একো অসামঞ্জস্যা ঘটনা হোৱা নাই , এনেকৈ আজিৰ দিনত আৱেগবোৰ ধৰি ৰাখিলে ,মানুহৰ আগবাঢ়ি যোৱা পথবোৰ কুসুমাকীৰ্ণ নহৈ কণ্টকাকীৰ্ণহে হৈ পৰে !
-পুতেকৰ কথাত হাজৰিকা ভাবুক হৈ ৰ’ল।সঁচাকৈয়ে- অতীত হ’লে স্মৃতিয়ে মানুহক কিবা কিবি অনেক দিয়ে ।সেয়া অৱশ্যে,হাজৰিকায়ে তেনেকৈ নাভাৱে,তেওঁ ভাৱে এয়া যুগৰহে পৰিৱৰ্তন ।সন্ধ্যা লাগি আহিছে; হাতে ভৰিয়ে পানী ঢালি হাজৰিকায়ে সাউতকৈ থাপনাৰ আগত বন্তি লগাই সেৱা কৰি মাধৱকন্দলীৰ ৰামায়ণৰ এভাগি পদ গালে –
কেৱলে পালয় মাত্র ইন্দ্রিয় কলিত।
কৰিলেক আপোনাক আপুনি বঞ্চিত ।।
নাই মন নবহিল ;পুতেক বাহিৰলৈ যোৱাত বাৰাণ্ডাৰ আৰামি চকীখনত বঢ়িলে ! বাৰাণ্ডাৰ লাইটোক সহ্য কৰিব নোৱাৰি প্রথমে চকুযোৰি জপাই ,তাৰ পিছত চুইছ টো অফ কৰি কথাবোৰ ভাবিবলৈ ল’লে । এই বুঢ়াটো আজি কিবা মায়াত আৱদ্ধ হলো অ’ – নিজকে নিজে কৈ আকৌ দ’কৈ ভাবিলে- এৰা, মই ধৰি নাথাকো।
হাজৰিকাৰ চুবুৰীৰ শেহৰটো ঘৰ চাঙকাকতীৰ ! সেইমানুহজনক দেখিলেই কিবা এটা গাম্ভীযৰ্তা ভৌতিক হোৱা যেন লাগে ; বগা মানুহজনে বগা ধুতি পিন্ধি ঘৰৰ আগফালে বঢ়ি থাকিলেই ঘৰটো কিবা এক পুৰাতন ক্ষেত্র যেন লাগে – পুৰাতন মানে আকৌ চাঙকাকতীৰ দৰে গুৰু গভীৰ মুখমণ্ডলৰ আঁৰত থকা ইতিহাস ,ৰাজনীতি আদি সকলো কথাৰ ভাণ্ডাৰ । কি নাজানিছিল তেওঁ ,আমেৰিকান ব্লেক হিষ্টাৰি,ৰুচ বিপ্লৱ ,নৰনাৰায়ণৰ অভিযান,বৰৰজা অম্বিকাৰ কিমাদ্ভূত ধৰ্মীয় দমন !অলপ অধ্যয়নশীল মানুহ ঘৰলৈ আহিলে চাংকাকতিৰ আৰম্ভ হৈ যায় – দেশৰ কথা ,সমাজৰ কথা ।হাজৰীকাৰ লগত তেওঁৰ সম্পৰ্ক ভাল ; মানুহটোক আপোন যেন লাগে;কিন্তু এটা কথাই ভাল লাগিছিল হাজৰীকাৰ । ইমান গাভীৰ্যতা থকা চাঙকাকতীয়ে নিজৰ মাটি-বাৰীক লৈ বুকুত যথেষ্ট টানভাৱ ৰাখিছিল : পণ্ডিতক যে মোহে শোভা নাপায়-এই কথা সকলোৱে জানে !মাটি সম্পত্তিক লৈ নিজৰ ভায়েকৰ লগতে আছিল কাকতীৰ কন্দল ।কৰ্ট কাছাৰীলৈ গ’ল ; মাটি ভাগ ভাগ হ’ল ,ভায়েকে পিছত ইয়াৰ পৰা উঠি আন স্থানলৈ গ’ল ,মাটিখিনি বেচিলে ।বালী সুগ্রীৱৰ নিচিনায়ে হ’ল অৱস্থা , পিছে এইবাৰ ককায়েক বালিয়েহে বোলে কিবা জোৰ কৰি অধিক মাটি ল’লে !ভায়েকে আৰু পুণৰ ককায়েকৰ মুখ নাচালে ।
