( ডিচেম্বৰ ২০১৭ ৰ অসমীয়া মায়াত প্রকাশিত )
আত্ম কণ্ডুয়ন হৈ পৰে তাইৰ জীৱনৰ প্রতিটো ব্যৰ্থা ; দৈৱ্য বিপাঙৰ পৰা তাই কি কাহানিও মুক্তি নাপাব? কাক ক’ব , কোনে শুনিব ? নিসংগতাৰ কোমল চাদৰখনক ইচ্ছা থকাৰ স্বতেও তাই ধুই পেলাব পৰা নাই। তাইৰ সপোন আছিল – গায়িকা হোৱাৰ (?),কিন্তু ভাগ্যৰ গাঁথাৰ লগত যেন কাহানিও সুৰ নিমিলিল । তাইক ভাঙিব পৰা ক্ষমতা কাৰ আছে ? অ’ত দীনতাৰ ছাঁয়াতো তাইৰ মন অৰ্থৰ গভীৰতালৈ নামি নাযায়, তাইৰ নিখুঁত বুকুখনে যেন কাহানিও কাৰো প্রতি অসন্তুষ্টি প্রকাশ কৰা নাই। তাই স্বাভলম্বি , কিন্তু সমাজ ...? তাইৰ প্রকাশমান জীৱনক অন্ধকাৰৰ লগত তুলনা কৰে ।
তাইৰ নাম মনস্বনী কিন্তু আজি তাইৰ মনে তাইৰ সুখৰ মুখাৰ লগ দিব খোজা নাই। জীৱনত তাইৰ অপূৰ্ণ জীৱন ! তাই কি নিজেই নিজৰ দোযী ?
- ‘নাই ,মই দোষ কৰা নাই!’
তাইৰ আঁচলত আছিল সহস্র দ্বায়িত্বৰ গধুৰ ভৰ ; তাই কি তেতিয়া সেইবোৰ নুই কৰিলে হেঁতেন ?
আজি ৰাতিপুৱাৰ পৰাই মনস্বনীৰ কিবা এটা হৈ আছে ; কামবোৰ সুচাৰুভাবে কৰিব পৰা নাই তাই । পেছাত তাই নাৰ্ছ, তাইৰ জীৱনৰ লক্ষ্যই ৰুগীয়া পৰিচৰ্যা কৰা কিন্তু চাগে ভৱিষত্যে তাইৰ শুশ্রষা কৰিবলৈ কোনো নাথাকিব ।সম্পৰ্ক বুটলিবলৈ ভায়েক এটা আছে , কিন্তু সি থাকে দূৰ আমেৰিকাত । বায়েকৰ লগত হয়তো তাৰ সম্পৰ্ক কাহানিতেই শেষ হ’ল- আত্মকেন্দ্রিক সি ! বিদেশৰ অভিযন্ত্রাই হয়তো অসমৰ নাৰ্ছ বায়েকৰ লগত মিলা মেচা কৰিলেই সন্মান লঘু হৈ পৰিব ।ভাৰতলৈ আহ্ যাহ্ নাই তাৰ ; ঘৈণীয়েক আৰু ল’ৰা –ছোৱালীৰে তাৰ সংসাৰপূৰ্ণ , এতেকে এতিয়া দুকুৰি বছৰ উৰ্দ্ধ বুঢ়ী বায়েকৰ খৱৰ লোৱাটো কি প্রয়োজন (?)
অপৰাজিতাই মনস্বনীৰ কথা বুজে ; দুয়োজনী প্রায়ে সমবয়সীয়া ,সিহঁতৰ চিনাকি পোন্ধৰ বছৰৰ । নিজ ঘৰৰ লেথাত কেতিয়াবা অপৰাজিতাৰো তাইলৈ সময় নোহোৱা হয় । তাইৰ কাহানিও দুখ নকৰে কাৰণ অপৰাজিতাৰ আগত তাই মুখ খুলি নিজ অন্তৰৰ সকলো নিভাঁজ তত্ত্বক ব্যাখ্যা কৰিব পাৰে !
.............
দহবছৰীয়া সৰু ল’ৰা এটাক কুকুৰে কামুৰিলে , তাক বেজি দিবলৈ অপৰাজিতাই ফুচুলাইছে , ‘ একো নাই ভয় নকৰিবা ; তুমি দুখ নোপোৱা নহয় । বেজীটো একেবাৰে সৰু!’
