Skip to main content

ষট্ঋতুৰ বিৰহ


                                      (০৩/০২/২০১৯ ত দেওবৰীয়া খবৰত প্রকাশিত)                                            

                                                                    (১)

  ললিত নৱাংগ লবংগ,লতাদিয়ে পৰিবেষ্টিত কৰা কুঞ্জ কুটীৰবোৰক মলয় সমীৰে সৰস বসন্তৰ উন্মাদ মনোৰথৰ বাৰ্তা দিলে ।বিৰহৰ দাৱানল ! মিলনৰ প্রতিশ্রুতিয়ে হৃদয়ত এনেকৈ থিতাপি ল’লে যে , প্রত্যুষৰ পৰা সন্ধ্যা পৰ্যন্ত নিৰূপায় সকলোবোৰ জীৰ্ণ অন্তৰ । প্রকৃতিৰ লগত আজি এই ঐক্যতান ; বসন্তৰ সুললিত গন্ধই মোহিত কৰা বজ্রবধূৰ ভৌত্ববাদীত্ব কাহানিবাই খৰ্ব হৈছিল , লগতেই নিপাত হৈছিল অহং-ভাৱ ।কিন্তু , সেই মুৰুলীৰ মদনকো মোহিত কৰা সুমধুৰ স্বৰে উৰে নিশাটো উজাগৰে ৰাখিছে ৰাধাক ।উষাৰ আগমনে তমসৰ যৱনিকা পেলোৱাত , বসন্তৰ সেই সুগন্ধি তগৰ,কপৌ,মালতিৰে মনোহৰ মালা গাঁথি উত্তৱাল হৈ পৰাৰেই কথা ! প্রিয়তমৰ গলত সেই পুষ্পহাৰ অৰ্পণ কৰিলেই কৈশোৰ মোহনৰ গৰ্জন কৰা অম্বুদৰ বৰ্ণৰ দৰে শৰীৰ হৈ পৰিব অত্যাশ্চৰ্যময় ! বসন্তৰ এই ৰূপতো কিন্তু, বিৰহাগ্নি আজি দূগুণেহে চৰিল ; নৱৰূপ ধাৰণ কৰা বৃক্ষৰ পৰা দূৰ্বালৈকে , ব্যাকুল ৰাধাৰ কেৱল এটায়ে প্রশ্ন , কৃষ্ণ ক’ত ? কেতিয়া বসন্তৰাজকো লজ্জিত কৰা সেই সমধুৰ চৰণৰ গন্ধ পুণৰ আস্বাদন হ’ব । প্রিয়তমৰ বাঁহীৰ সুৰে সুৰে নাচি উঠিব গোপাংগনাৰ কোমলাংগ । কি যে মহাভাৱ ! সেই পৰকীয়া ভাৱ পূৰ্ণ হওঁক, হে'’প্রিয়তম ঘূৰি আহা । হে’ ভ্রমণৰত বিহগী , মোৰ সমূহ বাৰ্তা লৈ যোৱা ; তেওঁক ক’বাগৈ যে , তেওঁৰ বিচ্ছেদত আজিকালি চৈতালী ঘূৰ্ণিয়ে নিৰাশাৰ গৰ্ভলৈ ঠেলি দিছে মোৰ মনক ।এই দেহক আজি সমাজত কলংক দিছে , শ্যাম কলংকিনী ৰাধা বুলি ।

                                   (২)

অলব্ধ গুণবোৰে অমনোযোগী কৰি তুলিছে গ্রীষ্মৰ মনবোৰক । সূৰুযৰ প্রখৰ তাপে বৃন্দাবনৰ জনগণক পতিত কৰাৰ বিপৰীতে বজ্রনাৰী গণৰ শৰীৰক সেই উত্তাপে চুব পৰা নাই । বিৰহিনীৰ বেজাৰ তথা প্রিয়তমৰ পৰা বিচ্ছেদৰ তপ্ত প্রেমে ৰাধাৰ কায় বাক্য আৰু মনক এনেকৈ পুৰি পেলালে যে সবিত্র দেৱতাই আজি নিজৰ কিৰণক লঘুতৰ বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছে ।শুকাই আহিছে যমুনাৰ জল ; কিন্তু ৰাধাৰ বিশ্বাস তথা আশা কেতিয়াও লুপ্ত নহয় । যি কেশৱে যমুনাৰ চাপৰিতে বক,অঘ আদিক বধি আন গো-পালকবোৰক আনন্দ দিছিল , সেই যশোদা নন্দন আকৌ আহিব । ৰসাল ঋতুফলৰ ৰসে পৰম ৰসৰাজৰ আনন্দৰসৰ লগত ফেৰ মাৰিব নোৱাৰে , গোপীৰ হৃদয়ৰ নিভৃত কোণৰ স্নেহৰস যমুনাৰ পানীৰ দৰে তাপত নুশুকায় । এই তৃষ্ণা বিতৃষ্ণাবোৰ কেৱল শ্রীগোবিন্দৰ দৰ্শনতহে লুপ্ত হ’ব ।

