Skip to main content

Posts

Showing posts from March, 2018

বোজা

                      “শূন্য বিদায় করব না তো উহাকে                        মরণ যেদিন আসবে আমার দুয়ারে।” (গীতাঞ্জলি) কবিগুৰুৰ কবিতাৰ শাৰীকেইটাই যেন তেওঁক এতিয়া সাহস দিয়ে; হয়তো আৰু বেছি দিন জীয়াই নাথাকিব তেওঁ। যিসময়ত তেওঁক স্বপুত্র-পুত্রীৰ প্রয়োজন, সেই সময়তেই সিহঁতে নিজৰ প্ৰয়োজনত বিদেশত সুস্থিৰ হ’ল। তথাপিও তেওঁৰ কোনো আক্ষেপ নাই, কাৰণ ৰিটায়াৰমেণ্টৰ পৰা প্রায় পঁচিশ বছৰতো তেওঁ অকলেই কটালে; সহধর্মিণীয়েও দহ বছৰৰ আগতেই এই জগতৰ পৰা মেলানি মেলিলে; গতিকে সম্পূর্ণ এটা দশক অকলেই কটোৱা মানুহজনৰ বাবে এইটো সহজ কথা। কিন্ত আজিকালি তেওঁ ভয় কৰে, কাৰণ চলা-ফুৰা কৰিবলৈ অসুবিধা, চকুও দুৰ্বল হৈ পৰিল। মৰণৰ বাবে নহয়, ঘৰৰ নির্জন দেৱালকেইখনৰ প্রতিধব্বনিয়েহে তেওঁক কন্দুৱাই পেলায়। গৌৰীশংকৰ শর্মাৰ আজি চাৰি কুৰি পাঁচটা বছৰ বয়স সম্পূর্ণ হ’ল। ৰাতিপুৱা বেলাতেই আমেৰিকা যুক্তৰাষ্টৰ পৰা পুতেকে ফোন কৰিছিল জন্মদিনৰ শুভ কামনা জনাবলৈ। তেওঁ কৰিবনো কি? দুৰ্বল কর্ণদ্বয় সুপুত্রৰ মাতটোতে তৃপ্ত হ’ল। আজিৰ দিনততো শ্রৱণ...

স্বীকাৰোক্তি

                                                           (৩০/৪/১৭ ত দেওবৰীয়া খবৰত প্রকাশিত)   “দ্যুলোক নে ভূলোক ? অম্ভোদৰ উৎসক লৈ আজিকোপতি মই নিৰ্বিবাদৰ সম্ভেদ পাৱলৈ সক্ষম হোৱা নাই ।” বহুদিনৰ মূৰত কবিতা লিখিবলৈ বঢ়িও সি মনোযোগ দিব পৰা নাই।এহাতে ছিগাৰেটো ধৰি খিড়িকীৰে জোনাক নিশাৰ গাভৰু শচীলৈকে যেন লুলুপ চকু দিছে সি ; বাৰেপতি মনলৈ আহিছে ৰবীন্দ্রনাথৰ এটা পদ্য ,                              “ নিন্দা পৰব ভূষণ কৰে                                   কাঁটাৰ কণ্ঠহাৰ                               মাথায় কৰে তুলে লব                           ...

সানন্দা

                                                                                                (২০ আগষ্ট ২০১৭ ৰ দেওবৰীয়া খবৰত প্রকাশিত) মেঘাচ্ছন্ন আকাশে কি কঢ়িয়াই আনে ? ই জানো বুকুভৰা প্রেমৰ উপহাৰ বিতৰণ কৰিব পাৰে ! তাৰ কটু দৃষ্টিত বুঢ়া লুইত ডেকা হৈ পৰে ;যাৰ প্রৱল সোঁতে উটুৱাই নিয়ে ক’ত দিগন্তচুম্বী অহংকাৰ । বাকী থাকে কি – বিৰহৰ বান্ধোন , যি সাঙুৰি পেলাই মুক্তবেগী সপোনবোৰ । দুখ আহে হয়তো তেতিয়াই , সেই দুখৰ তাড়ণা তথা তাত সমাহিত হেজাৰটা বিকৃত চিঞৰে কঁপাই থৈ যায় পতিত জীৱনৰ খুঁটিডাল ।         গোঁসায় থাপনাৰ আগত শৰাই আগবঢ়াই নতশিৰ হ’ল – সানন্দা । তাই যেন উঠিবই খোজা নাই ; চিৰদিনৰ অসহ্যতাক পাঁহৰি শান্তিৰে চকু মুদিব বিচাৰিছে তাই ।তাইৰ আৰাধ্য শ্রীকৃষ্ণৰ ঈষৎ হাঁহিটোৱে তাইক যেন আশ্রয় দিয়ে , তাই মুক্ত হ’ব পাৰিব সকলো লাঞ্ছনাৰ পৰা । ভগৱানৰ বাঁহ...