বেজী খোচত সি চিঞৰি উঠিল , নাৰ্ছৰ হাতত থকা বাকী কেইটা বেজি দেখি সি কান্দিবলৈ ধৰিলে ।
অতবোৰ ঘটনা ৰ’ লাগি চাই থকা মনস্বনীয়ে বাথৰুমলৈ দৌৰ দিলে । তাইৰ বুকুখনত খুন্দা মাৰি ধৰিছে ; হুক হুক কৈ কান্দি উঠিল তাই । নিজ হৃদয়ত থকা বেদনাক সৰু ল’ৰাটোৰ বিষত আৰোপ কৰি তাই কান্দিবলৈ ধৰিলে । সুযোগ নহ’লে তাই কান্দিবলৈও সমৰ্থ নহয় !
অপৰাজিতাই বুজিছে ‘ তাইৰ নিশ্চয় কিবা নহয় কিবা এটা হৈছে । আগতেও তাই এনে কৰিছে । আজি কেইমাহমানৰ আগতে হস্পিতালত ককাঁল বিষত ভোগা বুঢ়ী এজনীক দেখি তাই তেনেকৈ কান্দিছিল , কিন্তু পিছত ‘জোলোঙাৰ মেকুৰীটো ওলাই পৰাতহে’ মোৰ প্রকৃত ঘটনাটো জ্ঞাত হ’ল – সম্পৰ্কীয় মানুহৰ ঘৰৰ জীয়েকৰ তোলনী বিয়া খাবলৈ গৈছিল তাই ;সকলো ঠিকেই আছিল কিন্তু ছোৱালীজনীক নোৱাবৰ সময়ত যেতিয়া তাই মাহ –হালধি সানিবলৈ গ’ল – এজনী বৃদ্ধাই ৰঙাচকু কৰি তাই বাধা দিলে , ‘বিয়া বাৰু নোহোৱা বুঢ়ীজনীৰ হাত লাগিলে সিজনীৰ বা কি অমংগল হয় , কোনে জানে ?’ মনস্বনীয়ে বুকুত লগা আঘাতক লুকাই ৰাখিছিল কিন্তু এদিন দৈৱ্য বিপাঙত সকলোৰ লাভাৰ দৰেই উদ্গিৰণ হ’ল ।
‘তোৰ কি হৈছে ?’ - অপৰাজিতাই প্রশ্ন কৰিলে ।
-‘একো নাই! ল’ৰাটোৰ কান্দোন দেখি মনটো কিবা বেয়া লাগি গ’ল ।’
- ‘সঁচা কথাটো কৈ পেলাহ মন ! মই তোৰ কথা জানো!’
এইবাৰ উচুঁপি উচুপি তাই আৰম্ভ কৰিলে , ‘আজি ৰাতিপুৱা ভাইটিয়ে ফোন কৰিছিল ,’
- তেনেহ’লে , দুখ কিয় কৰিছ ? সিটো বহুদিন ফোন কৰা নাছিল
- মইও সুখ পাইছিলো যেতিয়া সি কৈছিল সিহঁত অহা মাহত ঘৰলৈ আহিব , কিন্তু ....
- কিন্তু কি ?
