধুলা কৰি ডাঙৰ হোৱা লখমীৰ (লচমি) বিয়াৰ পিছত আজি প্রথম টুছু পূজা । কি উত্তেজনা! সমবেত মহিলাজাকে তাইক যেন জোঁকাই টট্ এৰা নাই ; গিৰীয়েকৰ প্রেমৰ মাপ জুখি মহিলা জাকে তাইক লৈ গীত জুৰিছে । কোনোজনীয়ে হাঁহিৰ মাজে মাজে আকাৰ-ইংগিতৰে তাইক নানা কথাৰ ভেদ বুজাইছে ! কোনোজনীয়ে তাইৰ স্বামীৰ শৰীৰক লৈ ইতিকিঙৰ সুৰত ৰাগ টানিছে , আনজনীয়ে আকৌ পতি পত্নীৰ মিলনক লৈ ব্যংগাত্মক কৌতুক কৈছে.... মুঠৰ ওপৰত মহিলাগণে যেন পূজাভাগ এৰি তাইৰ সং...