Skip to main content

ষদুন্মুক্ত

                     ( যোৰহাটৰ পৰা প্রকাশিত মাহেকীয়া পত্রিকা 'খোজ' ত প্রকাশিত,মাৰ্চ ২০১৮)

অসীমক চেৰাই তাইৰ মন উৰা মাৰিলে ; স্পৰ্ধিত বাসনাই তেজ মঙহক উত্তাল কৰি তাইক টানি লৈ গৈছে ! তাইৰ সেই বেগক মাপ কৰাতো অসম্ভৱ কথা । পোহৰৰ গতিবেগো কিজানিবা সেই প্রবল বেগৰ আগত লজ্জিত হৈ পৰিছে।নিৰ্জান ৰাত্রিৰ বাঢ়ি অহা তিমিৰ গ্রাসত তাইৰ নিৰ্জন হৃদয়ৰ আৱেগ- অনুভূতিবোৰো হয়তো অন্তৰ্ধান হৈ পৰিল । সংসাৰ ত্যাগ কৰি আহিছে তাই....

                      কাহিনীটোৰ অৱতৰণিকা

শাৰী শাৰী চাহগছৰ মাজত খেলা ধুলা কৰি ডাঙৰ হোৱা লখমীৰ  (লচমি) বিয়াৰ পিছত আজি প্রথম টুছু পূজা । কি উত্তেজনা! সমবেত মহিলাজাকে তাইক যেন জোঁকাই টট্ এৰা নাই ; গিৰীয়েকৰ প্রেমৰ মাপ জুখি মহিলা জাকে তাইক লৈ গীত জুৰিছে । কোনোজনীয়ে হাঁহিৰ মাজে মাজে আকাৰ-ইংগিতৰে তাইক নানা কথাৰ ভেদ বুজাইছে ! কোনোজনীয়ে তাইৰ স্বামীৰ শৰীৰক লৈ ইতিকিঙৰ সুৰত ৰাগ টানিছে , আনজনীয়ে আকৌ পতি পত্নীৰ মিলনক লৈ ব্যংগাত্মক কৌতুক কৈছে.... মুঠৰ ওপৰত মহিলাগণে যেন পূজাভাগ এৰি তাইৰ সংসাৰৰ হে বন্দনা কৰিছে ।সৰ্বশেষত, মংগল ঘটৰ সন্মুখত আঁঠু লৈ লখমিয়ে যেন প্রাৰ্থনা কৰিলে , দেৱী টুছুৰ নিচিনাকৈ তাইও যাতে সাহসী তথা মমতাময়ী হৈ পৰে ।দেৱীৰ দৰেই তাইৰ খ্যাতিও চৌপাশে বিয়পি পৰক – তাৰ কামনাৰে মহিলাসকলেও উৰুলিধব্বনি কৰিলে ;তাৰ প্রতিধব্বনি যেন ফেঁচাৰ ডাক হৈ পৰিবেশক জয়াল কৰি  তুলিলে ।

             অৰ্দ্ধৰাত্রি লখমীৰ স্বামী সুৰেশ উলটি আহিছে । তাৰ টেটুফলা চিঞৰত ইতিমধ্যেই শুই পৰা চুবুৰীয়াৰ সৰু ল’ৰা ছোৱালীহালে সাৰ পাই কন্দা-কটা কৰিছে ।তাৰ মুখৰ অবাইচ মাতকেইটা তথা ধলং ধপং খোজ কেইটাই সি হাৰি অহা জুৱা খেলখনৰ কথাকেই সমজুৱা কৰি পেলালে ! ঘৰৰ বস্তু পাতিক লণ্ড ভণ্ড কৰি সি লখমিৰ গালত পূৰ্ণহতীয়া চৰ শোধাই চিঞৰ বাখৰ কৰি মজিয়াত লাং খাই পৰিলগৈ। তাৰ অত্যাচাৰৰ সাক্ষী লখমীৰ প্রাণৰ যেন  ‘উৰি যাও’ ‘উৰি যাও’ অৱস্থা হ’ল ! দিনটো লঘোনে পূজা দি এতিয়া ৰাত্রিৰ সাজ তাৰ লগত খাম বুলি আশা কৰি থকা তাই সেই গেলাগোন্ধত তিষ্ঠিব নোৱাৰি বমি কৰি পেলালে । 