- সিহঁতৰ মতলব ভাল নহয় ! বোৱাৰীৰ মনতো একেবাৰে বেয়া । সিহঁতৰ ওপৰত মোৰ কোনো আক্রোশ নাই । কি কম মই ? হয়তো মোৰ ভাগ্যই বেয়া ।
অপৰাজিতাই চিঞৰি উঠিল , কথাটো কি? খুলি ক’ব পৰা নাই কিয় ? মনস্বনীয়ে ক’লে , ‘ তই হয়তো জানয়ে আমাৰ পৈতৃক সম্পত্তি হিচাপে মাটি বহু কেইবিঘা আছে । সিহঁতে হেনো ফ্লেট সাজিব ইয়াত.. আমাৰ ঘৰ বাৰীৰ মূল্য বহুত আছে ।
- তাত কি দুখ কৰিছ? ভালেইতো হ’ব ।
- হাঁ হাঁ .. ভাল হ’ব ! দেউতাই সজা সেই ঘৰ মাটিক সিহঁতে ভাঙিব । মই কি সুখী হম ? সিহঁতে ইয়াত ব্যৱসায় কৰিব , মোক কোনোমতে পৰি থকিবলৈ ফ্লেটত এটা কোঠালী দিব । মই টকা পইচা নিবিচাৰো ; নিজে চলিবলৈ মোৰ আছে। কিন্তু সেই দেউতাই নিজ কষ্টত সজা ঘৰ ,তাত মা-দেউতাৰ কিমান স্মৃতি জড়িত হৈ আছে - সেইবোৰ গুড়ি কৰিব টকা ঘটিবলৈ । সিহঁতে মোক কেয়াৰ টেকাৰ সাজিব ।
ভাইটিয়ে কথা পাতি মোক সকলো ক’লে; বিল্ডাৰৰ লগতো তাৰ কথা পতা হৈ গৈছে । সিতো মোৰ পৰা কোনো অনুমতিয়ে নিবিচাৰিলে ! মাথো নিজ সিদ্ধাত্বটো শুনালে , যাৰ অৰ্থ – বাইদেউ তই নিজৰ বেলেগ যোগাৰ কৰি ল’ । মই মাইকী বুদ্ধিত কি সিমান খিনি অধিকাৰৰ গৰাকিনীও নহয় ?
এইবাৰ কান্দি উঠি তাই ক’লে , ‘ প্রকৃত ঘটনাটো পিছতহে ঘটিল । ভাইটিয়ে ফোনটো থ’লে , কিন্তু তেতিয়াও ফোনৰ কানেক্সন কটা নাছিল – সি চাগে গমেই নাপালে । সিফালৰ পৰা বোৱাৰীয়ে কোৱা মই শুনা পালো ‘ কি সেই বুঢ়ীজনীয়ে মাটি লাগে কৈছে নেকি? খৱৰদাৰ, বুঢ়ী বায়েৰৰ মায়াজালত পৰিলে কিন্তু মোতকৈ বেয়া কোনো নহ’ব । ’ সি ও কৈ উঠিল , ‘বুঢ়ীক আমি ফ্লেট দিমেই , তাই কিয় নামানিব ? তাইৰ আছে নো কোন ? আমাৰ কথা নুশুনিলে তাইৰ কি আছে ! তাই মৰিলেটো খাওঁতা আমিয়েই , এতেকে , কোনো চিন্তা নাই।’
- তাৰ কথাবোৰ শুনি মোৰ অৱস্থা কি হ’ল , সেয়া হয়তো তোক কোৱাৰ প্রয়োজনেই নাই। মই ফোনটো কাটি দিলো ; মই যে চিৰদিন অকলশৰীয়া সেয়া মোৰ উপলব্ধি হ’ল । মোৰ চকুৰে কেৱল পানী বৈ আহিল , বাকী কথা মোৰ মনলৈ নাহিল ; মাথো চিন্তা কৰিলো ,সি কি মোক বুঢ়ী বুলি মাতে? মোৰ লগত কি তাৰ কোনো সম্পৰ্ক নাই ?
এইবাৰ অপৰাজিতাইও কান্দি উঠিল । মনস্বনীৰ কথা তাই সকলো জানে । সৰুতেই মাকৰ মৃত্যু হোৱাৰ পিছত মনস্বনীয়েই কণমানি ভায়েকৰ যতন কৰিছিল ,তাক প্রাণ ভৰি ভাল পাইছিল । তাৰ কাৰণে সকলো ত্যাগ কৰিছিল । হয় , তাইৰো উচ্চ শিক্ষা লোৱাৰ হেঁপাহ আছিল কিন্তু সেইসময়ত কেৰাণী বাপেক কৰ্কট ৰোগত আক্রান্ত হ’ল । বাপেকৰ চিকিৎসাত সকলো সাঁচতীয়া ধন জাহ্ গ’ল, কিন্তু বাপেকে চিৰদিনৰ কাৰণে চকু মুদিলে । উঠি অহা ভায়েকক পঢ়ুৱাবলৈ তাই নিজ সপোন বাদ দিলে ।সেইসময়ত ঈশ্বৰৰ কৃপাত তাই হস্পিতেলত নাৰ্ছৰ চাকৰিটো পালে ; সেইবাবেইটো ভায়েকে পঢ়িব পাৰিলে ।কিন্তু সেই উচ্চ ডিগ্রীধাৰী ভায়েকে আজি কি কৰিলে ?