                                (৩)

মেঘে গিৰিশিখৰত প্রবল ভাৱে গৰ্জিলে , যমুনাৰ জলো ক্রমশ বাঢ়িলে । এনেকালতেই পূৰ্বে শ্রীকৃষ্ণই গোৱৰ্ধন ধাৰণ কৰি ইন্দ্রৰ দৰ্প চূৰ্ণ কৰিছিল । আজি ক’ত আছে তেওঁ ? আজি নন্দ যশোদাৰ ঘৰত দধি ,দুগ্ধ,লৱণু চুৰি কৰিবলৈও চোন তেওঁ নাই ; সেইবোৰ দ্রব্য আজি শেষ নোহোৱাকৈয়ে পৰি ৰৈছে । বৃ্দ্ধা যশোদায়ে পুত্র উভতি অহাৰ আশাৰে বাট চাই ব্যৰ্থ হৈ ৰোহিণীৰ সৈতে চকুলো টুকিছে । বৃন্দা,ললিতা,বিশাখা,ইন্দুমৌলী সকলোৰ উষ্ম নেত্রজলৰ আগত দিগন্তৰ গৰ্জন কৰা মেঘেও লজ্জিত হ’ব । শূণ্যতাৰ বাদে ৰাধাৰ আজি একোৱেই নাই ।পানীৰে ভৰা পথাৰবোৰে ৰাধাৰ গৌৰবৰ্ণৰ দৰে ৰূপলৈ ত্রাস কৰিছে , কিন্তু তাৰ স্বভাৱো পৰমাৰ্থসূচক । প্রপঞ্চক মাত্রা অতিক্রম কৰিও শান্তি নাই ৰাধিকাৰ , কৃষ্ণৰ অবিহনে বিমুক্তিৰসপূৰ্ণ এই অথিৰ সংসাৰ ।জলচৰ,থলচৰ সকলোকে এটায়ে প্রশ্ন মাথোন – প্রিয়তমৰ বাৰ্তা দিয়া ।বিৰহৰ এই বলীয়া বানে মোৰ চেতনাকো উটুৱাই নিলে , একো বাকী নাথাকিল মোৰ....

(৪)

ভুলোক দ্যুলোকত আজি প্রতিধব্বনি হৈছে বিৰহৰ গীতৰ । পুলকময়ী শাৰদীয় প্রকৃতিৰ মায়ায়ে প্রমাদ মদিৰা পানৰ লোভ দেখুওৱালেও চৈতন্যৰ বীণা ঝংকাৰে অশ্রুধাৰ সমাহিত মধুৰ স্বৰক আকাশলৈকে লৈ গৈছে ।বনদেৱীগণে দ্বাৰে দ্বাৰে সজাই তোলা শেৱালী,কহুঁৱাৰ বিপৰীতে গোপীৰ মনক আকৰ্ষণ কৰে সেই প্রেমিকৰ নুপুৰৰ শব্দয়ে, সেই তালেই চোন কলিজাৰ ধপধপনি বৰ্তাই ৰাখিছে ৰাধাৰ । বিচ্ছেদৰ অগ্নিয়ে দহন কৰা বিশাখায়েও আজি চিৎকাৰ কৰিছে – সেই প্রেমিক পাষাণ ! তেওঁ কপটী !

   কালিন্দী সাক্ষী আছিল ,সেই ৰাসক্রীড়াৰ । এনে শৰতৰ বিতোপন ৰাত্রিতেই হৈছিল প্রেমৰ পূৰ্ণ প্রকাশ । সকলো ত্যাগি অহা ৰাধা প্রমুখ্যে আনবিলাককো কৃষ্ণই কৈছিল – ‘উভতি যোৱা । স্ব-সংসাৰে তোমালোকৰ বাৱে ৰৈ আছে ।’ কিন্তু, তেওঁলোকে কৈছিল – এতিয়া আৰু আন আকাঙ্ক্ষা আমাৰ নাই !