                                                                              কাহিনীটোৰ গতি 

ইতিমধ্যে বন্ধ হোৱাৰ আশংকা আহি পৰা চাহ বাগানৰ দীন-দৰিদ্র বনুৱাসকলৰ দুখে কুলাই পাচি নধৰা  অৱস্থা হৈছে ।অৰ্থনৈতিক সংকট আৰু নিৰাশাক সংগী কৰি ক’লা ডাৱৰবোৰে যেন লখমীহঁতৰ জীৱনক নাশ কৰি পেলাইছে । তাইৰ পাঁচ বছৰ বয়সৰ কণমানিজনীৰ চিকিৎসা কৰিবলৈ সামৰ্থ নাই... 

সুৰেশৰ সুৰাসক্ত অৱস্থাই যেন লখমীক দমন কৰে , ৰাত্রি হৈ আহিলেই তাইৰ বুকুখন কঁপি আহে ।  কিন্তু দিনত ? তাই কাম কৰে বাগানৰ বৰ বাবুৰ ঘৰত; বাবুৰ লুলুপ দৃষ্টিয়ে তাইৰ আত্মাক কঁপাই তুলে ।কেতিয়াবা তাই দৃঢ় হয় - তাই তাত কাম এৰি দিব ? কিন্তু ঘৰখনৰ অৱস্থাই তাইৰ পদদ্বয়ক বান্ধি ৰাখে ।সুৰেশে হাজিৰা কৰি পোৱা টকাকেইটাটো জুৱাৰ নামতেই অদৃশ্য হৈ পৰে ! তাই পোৱা টকা কেইটাকো সি কাঢ়ি লয়, ‘তাৰ তিৰোতাৰ ওপৰত তাৰ পূৰ্ণ অধিকাৰ’ ।গিৰীয়েকৰ পৰা লুকুৱাই তাই দু-এপইচা সযতনেৰে ৰাখে, তাই কেতিয়াবা পলাই যাব ! এইবোৰ সকলো এৰি জীয়েকক বুকুত বান্ধি তাই ক’ৰবালৈ যাবগৈ ! বৰ-বাবুৰ কু-দৃষ্টি , সুৰেশৰ ককৰ্থনা সকলো সহ্য কৰি তাই যেন জীয়েকৰ কাৰণে জীয়াই আছে , কাহানিবা তাই পলাই যাব ! জীয়েকৰ চিকিৎসা কৰাব তাই ! 

যন্ত্রণা বোলা বস্তুবিধে হয়তো কাৰোবাৰ এবাৰ লগ ল’লে, পৰিত্যাগৰ প্রশ্নকেই লুপ্ত কৰি পেলায় ! বেদনাই লখিমিৰ আঁচলক এনেকৈ খামুচি ধৰিলে যেন তাৰ চাপে তাইৰ শৰীৰ তন্ত্রৰ প্রতিটো প্রান্তক বখলিয়াবলৈ ধৰিলে ! সুৰেশে আন এজনী তিৰোতা ঘৰ সোমোৱালহি ;ক্রমশ বৃদ্ধি পালে লখিমিৰ ওপৰত চৰ-কিলৰ মাত্রা! অনাহাৰে অত্যাচাৰে তাইক ভাঙি পেলালে ।তাইক ঘৰৰ বাহিৰ কৰা হ’ল..... 

       ভৰ বাৰিষা বৰষুণত জুৰুলি জুপুৰি হৈ তাই জীয়েকক নিবলৈ আহে, কিন্তু সিজনীৰ আদেশত সুৰেশে ভঙা লাঠিৰে লখমিক আক্রমণ চিঞৰি উঠিল, ‘ ইয়ালৈ আকৌ আহিলে, তোৰ জান মাৰিম !’


