Skip to main content

সানন্দা

                                                                   

                            (২০ আগষ্ট ২০১৭ ৰ দেওবৰীয়া খবৰত প্রকাশিত)
মেঘাচ্ছন্ন আকাশে কি কঢ়িয়াই আনে ? ই জানো বুকুভৰা প্রেমৰ উপহাৰ বিতৰণ কৰিব পাৰে ! তাৰ কটু দৃষ্টিত বুঢ়া লুইত ডেকা হৈ পৰে ;যাৰ প্রৱল সোঁতে উটুৱাই নিয়ে ক’ত দিগন্তচুম্বী অহংকাৰ । বাকী থাকে কি – বিৰহৰ বান্ধোন , যি সাঙুৰি পেলাই মুক্তবেগী সপোনবোৰ । দুখ আহে হয়তো তেতিয়াই , সেই দুখৰ তাড়ণা তথা তাত সমাহিত হেজাৰটা বিকৃত চিঞৰে কঁপাই থৈ যায় পতিত জীৱনৰ খুঁটিডাল ।
        গোঁসায় থাপনাৰ আগত শৰাই আগবঢ়াই নতশিৰ হ’ল – সানন্দা । তাই যেন উঠিবই খোজা নাই ; চিৰদিনৰ অসহ্যতাক পাঁহৰি শান্তিৰে চকু মুদিব বিচাৰিছে তাই ।তাইৰ আৰাধ্য শ্রীকৃষ্ণৰ ঈষৎ হাঁহিটোৱে তাইক যেন আশ্রয় দিয়ে , তাই মুক্ত হ’ব পাৰিব সকলো লাঞ্ছনাৰ পৰা । ভগৱানৰ বাঁহীৰ সুৰে সুৰে তাইৰ কোমলাংগও নাচি উঠিব ; তাই লাভ কৰিব পৰমানন্দ ! ৰাধিকাৰ দৰে কিজানিবা তাইও মুক্ত হ’ব কোনোদিনা সংসাৰৰ যত ভৰৰ পৰা..
- ‘ মা , কি কৰি আছা ? সোনকালে আহা ।’
     জীয়েকৰ কাণতাল মৰা চিঞৰত সানন্দা পুণৰ প্রকৃতিস্থ হ’ল । জীয়েকৰ হ’বলগীয়া পৰীক্ষাৰ কাৰণেই  শৰাইখন আগবঢ়োৱা হৈছিল , কিন্তু এতিয়া গোঁসায়ঘৰৰ লেঠা দেখি জীয়েকে একেবাৰে দুৰ্ৱাসা মুনিৰ নিচিনাই কোপমুৰ্ত্তি ধাৰণ কৰিছে ।সানন্দাই যেন জীৱনৰ প্রতিমুৰ্হুততেই সেই মুনিৰ শাপগ্রস্ত হৈ আছে ; জীয়েকক লৈয়ে তাইৰ জীৱন – জীয়াই থকাৰ সম্বল ।অন্যথা গিৰিয়েক ৰাতুলৰ লগত তাইৰ এক সম্বলহীন ব্যৰ্থা !
- ‘ আজি গধুলি ওলাই থাকিবা ; মোৰ লগৰ দীনেশে এটা শ্ব’ৰুম খুলিছে ।তাৰকাৰণে এটা ডাঙৰ পাৰ্টি আছে !’
     গিৰিয়েকৰ আদেশ (!) শুনি তাই কেৱল হুমুনিয়াহ কাঢ়িলে । জীয়েকক স্কুললৈ উলিয়াই পঠিয়াই সানন্দা বাৰান্দাৰ আৰামী চকীখনতেই বঢ়ি পৰিল । তাইৰ মনটো গধুৰ হৈ পৰিল – সেই পাৰ্টিৰ নাম শুনি , “কিয় জানো কেতিয়াবা এনেকুৱা লাগে যে এই পাৰ্টি-চাৰ্টি বোৰে মোক কোনোপ্রকাৰৰ সুখ দিব নোৱাৰে ।” ৰাতুলৰ লগত যাৱলৈ হ’লে আকৌ তাই ভালকৈ সাজিব কাচিব লাগে । নহ’লে তাৰ প্রেছ্টিজ ক’ত থাকিব ! তাই প্রথম বিয়া হৈ আঁহোতে এইবোৰ কথা নাভাবিছিল – কিন্তু  এদিন ৰাতুলে পোনপটীয়াকৈ কৈ দিলে , ‘ মোৰ লগত গ’লে ভালকৈ যাবা !’ তাইৰ গাওঁততো এইবোৰ পাৰ্টি নাছিলেই , চহৰলৈ যেতিয়া পঢ়িবলৈ আহিছিল , তেতিয়া পাৰ্টি আছিল ৰেষ্টুৰেণ্টত চাহ মিঠাই খোৱা । কেনেকৈ জানিব তাই? এতিয়া এই হাজাৰটকীয়া মেকআপ মুখত সানি গিৰিয়েকৰ পুতলাটো হৈ পাৰ্টিলৈ যোৱাৰ আশা হয়তো কোনোদিনেই তাই কৰা নাছিল ।
                                                               ......
মেঘদগ্ধ বিবৰ্ণ আকাশ, নিস্তব্ধতা বিৰাজিত গাড়ী দ্রুতবেগত গৈ আছে পাৰ্টিৰ দিশে ।দীঘল ৰাস্তাৰ প্রতিটো পল তাইৰ কাৰণে বিৰক্তিদায়ক হৈ পৰিছে ; নামি অহা তিমিৰ গ্রাসে তাইৰ চকু বান্ধি পেলাইছে। ক’তা ? সেই যাত্রাত স্বামী-স্ত্রীৰ মাজত মাতকথাই নাই ! ৰাতুলৰ কাৰণে চাগে সানন্দা বিৰক্তিদায়ক । এইবোৰ কাৰণত তাই আজিকালি ব্যাকুল নহয় ; এইবোৰ কথা হয়তো তাই আগতেই জানিছিল – মূল্যৱাল আ-অলংকাৰ সি তাইক নিশ্চয়েই দিব পাৰিব কিন্তু তাইৰ মনৰ লগত তাৰ মিলন কোনো দিনেই নহ’ব । সেয়ে হয়তো বিয়াৰ পোন্ধৰ বছৰৰ পিছতো পতি পত্নীৰ মাজত কোনো অন্তৰংগ আলোচনা হোৱা নাই । সি নিজ ব্যৱসায়-বাণিজ্যক লৈয়ে ব্যস্ত !
সানন্দাই ভাল পাইছিল আন কাৰোবাক – তাইৰ কলেজীয়া বন্ধু ,যাৰ কাৰণে তাই মন-প্রাণসকলো উচ্ছৰ্গা কৰাৰ আশা পুঁহি ৰাখিছিল। তাইৰ প্রেমৰ দীৰ্ঘস্বৰে সুকুমাৰ প্রেমিকৰ স্বৰৰ লগত এক হৈ নৱ ৰাগৰ সৃজন কৰি সংসাৰ গঢ়াৰ সপোন ক’ত পূৰ্ণ হ’ল ? তাইৰ মাক-বাপেকে ছাল ছিগা ভিকহুলৈ ছোৱালী নিদি আঢ়্যবন্ত ৰাতুলক কন্যাদান কৰিলে । তেওঁলোক ভাৱিছিল , ‘আমাৰ জী সুখী হ’ব !’  ক’তা? তাইতো কোনোদিনেই সুখৰ উন্মান নাপালে । প্রিয়তমৰ লগত চিৰদিনৰ বাৱে এক হোৱাৰ সপোন পখী হৈ চিৰদিনৰ বাৱেই উৰি গ’ল অচিন স্থানলৈ, তাৰ ডেউকাৰ ধপ্ধপনিৰ কম্পনাংকত হয়তো তাইৰ সপোনবোৰৰ কোলাহলো লঘু হৈ পৰিল । সেইকাৰণেই চাগে শাৰীৰিকভাৱে এক হৈও মনৰ পৰা কোনোদিনেই ৰাতুলৰ লগত তাই এক হ’ব নোৱাৰিল ।কলাগুৰুৰ দৰে তাইও কেতিয়াৱা গাই উঠে ,

                  “  পৰজনমৰ শুভ লগনত
                      যদিহে আমাৰ হয় দেখা ...’’