চাঙকাকতীৰ দুটা পুতেকে ,এজনী জী । মানুহটোৰ যেনে দ্বৈত-ভাৱ আছিল,ঘৈণীয়েক আকৌ মনে কথায়ে আছিল অদ্বৈত। সহজ সৰল মানুহজনীৰ লগতো তেওঁ খুট-খাট কৰি থাকে মাজে মধ্যে ।বুঢ়ীয়ে আনৰ ঘৰত চাহ পানী খালে হ’লেই ! বুঢ়ায়ে ৰাৱণে মন্দোদৰীক কৰা ব্যৱহাৰৰ নিচিনা বৰ্ত্তাপ কৰিব !মাটিৰ পিছত যদি কিহবাৰ প্রতি তেওঁৰ ৰাগ আছিল – তেন্তে সেয়া আছিল ঘৈণীয়েকক লৈ থকা প্রভুত্বতাৰ মনোভাৱ । সৰু পুতেকলৈ মানুহজনীৰ আছিল যথেষ্ট মৰম ,পেট মচা সন্তান !সি পিচে পঢ়া-লেখাত বৰ বেয়া আছিল , কলেজৰ দেওঁনা পাৰ নহ’ল । মাটিৰ দালালী আৰম্ভ কৰি পিছলৈ জালিয়াতিও কৰিবলৈ ধৰিলে,এবাৰ জেললৈও গ’ল ! চাঙকাকতীয়ে বাৰুকৈয়ে লাজ পালে ,হাজৰীকাক নিজৰ দুখ প্রকাশ কৰি কৈছিল – ‘হয়তো দোষ মোৰেই ,ভাল সংস্কাৰ দিয়াৰ পৰিৱৰ্তে মই মোৰ নিচিনা আসক্তিহে ল’ৰা ছোৱালীক দিলোঁ ।বিয়াৰ পিছত জীয়ৰীয়েও পিঠি দিলেই ।বুঢ়ীৰ কথাও কোনোদিনা অন্তৰত নাৰাখিলো,ৰাখিছিলোঁ কেৱল তেওঁক লৈ এক অধিকাৰীৰ ভাৱনা !’ তেওঁ চকুলো টুকিছিল ,সেইসময়ত অৱশ্যে,চাঙকাকতীৰ শ্রীমতীৰো ইহকালৰ লীলা সমাপ্ত হৈছিল ,মানুহটো বৰ অকলশৰীয়া হৈ পৰিছিল ।
- কি কৰিছে ,টোপনি গ’ল নেকি
পুতেকৰ কথাত হাজৰীকা প্রকৃতিস্থ হ’ল । ইতিমধ্যে,পুতেকে লাইটো জ্বলাই দিলে , সি সুধিল- তোমাৰ পেকিং হ’ল ।
- হৈছে, মোৰনো কি আছে ইমান ।
হাজৰীকায়ে কাইলৈ দিল্লীলৈ যাব,পুতেকৰ ঘৰলৈ। হয়তো ,আৰু ইয়ালৈ তেওঁ উভতি নাহিব । পুতেকৰ ঘৰ গাড়ী দিল্লীতেই হৈছে ।এতিয়া ,আগনিশা এই কাৰণতেই মানুহটোৰ মনটো অস্থিৰ হৈছে ।এতিয়া ,হাজৰীকাৰ বয়সৰ মানুহ এই চুৱুৰীটোতে নাই , প্রথমে চাঙকাকতীৰ পত্নী,তাৰ পিছত চাঙকাকতী আৰূ তৃতীয়তে ,হাজৰীকাৰ পত্নী – আটাইৰে পৰলোক প্রাপ্তিৰ পিছত এতিয়া হাজৰিকাহে বাকী আছে !
- ‘ এৰা ,নিজকে কিবা চাঙকাকতীৰ দৰে লাগিছে অ’’
- কিয় দেউতা,তেওঁৰ দৰে মাটি সম্পত্তিলৈ মোহ হৈছে নেকি ?
- ঠিকেই ধৰিছা,সকলোৰে মাজতে যেন এজন চাঙকাকতীয় আছে ।
পুতেকে হাজৰীকাৰ হাতত ধৰি বাহিৰলৈ আনিলে ,দূৰত চাঙকাকতীৰ ঘৰলৈ আঙুলিয়াই ক’লে- ইয়াতে ঘৰ নাছিল জানো !
হাজৰীকা জিকাৰ খাই উঠিল , চাঙকাকতীৰ মায়াৰ ঘৰখন আজি নাই ।দুমাহ আগতে,সৰু পুতেকে মাটি বাৰী বেচিল ;এইস্থানত ফ্লেট হ’ব ! বিল্ডাৰে সকলো ভাঙিলে- ঘৰ,ফুলনি,গোসাইঘৰ ।ডাঙৰ ডাঙৰ আম-জামৰ গছবোৰো কাটিলে । সকলো ধূলিসাৎ হ’ল ! এনেকুৱা একে অৱস্থা হাজৰীকাহঁতৰ ঘৰখনৰো হ’ব নেকি ?