যাদৱৰ বনমালাডাল ৰাধায়ে পিন্ধিছিল সেইদিনা , ময়ূৰৰ পাখিও হৰণ কৰিছিল স্ত্রীগণে । কিন্তু সেই বেণুটি ? ৰাধা জ্বলি উঠিছিল তাৰ সৌভাগ্য দেখি, কোনো প্রয়াসতেই তাক গৰাকীৰ পৰা পৃথক কৰিব পৰা নাছিল , কৃষ্ণই কৈছিল – যথাৰ্ভক্তিমামোৰ্জিত ! 

পূৰ্বে গোপীৰ পৰিয়ালে কৈছিল – কলীয়া কানাইৰ বেণুতেই মায়া ! সেই স্বৰ কাহানিবা কৰ্ণপাত হ’লে সকলো শেষ হ’ব !

স্মৃতি ভংগ হ’ল ৰাধাৰ !আউলি বাউল হৈ কৌমুদী স্নিগ্ধতালৈ পিঠি দি বেদনাকে বুকুত বা্ন্ধিলে তেওঁ ; ব্যৰ্থ এই জীৱন ।

(৫)

কালীয় দমন কৰা কানায় হেমন্তত উভতাৰ আশাতেই বজ্রবধূগণ বিয়াকুল হৈ পৰিল ; ৰাধাৰ নিৰাশায়ে মেঘ হৈ উৰা মাৰিলে অজানিলৈ , হয়তো মথুৰাৰ দিশে নতুবা দ্বাৰকাৰ দিশে .....পূৰ্বে হেমন্তৰ কোনো এটা ৰাত্রিতেই ৰাধা আহিছিল গহীন গম্ভীৰ বনত বেণুধাৰীৰ ওচৰলৈ । কিন্তু, ৰাধাৰ পিছে পিছে আহিছিল তেওঁৰ স্বামী আয়ান । সাংসাৰিক দৃষ্টিৰে গোপীৰ প্রেম চাগে কলুষিত ,শ্যাম কলংকিনী এই ৰাধা ; আনৰ পৰোচনাত আয়ানও ক্ষ্বুব্ধ হোৱাৰ আশংকা আহিছিল সেইদিনা ... । কিন্তু , সেই চাতুৰী কৃষ্ণই ৰাধাক কৈছিল – বনফুলৰ যোগাৰ কৰা, নিশাচৰী ফল ফুল তথা ৰক্ত জৱা বুটলি আনি মোৰ পূজা দিয়া  ।আজি সকলো কলংক দূৰ কৰিম মই ।

কি আচম্বিত ঘটনা পৰিদৰ্শন কৰিলে গোপস্ত্রীসৱে ! কৃষ্ণৰ পীতবস্ত্র ৰক্তবৰ্ণ হৈ পৰিছিল , অহিংস বেণুটি সেইদিনা খড়্গ আৰু উগ্র কৃপানলৈ পৰিণত হৈছিল , তেওঁৰ বনমালা মুণ্ডমালালৈ ৰুপান্তৰ হৈছিল, আশে পাশে আহি পৰিছিল শৃগালৰ দল । লোলহ জিভা বাহিৰ কৰি কৃষ্ণ হৈ পৰিল ভদ্রকালী , মহাশক্তি মহামায়া । আয়ানৰ বিভ্রান্তি দূৰ হ’ল , দেৱীক নতশিৰে বন্দন কৰি প্রস্থান কৰিলে ।   

(৬)

বিষয়মত্তই মোহশয্যাৰ পৰা ৰাধাৰ অনুভৱ বুজিব পৰাটো অসম্ভৱ কথা । সেই দেখি বানপ্রস্থী মুনিগণে বিষয়ীকো উপদেশ দিয়ে , কালগ্রস্ত হ’বলৈ বিলম্ব নহয় । একালত বালক,একালত যুৱক ,পিছত বৃদ্ধ হোৱা মনুষ্যতনু পুণৰ নোপোৱা । পশুৰ দৰে কেৱল দেহ আসক্ত নহৈ ৰাধাৰ দৰে হোৱা জীৱনমুক্ত হোৱা ; সত্ব ,ৰজ ,তম অতিক্রম কৰি সেয়া চৈতনময় স্তৰ ।জাগ্রত ,নিদ্রা তথা সুষুপ্তিৰো তেতিয়া ঐকতান সম্ভৱ ; তনু লোমাঞ্চিত হ’ব আৰু আত্মা পৰিতৃপ্ত । সেই প্রেমেই জলত শীতলতা,চন্দ্রত কৌমুদী,সূৰুযত তৈজ তথা ধৰাত উৰ্বৰতা দিছে । মান-সন্মান কাম্য নহ’ব পাৰে ; ধন সম্পত্তিও কাম্য নহ’ব পাৰে ; কিন্তু বুকুত হাত থৈ কোনে ক’ব পাৰিব প্রেম নালাগে বুলি ? ভিন্ন মাত্রাত ভিন্নয়ে প্রেমৰেই কামনা কৰে ।