দীনেশ পাঁল, নগৰৰ নামজ্বলা ব্যৱসায়ী - সানন্দাৰ গিৰিয়েকৰ অন্তৰংগ বন্ধু। তেওঁৱেই নতুন শ্ব’ৰুম খুলিছে ; যাৰবাবে আজি বৃহৎ পাৰ্টিৰ আয়োজন। চহৰৰ প্রতিস্থিত গণমান্য ব্যক্তি, ব্যৱসায়ী পৰা আৰম্ভ কৰি মন্ত্রী নেতালৈকে সকলোৱেই নিমন্ত্রণ পাইছে ।পাৰ্টিও ফাইভ স্টাৰ হোটেলত :  হুইছকীৰ গ্লাছ হাতত লৈ উপস্থিত মান্যগণৰ আৰম্ভ হ’ল আলোচনা – দেশ দহৰ কথা , ব্যৱসায়ৰ লাভ পৰা আদি কৰি ৰাজনীতি লৈকে ; তাতেই আকৌ সমাহিত হৈছে পৰচৰ্চা ।তাত ভাগীদাৰ হোৱা ৰাতুলে নিজৰ কথাৰে দহজনক আকৃষ্ট কৰিলে ।কিন্তু সানন্দা ? তাইৰ সেইবোৰত কেতিয়াও জুতি নাপায় ; ভৌতিকভাৱে তাত উপস্থিত থকাৰ স্বতেও তাইৰ মন উৰা মাৰিলে – তাইৰ গাওঁলৈ ; তাইৰ মাকৰ ঘৰলৈ । তাই ভাবিলে , ‘এতিয়াতো বাৰিষা , নিশ্চয়ে আমাৰ মানুহখিনিয়ে পীড়া ভুগিছে ।’
হঠাৎ দীনেশ আহি ক’লে , “আমি এখন লটাৰী খেলৰ আয়োজন কৰিছো , পুৰস্কাৰ পাঁচ লাখ টকা । সানন্দা বৌ , তোমাৰ নামতেই প্রথম টিকটটো লিখিছো আৰু !’’  তাই কি ক’ব? তাই মাথো হাঁহিলে । ৰাতুলেও ইতিকিঙ কৰি চিঞৰি উঠিল , ‘ লটাৰীৰৰ টকাৰে তুমি পাৰ্লাৰলৈয়ে যাব পাৰিবা ! হাঁ ! হাঁ!’ উপস্থিত সকলোৱে তাৰ কথাত হাঁহি দিলে । দীনেশে  তাইক টিকটটো দিলে ।