..................
হাজৰীকাৰ আগৰাত্রিৰ টোপনিয়ে নাহিল । নতুন ঘৰ,তাতে দিল্লীৰ দৰে স্থানত মাজৰাতি কি, ৰাতিপুৱালৈকে গাড়ী মটৰৰ শব্দ । হয়তো এক বাজিছে – মানু্হজনে শুৱলৈ যথেষ্ট চেষ্টা কৰিছে ; তেওঁৰ ঘৰখন এৰি অহাৰ বেদনা কোনেনো বুজিব !আজি তেওঁৰ পত্নী থকা হ’লে কিজানি দুয়ো সেই ঘৰতেই থাকিলহতেন !পিছে কোনেনো কাক ধৰি ৰাখিব ।তেওঁ নিজে জীয়াই থকালৈকে হয়তো ঘৰটো পুতেকে নেবেচে ,কিন্তু বাপেক মৰাৰ পিছত কোনেনো ভাবিব ? সেয়া তেওঁৰ ঘৰ,কষ্টৰ উপাৰ্জনৰে সজা ! তাতে পুতেকৰ জন্ম ,লালন পালন সকলো হৈছে : এতিয়াও যেন সেইঘৰটোতে তেওঁৰ ঘৈণীয়েকজনী স্মৃতি হৈ জীয়াই আছে ।
..................
হাজৰীকায়ে সমাজহীন নতুন সমাজখনৰ লগত অলপ চলপমিহলি হৈ পৰিল ; মাতিবলৈ মানুহ নাই , দেশ-দহৰ ইতিহাস আলোচিবলৈও ইয়াত চাঙকাকতী নাই ।চাঙকাকতীৰ ঘৈণীয়েকৰ দৰে আনৰ ঘৰত চাহ খাই ভাল পোৱা মানুহো নাই ; সকলো যন্ত্র ,দিন-ৰাতি ব্যস্ত ! বাৰ্ষিকী কেইটামান দিনৰ বাৱে বিদেশ ফুৰিবলৈ যোৱাতহে ব্যস্ততাৰ অন্ত পৰে।বাকী , হাজৰীকাৰ লগত কথা পাতি ইতিহাস চৰ্চা কৰাৰ দৰে আওপুৰণি মনোভাৱ ইয়াত খাপ নাখায় ।
- দেউতা কোন আহিছে চোৱা ।
পুতেকৰ চিঞৰ শুনি হাজৰীকাই কোঠাৰ পৰা ওলাই আহিলে ;দূৰৰ পৰা নিজৰ বোৱাৰীয়েকে আলহীক কৈ থকা শুনিলে – দেউতায়ে যে আপোনাক দেখি বৰ ভাল পাব । আজি এবছৰে হ’ল দিল্লীলৈ অহা ,আপোনালোকৰ কথা আমাক প্রায়ে কৈ থাকে ।
আলহী মানে চাঙকাকতীৰ সৰুটো পুতেক ,দিল্লীলৈ ফুৰিবলৈ আহিছে ।
- তুমি, ভালে আছা নে :
হাজৰীকায়ে সঁচাকৈয়ে বৰ সুখ অনুভৱ কৰিলে তাক দেখি ; হেজাৰ হ’লেও ল’ৰাটোক সৰুৰ পৰা ডাঙৰ হোৱা দেখিছে !
- খুড়া, দিল্লী কেনেকুৱা লাগিছে?আমি ঠিকেই আছো ; আপোনাক চাম বুলিয়েই মই ঠিকনা বিচাৰি ওলালোহি ।
- অ’ বোপা ,বৰ ভাল পালোঁ ।
তাৰ লগত ভাতকেইটা একেলগে খা্য়ে আজি আনন্দিত হ’ল হাজৰীকা । ভাগ্যে আজি ৰবিবাৰ ; পুতেক-বোৱাৰীয়েকো ঘৰতেই আছে । ভাত খাই উঠি কথাৰ মাজতে সি ক’লে – খুড়া ,এইবাৰ ঘৰলৈ গ’ল আপুনি চিনিয়েই নাপাব চাগে । আমাৰ জেগাটোত এতিয়া ডাঙৰ ফ্লেট ।বেজবৰুৱা বৰদেউতাহঁতৰ ঘৰটোও তিনিমহলা হ’ল ,বৰদেউতা ঢ়ুকুৱাৰ পিছত তেওঁলোকৰ পুৰণা ঘৰটোও ৰিণ্ভেট কৰি ভাড়াত দিছে । সি ম’বাইলত হাজৰীকাহঁতক নতুনকৈ বহা ঘৰৰবোৰৰ ফটো দেখুওৱালে ; বোৱাৰীয়ে কৈ উঠিল – বাহ্ ! বৰ ধুনীয়া দেখিছে দেই ।
- অ’, বৌ , আপোনালোক আকৌ অসম যোৱালৈ চাগে ,আৰু অনেক বিল্ডিং হ’বগৈ !এইবাৰ বিহুত পাৰিলে যাব আকৌ
- অ’ ,আমিও ভাৱিয়ে আছো, এপিলত যাম । অন্তত : এসপ্তাহ ছুটি ল’মেই মই ! এওঁকো কৈ আছোঁ ।
..............