শীততেই প্রিয়তমৰ বাৰ্তা লৈ আহিল মিত্র উদ্ধৱ ।কুঁৱলীয়ে আকাশ পাতালক শুক্ল চামনিৰে ঢ়াকি পেলোৱা দি অতদিনৰ বিৰহক ঢ়াকি পেলালে আশাৰ বাৰ্তায়ে । নন্দ যশোদাৰ আগত উদ্ধৱে সকলো বিস্তাৰিলে – কংসবধ, সন্দীপনীৰ আশ্রমত হলধৰ আৰু বেণুধৰৰ লীলা,দ্বাৰকাৰ ৰাজ্য ,ৰুক্মিণী –সত্যভামা সকলোৰে কথা ।  

ব্যাকুল নাৰীগণো অভিমানী হৈ পৰিলে ।প্রেম আৰু বিশ্বাসৰ বাহিৰে তেওঁলোকৰ চোন নিজ বুলিবলৈ একোকেই নাই  ,  ‘কমললোচনৰ মধুৰ কণ্ঠ তথা সকাম বাক্যয়ে আজিও আমাক ভ্রমিত কৰি ৰাখিছে ; তেওঁৰ আস্বাদন পাবলৈ দিন ৰাতি কেৱল ভ্রমিত বাসনা ৰৈছে মনত ; এই বৃন্দাবনলৈ উভতি আহা । বেণুৰে বিমোহিত কৰি এতিয়া কিয় এৰিছা ?’ 

ৰাস্নাত গুঞ্জৰি অহা ভ্রমৰে ৰাধাৰ গলৰ সতেজ মালাডালত পৰিল, ক্ষুব্ধ হৈ পৰিল ৰাধা –

হে’ মধুপ , তুমি চাগে সেই কপটী প্রেমিকৰেই সখা ; আমাৰ কানৰ তোমাৰ শব্দবোৰ নপৰক ! আজি আমি অভিমান কৰিছোঁ । মোৰ বক্ষৰ মালাত শোভিত চন্দনক মলিন নকৰিবা , এইডালটো প্রিয়তমকেই অৰ্পণ কৰা হৈছে ।

হে’ মুধকৰ, অনুনয় বিনয় কৰি লাভ নাই । সেই কানায়ে শিকাই পঠিওৱা তোমাৰ গুঞ্জৰে আজি মোক পতিয়ন নিব নোৱাৰে । তোৰ সখা কৃষ্ণই আগৰদিনত কৈছিল ,মোৰ প্রেমত হেনো তেওঁ ঋণী , কিন্তু এনেকুৱা অকৃতজ্ঞ সন্ধি আকৌ মই নাবান্ধো ।গোপীগণৰ,ধেনুগণৰ,মৃগ-পত্নীগণৰ, নাগপত্নীসকলক সেই কপটীয়ে বহুত মোহিলে , কিন্তু , এতিয়া মই দৃঢ় !

                          ------


[বি: দ্র : ভাগৱতৰ দশম স্কন্ধৰ আধাৰত মধ্যকালীন ভক্ত কবি সকলে বজ্র,মৈথেলী,বাংলা, অসমীয়া আদি ভাষাত মাধুৰ্যপূৰ্ণ ছন্দ্বত গোপীৰ বিৰহৰ লৈ অনেক গীত পদ ৰচনা কৰিছিল ; বিৰহত আকুল ৰাধাৰ প্রেম,নিৰাশা,দম্ভ বাণী,অভিমান আদিক যি বাৰমাহী, ষট্ঋতু আদি পদ্য পোৱা যায় ,তাক লৈয়ে গদ্যত এই লেখাটো প্রস্তত কৰা হৈছে । ভাব আৰু জড়-চেতনা আদিক অতিক্রম কৰিয়েই গোপীৰ সেই মহাভাৱৰ স্তৰ ,যি ভক্তিধাৰাত সৰ্বোচ্চ ।] 