                           কাহিনীটিৰ পৰিসমাপ্তি

সমাপ্তিৰ প্রথম ধৰণ :

জয়াল ৰাত্রি.... ,মহানগৰৰ পদপথৰ কোনোৱা ক’লা চুকত কোনোৱা যুৱকৰ ভোগাসক্তিৰ বিনিময়ত পোৱা আগ্রহৰ টকা কেইটাৰে তাইৰ ঘৰত চাকি জ্বলিছে !অচিন ৰোগত আক্রান্ত দহবছৰীয়া তাইৰ কণমানিজনীৰ চিকিৎসা সুচাৰুৰুপে চলি আছে ! তাই স্কুললৈও যায়, তাইৰ মুখৰ হাঁহিতোৱে লখমীৰ ছিন্ন বিচিন্ন অন্তৰখনক যেন  ফুলমালা গঠাৰ দৰেই সংযোগ কৰি পেলাই। লখমীয়ে কেতিয়াবা কৈ উঠে , ‘ বাগানৰ বৰ বাবুয়ে যেন তাইৰ জীয়েকক জীৱন দিলে ! সুৰেশৰ দ্বাৰা বৰ্জিত তাইক তেওঁ কিবা এক বেলেগ পথলৈ লৈ গ’ল ।তাই নিজৰ কথা ভাবিব নে জীয়েকৰ কথা ! কথাতে কোৱা হয় নহয় ; মা –তুমি অনন্যা! ’

এৰা , সংসাৰ ত্যাগ কৰি আহিছে তাই.............

সমাপ্তিৰ অন্যধৰণ : 

বাগানিয়া সৰু ল’ৰা-ছোৱালীবোৰে নিতৌ খেলা-ধূলা শেষ কৰি বৰপুখুৰীৰ পাৰৰ পাগলীজনীক জোকাই দৌৰ মাৰে ! ফটা মলিন কাপোৰ তথা শৰীৰৰ দুৰ্গন্ধ স্বতেও সেই পাগলী জনী ৰাত্রি কোনো কোনো জুৱাৰী -মদাহীৰ কটুদৃষ্টিত পতিত হয় । মানুহে কয় , ‘এইজনী এসময়ত ঘৰ ধৰা  তিৰোতা আছিল, কিন্তু গিৰিয়েকৰ অত্যাচাৰত তাই কি হৈ পৰিল ? বেমাৰী জীয়েকজনীৰ মৃত্যুৰ সময়তো গিৰিয়েকে তাইক ঘৰত সোমাবলৈ নিদিলে । ’

এৰা, সংসাৰ ত্যাগ কৰি আহিছে তাই...

                      ---------------



[About the Painting :The Scream, Edvard Munch 1910 ,courtesy :Daily art magazine]


                            


Comments

Popular posts from this blog

মুক্তি

    অ ভীপ্সা - বন্ধন নে মুক্তিৰ কাৰক ! জীৱনাদৰ্শৰ কৱলত মাত্র প্রত্যয় গ’লেই নহয়।সুবহল মেঘৱান আকাশখনলৈ চোৱা; অ’ত কোলাহলক নিস্পৃহে দৰ্শন কৰি ৰৈছে ।মানুহৰো কাহানিবা পাখী গজিব,দিগন্তৰ প্রান্ত বিচাৰি আমিবোৰেও উৰা মাৰিম।মনোজগতখনৰ বিৱৰ্তনক কেনেকৈ নামানিবা! –এনেবোৰ কথাই সি কৈছিল, তাৰ আত্মবিশ্লেষণ বুজাটো মোৰ বাৱে সম্ভৱপৰ নাছিল ।তথাপিও যেন আকৰ্ষণ জন্মিছিল,জীৱনত প্রথমবাৰৰ বাৱে ; তাৰ কবিত্ব বা দাৰ্শনিক সত্ত্বাক লৈ । ছেক্সপেয়াৰেই কৈ গৈছিল যে এই দৰ্শন তৰ্শনবোৰৰ সপোনাতীত ভূ তথা দ্যুলোকত চাবলগীয়া অনেক কিবা কিবি আছে ।   শান্তনুৰ কথা মনত পেলাই ৰেখা ভাবুক হৈ ৰ’ল ।এতিয়া তাৰ মতাদৰ্শ সেই একেই আছে নে পৰিৱৰ্তন হ’ল ,তাক জানিবলৈ তাইৰ মন যায় । সি আছিল দৰ্শনৰ ছাত্র ,তাই সাহিত্যৰ । বন্ধুত্ববোৰ যে কেনেকৈ গঢ়িছিল ।আৰু এজন আছিল যোগেশ, মহাৰাষ্ট্রীয় ল’ৰা । শান্তনুৰ অনীশ্বৰবাদৰ বিপৰীতে সি আছিল অতীন্দ্রিয়বাদী ,মহান সন্ত নামদেৱৰ অনুগামী । যোগেশ আৰু শান্তনুৰ ক’ত মতবিৰোধ ।শোষিতৰ মুক্তিপথৰ শান্তনুৱে হাঁহিছিল তাৰ কথাক । সমাজতত্ত্বৰ আসক্ত শান্তনুৱে শ্রমবাদীৰ মুক্তিৰ দিশত অতিন্দ্রিয়বাদক হেঙাৰ বুলি বিনা দ্বিধায়েই ম...