হাজৰীকায়ে আজিকালি কথাবোৰ ধৰি নাথাকে ; কি ধৰিব তেওঁ , নিজৰ আৱেগ বোলা কথাবোৰ কিবা অচিন দেশলৈ মেঘহৈ উৰা মাৰক,তাৰ কামনা তেওঁৰ । কিন্তু ,এই মেঘে পুণৰ গৰ্জ্জন কৰি বৰ্ষা হয় তেওঁৰ মস্তিকত । এপিলত ঘৰলৈ যাবলৈ ইচ্ছা তেওঁৰ নাই , ঘৰ এৰি চাঙকাকতীৰ দৰে হ’বলৈ বিচৰা হাজৰীয়া আজিকালি ঘৰ বিমুখ হৈছে । তাৰ কাৰণ আছে ; হাজৰীকাৰ শংকাবোৰ ফলিত হৈছে । আজি এমাহ আগতে ,চাঙকাকতীৰ সৰু পুতেকেনো দিল্লীলৈ আহি কিয় তেওঁক লগ ধৰিলে? সি চোন ডেকা হোৱাৰ পিছৰ পৰায়ে গুৰু গোসাই নমনা হৈছিল ,কাৰণ সি আহিছিল –হাজৰীকাৰৰ পুতেক বোৱাৰীয়েক মতাৰ বাৱে ! নিজৰ ঘৰ বাৰী বেছি সি,চুবুৰীৰ বেজবৰুৱাহঁতৰো মাটি বেছি কমিচন ল’লে । হাজৰীকাৰ পুতেক বোৱাৰীয়েও নিজৰ পুৰণি ঘৰখন বেচিব খুজিছে ! অনেক ভাবিলে সিহঁতে,কনিষ্ঠ চাঙকাকতীৰ লগতো আলোচনা কৰিলে । হাজৰীকাক পুতেক বোৱৰীয়েকে ভাল পায় ,সন্মান কৰে ;এতেকে মাটি নেবেচে সিহঁতে; তাত সিহঁতে লিজত দিব মাটিখিনি – উচিত মূল্য ,ফ্লেট হ’ব –মাকৰ নামত !লাভালাভ নহ’লে এনে মাটিবোৰ কিয় পেলায় ৰাখিব । বোৱাৰীয়েক কৈছিল – দেউতা ,মাটি আমাৰেই ,তাত কেৱল কমাৰচিয়েল কম্পেক্স হ’ব । পুতেকেও ক’লে – দেউতা , তোমাৰ চিন্তা কৰিবলৈ একো নাই ! সকলো ঠিকে থাকিব ,তুমি এতিয়া নিজৰ স্বাস্থ্যৰ বিশষে ধ্যান দিয়া ,আমি আছোঁ !
হাজৰীকা জানো কোনোদিনে চাঙকাকতীৰ দৰে মাটি বাৰীক লৈ মায়াসক্ত আছিল ! তেওঁৰ তেনেকুৱা চিন্তা কোনোদিনে নাছিল, বিদ্যান চাঙকাকতীৰো এইটোৱে দোষ তেওঁ দেখিছিল –অত্যাধিক মাটিৰ অনুৰাগ । হাজৰীকায়ে ভয় খাইছিল , চাঙকাকতীৰ দৰে তেওঁৰ ঘৰটোও মাটিত মিলিব নেকি ? মাটি নহয় ,তাৰ স্মৃতিহে মূল কথা আছিল ! সেই কম উপাৰ্জনৰ ধনেৰে সজা ঘৰখন কেনেকৈ তেওঁৰ মানসপটত আছে –সেয়া কোনে বুজিব ! যুগৰ পৰিৱৰ্তন ,চকু দুটা মুদি তেওঁ ঘোষা আওৰাবলৈ চেষ্টা কৰিলে । কিন্তু ক’তা,আজিচোন কোনো পদেই মনলৈ অহা নাই !
....................

Comments
Post a Comment