----------------


Comments

Popular posts from this blog

মুক্তি

    অ ভীপ্সা - বন্ধন নে মুক্তিৰ কাৰক ! জীৱনাদৰ্শৰ কৱলত মাত্র প্রত্যয় গ’লেই নহয়।সুবহল মেঘৱান আকাশখনলৈ চোৱা; অ’ত কোলাহলক নিস্পৃহে দৰ্শন কৰি ৰৈছে ।মানুহৰো কাহানিবা পাখী গজিব,দিগন্তৰ প্রান্ত বিচাৰি আমিবোৰেও উৰা মাৰিম।মনোজগতখনৰ বিৱৰ্তনক কেনেকৈ নামানিবা! –এনেবোৰ কথাই সি কৈছিল, তাৰ আত্মবিশ্লেষণ বুজাটো মোৰ বাৱে সম্ভৱপৰ নাছিল ।তথাপিও যেন আকৰ্ষণ জন্মিছিল,জীৱনত প্রথমবাৰৰ বাৱে ; তাৰ কবিত্ব বা দাৰ্শনিক সত্ত্বাক লৈ । ছেক্সপেয়াৰেই কৈ গৈছিল যে এই দৰ্শন তৰ্শনবোৰৰ সপোনাতীত ভূ তথা দ্যুলোকত চাবলগীয়া অনেক কিবা কিবি আছে ।   শান্তনুৰ কথা মনত পেলাই ৰেখা ভাবুক হৈ ৰ’ল ।এতিয়া তাৰ মতাদৰ্শ সেই একেই আছে নে পৰিৱৰ্তন হ’ল ,তাক জানিবলৈ তাইৰ মন যায় । সি আছিল দৰ্শনৰ ছাত্র ,তাই সাহিত্যৰ । বন্ধুত্ববোৰ যে কেনেকৈ গঢ়িছিল ।আৰু এজন আছিল যোগেশ, মহাৰাষ্ট্রীয় ল’ৰা । শান্তনুৰ অনীশ্বৰবাদৰ বিপৰীতে সি আছিল অতীন্দ্রিয়বাদী ,মহান সন্ত নামদেৱৰ অনুগামী । যোগেশ আৰু শান্তনুৰ ক’ত মতবিৰোধ ।শোষিতৰ মুক্তিপথৰ শান্তনুৱে হাঁহিছিল তাৰ কথাক । সমাজতত্ত্বৰ আসক্ত শান্তনুৱে শ্রমবাদীৰ মুক্তিৰ দিশত অতিন্দ্রিয়বাদক হেঙাৰ বুলি বিনা দ্বিধায়েই ম...

অহংকাৰ

- বেলেগ কথা নাজানো , কিন্তু তোমাৰ মনত অহংকাৰ বেছি! - সেয়া মই স্বীকাৰ কৰিছো । মোৰ অহংকাৰ নথকা নহয় , কিন্তু অহংকাৰ কিয়? সেয়া জানো তুমি সুধিছা ? - বাদ দিয়া ! তোমাৰ মহাভাৰতখন আকৌ মেলি নল’বা ।     এইবাৰ মুখত ঈষৎ হাঁহি গুজি প্রাঞ্জলে ৰবীন্দ্রনাথৰ পদ্য গাই উঠিল ,                   “ সকল অহংকাৰ হে আমাৰ            ডুবাও চোখেৰ জলে ।            নিজেৰে কৰিতে গৌৰৱ দান             নিজৰে কেবলি কৰি অপমান, ..... ”  এনে কাব্যিক গুণৰ বাৱেই তো প্রাঞ্জলৰ প্রতি তাইৰ দুৰ্ৱলতা ; সিটো সদায় ধনাত্মক হৈ তাইকো যেন কাব্য –সাহিত্যৰ প্রতিটো ছন্দত সমাহিত কৰি পেলায় ।পদ্যৰ ছন্দায়িত স্বৰত খন্তেক হেৰাই পৰা দীপালিয়ে পুণৰ প্রকৃতিস্থ হৈ সেমেনা সেমেনি কৰি কৈ উঠিল , ‘ এইটো চাকৰিৰ বাৱে আবেদন কৰিলা নেকি ?’   কঁপালৰ সিৰা কেইডাল থুপ খোৱাই সি ইতিকিঙ কৰিলে , ‘ সেইটো চাকৰি পালে তো ভালেই – অৱস্থা ভাললৈ আহিব ! দিন – ৰাত উৎকোচ খাই পেটটো শকত কৰিম !’ - তুমি প্রকৃততে কি ...