আন্ধাৰ

                                                               (১ম প্ৰকাশ: অক্টোবৰ ২০১৭, নীলাচৰাই   ২য় প্ৰকাশ: বসন্ত সংখ্যা ২০১৮, অসমীয়া মায়া) ''দংষ্ট্রাকৰাল বদনে শিৰোমালাবিভূষণে। চামুণ্ডে মুণ্ডমথিনে নাৰায়ণি নমোহস্তুতে।।….” কৰাল বদনা, মুণ্ডমালা পৰিহিতা তথা মুণ্ড নামৰ দানৱক নাশ কৰা ভয়ংকৰ দেৱীয়েই হ’ল কালিকা। আজি সেই কালিকাৰ দৰ্শন পাবলৈ আগ্রহী হৈ পৰিছে দ্বৈপায়ন শৰ্মা; অৱশ্যে যুদ্ধভূমিত ধৰ্ম প্রতিষ্ঠা কৰা মহাকালীৰ নহয়, বৰঞ্চ একবিংশ শতিকাত স্বয়ম্ভু হিচাপে মানৱ দেহত থিতাপি লোৱা গোসাঁনীৰ। আমাৰ ভাৰতীয় সমাজত প্রাচীন কালৰ পৰাই কালিকাৰ নামত এক ‘আতংক’ জড়িত হৈ আছে— তাৰ পৰা কামৰূপো ব্যতিক্রম নহয়। সেয়েহে হয়তো কালী লম্ভা (?) মানৱে দিয়া প্রতিটো আদেশেই নতশিৰে সমাজে মানি লয়, লাগিলে তাৰ মৰ্ম অধৰ্মই নহওক কিয়! দ্বৈপায়ন শৰ্মাই এনেকুৱা কথাত তিলমাত্রও বিশ্বাস নকৰে। তেওঁ যে নাস্তিক— কথাটো তেনেকুৱা নহয়; ভগৱানৰ ওপৰত বিশ্বাস ৰাখে তেওঁ, অন্যহ...

যাত্রা

                                                                                                                                   ( ডিচেম্বৰ ২০১৭ ৰ অসমীয়া মায়াত প্রকাশিত ) আত্ম কণ্ডুয়ন হৈ পৰে তাইৰ জীৱনৰ প্রতিটো ব্যৰ্থা ; দৈৱ্য বিপাঙৰ পৰা তাই কি কাহানিও মুক্তি নাপাব? কাক ক’ব , কোনে শুনিব ? নিসংগতাৰ কোমল চাদৰখনক ইচ্ছা থকাৰ স্বতেও তাই ধুই পেলাব পৰা নাই। তাইৰ সপোন আছিল – গায়িকা হোৱাৰ (?),কিন্তু ভাগ্যৰ গাঁথাৰ লগত যেন কাহানিও সুৰ নিমিলিল । তাইক ভাঙিব পৰা ক্ষমতা কাৰ আছে ? অ’ত দীনতাৰ ছাঁয়াতো তাইৰ মন অৰ্থৰ গভীৰতালৈ নামি নাযায়, তাইৰ নিখুঁত বুকুখনে যেন কাহানিও কাৰো প্রতি অসন্তুষ্টি প্রকাশ কৰা নাই। তাই স্বাভলম্বি , কিন্তু সমাজ ...? তাইৰ প্রকাশমান জীৱনক অন্ধকাৰৰ লগত তুলন...

পাণ্ডুলিপি

                                                                                                                             ( 4/3/18 ত দেওবৰীয়া খবৰত প্রকাশিত) জীৰ্ণ আলমাৰিটোৰ কিতাপবোৰৰ গন্ধই এতিয়াও যেন তেওঁক নিজৰ দিশে টানি থাকে । তেতিয়া হয়তো তেওঁৰ ওঠৰ-উনৈশ বছৰ বয়স আছিল ; স্পদ্ধিত বন্ধুবৰ্গৰ বিপৰীতে কিতাপ পঢ়াৰ যি চখ বঢ়িল সেয়া আজিকোপতি নিপাত নহ’ল ।থাউকতে পোৱা কিতাপখন লৈ তেওঁৰ কোঁচ খোৱা সিৰাৰ মৰহি অহা হাতখনৰে স্পৰ্শ কৰি মনৰেই পঢ়ি উঠিল প্রতিখন পৃষ্ঠা ! আজিকালি পঢ়িব পৰা অৱস্থাত নাই তেওঁ । পৌগণ্ড, যৌৱন পাৰ কৰি এতিয়া জীৱনৰ অন্তিম দশা । সেইখন ভগৱৎ গীতা ; গান্ধী, নেতাজী, বিবেকানন্দ, অৰবিন্দ আদি বহুতকে অনুপ্রেৰণা দিয়া গ্রন্থ ।শীৰ্ণ হস্তৰে স্পৰ্শ কৰি তেওঁ মনৰেই সকলো তত্ত্ব আওঁৰালে ...