কৃটিম সন্তুষ্টিৰ মুখা পৰিহিতা সানন্দা হোটেলৰ বাহিৰলৈ ওলাই আহিল ; আঢ়্যবন্ত ৰাইজৰ হৈ চৈ কৰা  কথাবোৰে তাইক আনন্দ দিব পৰা নাই । আনহাতে ৰাতুলো অনোঅন্যৰ লগত ব্যস্ত ! বাহিৰৰ বতাহজাকে তাইৰ নাকত লাগি অহা ভিতৰৰ এ.চিৰ গোন্ধতো আঁতৰাই পেলালে।ইতিমধ্যেই বৰষুণজাক স্তব্ধ হ’ল , এতিয়া মাথো বিৰিখৰ প্রতি পত্রৰ পৰা নিসৰিত পানীৰ টোপালে এটা মৃদু শব্দৰ সৃজন কৰিছে ।তাই বঢ়ি পৰিল বাহিৰত সজাই ৰখা আতক ধুনীয়া বেঞ্চত; আজি বহুদিনৰ মুৰত তাই সেই মেঘৱান গগন দিশে দৃষ্টি নিক্ষেপ কৰিছে -  আৰ্দ্র দিগন্তই গৰ্জনসহিত সানন্দাৰ আগত যেন ভৌতিক হৈ পৰিছে ।হঠাৎ , তাইৰ পিছফালে কোনোৱা ঠিয় হ’ল ; এজনী কণমানী ছোৱালী – ছয় সাঁত বছৰীয়া । নিশ্চয়েই মগনীয়াৰ ; তাইক দিবলৈ সানন্দাই বেগৰ পৰা খুচুৰা পইচা বিচাৰিলে । ৰাতুলে তাই এনেকৈ মগনিয়াৰক পইচা দিয়া বুলি জানিলে গালি গালাজ কৰিব , সি এইবোৰ একেবাৰে পছন্দ নকৰে । সকলো দেখি ছোৱালীজনীয়ে চিঞৰি উঠিল , “  মোক পইচা নালাগে বাইদেউ । মই ভিক্ষাৰী নহয় ।”
লজ্জিত সানন্দাই ৰঙা ক’লা হৈ প্রশ্ন কৰিলে , ‘ কোন তুমি ? এনেকৈ অকলে কিয় ঘুৰি ফুৰিছা?’
- ‘মোৰ নাম পম্পী ; মোৰ বৰ আমনি লাগিছে – সেইকাৰণে মই এনেকৈ ঘূৰি ফুৰিছো ।’
- ‘ঘৰ ক’ত তোমাৰ মাজনী ?’
ওচৰতে থকা স্কুল এখনলৈ আঙুলিয়াই পম্পীয়ে ক’লে , ‘ আমাৰ ঘৰৰ দূৰৈত কিন্তু এতিয়া আমি ইয়াত আছো । আমাৰ গাওঁ সকলোৰে মাটি বাৰী বানপানীত তল পৰিল । সেই স্কুলখনতেই আমি শৰণাৰ্থী হৈ আছো ।’
সানন্দাৰ মনটো গধুৰ হৈ আহিল । তাই সুধিলে , ‘ভোক লাগিছে নেকি?’
- ‘হয় বাইদেউ ,ভোক লাগিছে । আমাৰ শিৱিৰত মানুহে খাবলৈ খাদ্য দিয়েই – চৰকাৰৰ মানুহ । কিন্তু আজি দুদিন ধৰি খোৱা বস্তুৰ নাটনি হৈছে : দিনত ভাতেই নাই আমাৰ ।’
সানন্দাই আৰু ৰ’ব নোৱাৰিলে ; তৎক্ষণাত তাই হোটেল লৈ দৌৰ দিলে ।পম্পীৰ কাৰণে যথেষ্ট পৰিমাণে সুস্বাদু খাদ্য আনি তাই ক’লে , ‘ এয়া লোৱা , যিমান ইচ্ছা খোৱা ।’
পেট ভৰাই খাবলৈ পোৱাত পম্পীৰ মুখত এক অকৃত্রিম সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল ।
                                                        .........
সানন্দাৰ দয়াসনা বুকুখন ৰাতুলৰ কাৰণে অচিন ; সি হয়তো কেৱল নিজৰ দৃষ্টিভংগীৰেই তাই চাব খোজে । সেইকাৰণেই চাগে আজি পৰ্যন্ত সি তাইৰ প্রেমৰ উন্মান লাভ কৰা নাই । পম্পীক খাবলৈ দিয়া বুলি জানিব পাৰি সি চিঞৰি উঠিল , “ এইবোৰ কি কৰিলা? যাক তাক খানা খুৱাই দেৱী হ’বলৈ ওলালা! মানুহে কি ভাবিছে চাগে ? ৰাতুলৰ ঘৈণীয়েকে খাদ্য উঠাই আনে। মোৰ মান ইজ্জত সকলো ডুবালা তুমি ।”
ঘৰমুৱা যাত্রাও পুণৰ নিস্তব্ধতাতেই পাৰ হ’ল ।ৰাতুলৰ মুখত আছে কেৱল অসন্তুষ্টি তথা ক্রোধপূৰ্ণ এক চাপ; তাইলৈ যেন চকু তুলি চাবলৈও তাৰ মন নোহোৱা হ’ল – যেন তাই অপৰাধী ! কাৰোবাৰ হত্যা কৰি আহিছে ! কাৰোবাক লুণ্ঠন কৰি আহিছে! গাড়ীৰ খিৰিকীৰে মুৰ উলিয়াই সানন্দাই কেৱল এন্ধাৰত নোহোৱা যেন হৈ পৰা গছ –লতিকাবোৰ চাই আহিছে। তাইৰ মনত বেলেগ একো কথা নোসোমাল , মাঁথো অৰহৰ মনলৈ আহি থাকিল – পম্পীহতঁৰ চিন্তা ।
                                                                      ...........
আজি এসপ্তাহ ধৰি ৰাতুলে তাইৰ লগত ভালকৈ মাতবোল কৰা নাই । তাইৰ নো দোষ কি ? – সেই ভাবি তাই ব্যগ্র ।ৰাতিপুৱা বাতৰি কাকতখন মেলি তাই চকু চলচলীয়া কৰি পেলালে , ‘ বানৰ তাণ্ডৱ ! গৃহহাৰা সহস্রজন!’ বন্যাৰ্ৎ ৰাইজৰ চিৎকাৰত তাই যেন পম্পীৰ মাত শুনা পালে ; পম্পী যেন কৈ উঠিল , ‘ মোৰ বৰ ভোক লাগিছে ।’ কাকতখনৰ ২য় পৃষ্ঠাত দীনেশ পাঁলৰ শ্ব’ৰুমৰ বিজ্ঞাপন, তাৰ তলতেই সিদিনাৰ লটাৰী খেলৰ ফলাফল । সানন্দাই প্রথম পুৰস্কাৰ পাইছে – পাঁচ লাখ টকা ।
        সেই টকাই জানো তাইক আনন্দ দিব পাৰিব ? বানৰ অত্যাচাৰত যিসময়ত হেজাৰজনে অনাহাৰে আছে – সেইসময়ত তাই সেই টকাৰে কি প্রসাধন কৰিব ? আনহাতে ৰাতুলৰ কাৰণে জানো সেই টকাৰ মূল্য আছে ? ঈশ্বৰে যেন তাইক সদ্বুদ্ধি দিলে – তাই পাঁচ লাখ টকা বান সাহাৰ্য্যত প্রদান কৰিব । কিন্তু ৰাতুল ? সি জানো সেই কথাত মান্তি হ’ব ? সি তাইক কি সহ্য কৰিব তেতিয়া?  সানন্দাৰ তেজ মঙহৰ শৰীৰত লুকাই থকা দয়ালু আত্মাই চিঞৰি উঠিল , ‘যি হ’ব দেখা যাব । মই পম্পীৰ কাৰণে দিম ; নিশ্চয়েই প্রদান কৰিম ।’