অহংকাৰ

- বেলেগ কথা নাজানো , কিন্তু তোমাৰ মনত অহংকাৰ বেছি! - সেয়া মই স্বীকাৰ কৰিছো । মোৰ অহংকাৰ নথকা নহয় , কিন্তু অহংকাৰ কিয়? সেয়া জানো তুমি সুধিছা ? - বাদ দিয়া ! তোমাৰ মহাভাৰতখন আকৌ মেলি নল’বা ।     এইবাৰ মুখত ঈষৎ হাঁহি গুজি প্রাঞ্জলে ৰবীন্দ্রনাথৰ পদ্য গাই উঠিল ,                   “ সকল অহংকাৰ হে আমাৰ            ডুবাও চোখেৰ জলে ।            নিজেৰে কৰিতে গৌৰৱ দান             নিজৰে কেবলি কৰি অপমান, ..... ”  এনে কাব্যিক গুণৰ বাৱেই তো প্রাঞ্জলৰ প্রতি তাইৰ দুৰ্ৱলতা ; সিটো সদায় ধনাত্মক হৈ তাইকো যেন কাব্য –সাহিত্যৰ প্রতিটো ছন্দত সমাহিত কৰি পেলায় ।পদ্যৰ ছন্দায়িত স্বৰত খন্তেক হেৰাই পৰা দীপালিয়ে পুণৰ প্রকৃতিস্থ হৈ সেমেনা সেমেনি কৰি কৈ উঠিল , ‘ এইটো চাকৰিৰ বাৱে আবেদন কৰিলা নেকি ?’   কঁপালৰ সিৰা কেইডাল থুপ খোৱাই সি ইতিকিঙ কৰিলে , ‘ সেইটো চাকৰি পালে তো ভালেই – অৱস্থা ভাললৈ আহিব ! দিন – ৰাত উৎকোচ খাই পেটটো শকত কৰিম !’ - তুমি প্রকৃততে কি ...

ষট্ঋতুৰ বিৰহ

                                      (০৩/০২/২০১৯ ত দেওবৰীয়া খবৰত প্রকাশিত)                                                                                                                 (১)   ললিত নৱাংগ লবংগ,লতাদিয়ে পৰিবেষ্টিত কৰা কুঞ্জ কুটীৰবোৰক মলয় সমীৰে সৰস বসন্তৰ উন্মাদ মনোৰথৰ বাৰ্তা দিলে ।বিৰহৰ দাৱানল ! মিলনৰ প্রতিশ্রুতিয়ে হৃদয়ত এনেকৈ থিতাপি ল’লে যে , প্রত্যুষৰ পৰা সন্ধ্যা পৰ্যন্ত নিৰূপায় সকলোবোৰ জীৰ্ণ অন্তৰ । প্রকৃতিৰ লগত আজি এই ঐক্যতান ; বসন্তৰ সুললিত গন্ধই মোহিত কৰা বজ্রবধূৰ ভৌত্ববাদীত্ব কাহানিবাই খৰ্ব হৈছিল , লগতেই নিপাত হৈছিল অহং-ভাৱ ।কিন্তু , সেই মুৰুলীৰ মদনকো মোহিত কৰা সুমধুৰ স্বৰে উৰে নিশাটো উজ...