তাই বিয়াৰ প্রস্তাৱো পাইছিল ,প্রেমিক প্রত্যুষৰ পৰা । তাৰ লগত সংসাৰ গথাঁৰ প্রতিটো সপোনো তাইৰ নস্ত হৈ গৈছিল । কাৰণ বৃদ্ধ বাপেকৰ বেমাৰ আৰু উঠি অহা ভায়েকৰ ভৱিষ্যতেই তাইৰ প্রাধ্যানতা লাভ কৰিছিল । প্রতুষ্যে হয়তো তাইক মন খুলি ভাল পাইছিল, কিন্তু প্রতীক্ষা ? সেয়া হয়তো তাৰ কাম্য নাছিল ....তাৰ মাক বাপেকে দীন দুখীয়া ঘৰৰ ছোৱালীক আঁকোৱালি ল’বলৈ প্রস্তুত নাছিল । তথাপিও সি আহিছিল , তাইক পলুৱাই নিবলৈ, চিৰদিনৰ বাৱে দ্বৈত্ব শৰীৰী আত্মা অদ্বৈত্ব আত্মা হ’বলৈ.... কিন্তু তাই থমকি গ’ল কাৰণ তাইৰ মূৰত চিৰদিনৰ বাবেই যেন আছিল অন্তহীন দ্বায়িত্বৰ ভৰ ।তাই সকলো ত্যাগ কৰিলে ।যি বাপেকে তাইক তুলি তালি ডাঙৰ কৰিলে , তেওঁক কি তাই এৰি যাব ? তাই পাষাণ নহয় । সেই বাপেকে এসময়ত তাইক পঢ়ুৱাবলৈ বংশ পৰিয়ালৰ লগত যুঁজিছিল ; কন্যা শিক্ষাক অৱজ্ঞা কৰা বংশ পৰিয়ালৰ বিৰুদ্ধে গৈছিল বাপেক । তাইক পঢ়ুৱাই প্রতিষ্ঠা কৰাৰ লক্ষ্যক ভাগ্যৰ বিভিষিকাই খৰ্ব কৰিলে কিন্তু তাই বাপেকৰ সকলো ইচ্ছাক ভায়েকৰ কাৰণে অৰ্পণ কৰিলে ,ভায়েকৰ কাৰণেই তাই সপোন ৰচিলে..
.................
ৰাতি বাৰ বাজি গৈছে ,কিন্তু মনস্বনী নিদ্রাদেৱীত আসক্ত হোৱা নাই ।তাই কেৱল ঘৰৰ প্রতিখন দেৱালক যেন ৰ’ লাগি চাই আছে , এইখন ঘৰৰ সকলো অতীততে তাই বৰ্ত্তমানো জীয়াই থকাৰ সম্বল লাভ কৰে । মাক –বাপেকৰ স্মৃতিয়ে তাইক কোনোদিনেই অকলে নৰে – তাই যেন এতিয়াও সেই সৰু ছোৱালীজনীয়ে হৈ আছে ; মাকৰ লগত যেন তাই প্রতি বসন্তক উপলব্ধি কৰিলে – মমতাময়ী মাতৃৰ স্মৃতিৰ আৰঁত । দেউতাকৰ শাসন আৰু ভায়েকৰ লগত কৰা প্রতিটো শিশুকালৰ ধেমালি তাইৰ মানসপটত সজীৱ হৈ উঠিছে । কেইদিন মানৰ পিছত এই স্মৃতিবোৰ নস্ত হৈ যাব ।
তাই চিঞৰি উঠিল , ‘ ক’ত গ’ল সেই মধুৰ দিনবোৰ?’
‘ হে ভগৱান মোক ঘূৰাই দিয়া সেই দিনবোৰ !’
মধুৰ কণ্ঠৰে তাই গাই উঠিলে ,
‘ তোৰে মোৰে আলোকৰে যাত্রা
অব্যৰ্থ অব্যৰ্থ.....’
...................
------------
অথৰ্ৱণ গোস্বামী
Comments
Post a Comment