                                                                  ----  --  ---
                                                                                                                             

                                                                                                                                                             
                                                                           -                                          অথৰ্ৱণ গোস্বামী

Comments

Popular posts from this blog

মুক্তি

    অ ভীপ্সা - বন্ধন নে মুক্তিৰ কাৰক ! জীৱনাদৰ্শৰ কৱলত মাত্র প্রত্যয় গ’লেই নহয়।সুবহল মেঘৱান আকাশখনলৈ চোৱা; অ’ত কোলাহলক নিস্পৃহে দৰ্শন কৰি ৰৈছে ।মানুহৰো কাহানিবা পাখী গজিব,দিগন্তৰ প্রান্ত বিচাৰি আমিবোৰেও উৰা মাৰিম।মনোজগতখনৰ বিৱৰ্তনক কেনেকৈ নামানিবা! –এনেবোৰ কথাই সি কৈছিল, তাৰ আত্মবিশ্লেষণ বুজাটো মোৰ বাৱে সম্ভৱপৰ নাছিল ।তথাপিও যেন আকৰ্ষণ জন্মিছিল,জীৱনত প্রথমবাৰৰ বাৱে ; তাৰ কবিত্ব বা দাৰ্শনিক সত্ত্বাক লৈ । ছেক্সপেয়াৰেই কৈ গৈছিল যে এই দৰ্শন তৰ্শনবোৰৰ সপোনাতীত ভূ তথা দ্যুলোকত চাবলগীয়া অনেক কিবা কিবি আছে ।   শান্তনুৰ কথা মনত পেলাই ৰেখা ভাবুক হৈ ৰ’ল ।এতিয়া তাৰ মতাদৰ্শ সেই একেই আছে নে পৰিৱৰ্তন হ’ল ,তাক জানিবলৈ তাইৰ মন যায় । সি আছিল দৰ্শনৰ ছাত্র ,তাই সাহিত্যৰ । বন্ধুত্ববোৰ যে কেনেকৈ গঢ়িছিল ।আৰু এজন আছিল যোগেশ, মহাৰাষ্ট্রীয় ল’ৰা । শান্তনুৰ অনীশ্বৰবাদৰ বিপৰীতে সি আছিল অতীন্দ্রিয়বাদী ,মহান সন্ত নামদেৱৰ অনুগামী । যোগেশ আৰু শান্তনুৰ ক’ত মতবিৰোধ ।শোষিতৰ মুক্তিপথৰ শান্তনুৱে হাঁহিছিল তাৰ কথাক । সমাজতত্ত্বৰ আসক্ত শান্তনুৱে শ্রমবাদীৰ মুক্তিৰ দিশত অতিন্দ্রিয়বাদক হেঙাৰ বুলি বিনা দ্বিধায়েই ম...

অহংকাৰ

- বেলেগ কথা নাজানো , কিন্তু তোমাৰ মনত অহংকাৰ বেছি! - সেয়া মই স্বীকাৰ কৰিছো । মোৰ অহংকাৰ নথকা নহয় , কিন্তু অহংকাৰ কিয়? সেয়া জানো তুমি সুধিছা ? - বাদ দিয়া ! তোমাৰ মহাভাৰতখন আকৌ মেলি নল’বা ।     এইবাৰ মুখত ঈষৎ হাঁহি গুজি প্রাঞ্জলে ৰবীন্দ্রনাথৰ পদ্য গাই উঠিল ,                   “ সকল অহংকাৰ হে আমাৰ            ডুবাও চোখেৰ জলে ।            নিজেৰে কৰিতে গৌৰৱ দান             নিজৰে কেবলি কৰি অপমান, ..... ”  এনে কাব্যিক গুণৰ বাৱেই তো প্রাঞ্জলৰ প্রতি তাইৰ দুৰ্ৱলতা ; সিটো সদায় ধনাত্মক হৈ তাইকো যেন কাব্য –সাহিত্যৰ প্রতিটো ছন্দত সমাহিত কৰি পেলায় ।পদ্যৰ ছন্দায়িত স্বৰত খন্তেক হেৰাই পৰা দীপালিয়ে পুণৰ প্রকৃতিস্থ হৈ সেমেনা সেমেনি কৰি কৈ উঠিল , ‘ এইটো চাকৰিৰ বাৱে আবেদন কৰিলা নেকি ?’   কঁপালৰ সিৰা কেইডাল থুপ খোৱাই সি ইতিকিঙ কৰিলে , ‘ সেইটো চাকৰি পালে তো ভালেই – অৱস্থা ভাললৈ আহিব ! দিন – ৰাত উৎকোচ খাই পেটটো শকত কৰিম !’ - তুমি প্রকৃততে কি ...

ষট্ঋতুৰ বিৰহ

                                      (০৩/০২/২০১৯ ত দেওবৰীয়া খবৰত প্রকাশিত)                                                                                                                 (১)   ললিত নৱাংগ লবংগ,লতাদিয়ে পৰিবেষ্টিত কৰা কুঞ্জ কুটীৰবোৰক মলয় সমীৰে সৰস বসন্তৰ উন্মাদ মনোৰথৰ বাৰ্তা দিলে ।বিৰহৰ দাৱানল ! মিলনৰ প্রতিশ্রুতিয়ে হৃদয়ত এনেকৈ থিতাপি ল’লে যে , প্রত্যুষৰ পৰা সন্ধ্যা পৰ্যন্ত নিৰূপায় সকলোবোৰ জীৰ্ণ অন্তৰ । প্রকৃতিৰ লগত আজি এই ঐক্যতান ; বসন্তৰ সুললিত গন্ধই মোহিত কৰা বজ্রবধূৰ ভৌত্ববাদীত্ব কাহানিবাই খৰ্ব হৈছিল , লগতেই নিপাত হৈছিল অহং-ভাৱ ।কিন্তু , সেই মুৰুলীৰ মদনকো মোহিত কৰা সুমধুৰ স্বৰে উৰে নিশাটো উজ...