(৩০/৪/১৭ ত দেওবৰীয়া খবৰত প্রকাশিত)
“দ্যুলোক নে ভূলোক ? অম্ভোদৰ উৎসক লৈ আজিকোপতি মই নিৰ্বিবাদৰ সম্ভেদ পাৱলৈ সক্ষম হোৱা নাই ।” বহুদিনৰ মূৰত কবিতা লিখিবলৈ বঢ়িও সি মনোযোগ দিব পৰা নাই।এহাতে ছিগাৰেটো ধৰি খিড়িকীৰে জোনাক নিশাৰ গাভৰু শচীলৈকে যেন লুলুপ চকু দিছে সি ; বাৰেপতি মনলৈ আহিছে ৰবীন্দ্রনাথৰ এটা পদ্য ,
“ নিন্দা পৰব ভূষণ কৰে
কাঁটাৰ কণ্ঠহাৰ
মাথায় কৰে তুলে লব
অপমানেৰ ভাৰ ।”
ঋষি-মনিষীয়ে কৈছে – যি হয় , সেইয়া ভালৰ কাৰণেই হয় ; কিন্তু তাৰক্ষেত্রত সদায়েই ওভোটা নদীৰ গতিয়েহে কুলু কুলু কৈ পথ লয় ।যি কি নহওঁক ; কোনো পঞ্চপাতকী নহয় সি - পৰিবেশৰ তথা পৰিস্থিতিত পৰি কেতিয়াবা মানুহৰ মনোভাৱ নিশ্চয়েই সলনি হয় । কিন্তু , যেতিয়া চয়তানে ফুচঁফুচাই উচতনি দিয়ে ; তেতিয়া মাটিৰ পৰা উৎপন্ন আদম জাতে কি কৰিব পাৰে (?)
ৰতায়ণীৰ শয্যাত আসক্ত অৰুণে বৰ্তমান আক্ষেপ কৰিবলগীয়া হৈছে । বয়সৰ হিচাপতো বহুত হ’ব লাগিছিল কিন্তু কি কৰিব সি ? যেতিয়া তাৰ সময় আছিল তেতিয়াতো সি অহংকাৰতেই দহক বুঢ়া আঙুলি দেখুৱাইছিল আৰু এতিয়া সময়ে তাক বুঢ়া আঙুলি দেখুৱালে ।
-“ চাহ লোৱা…” পত্নীয়ে আগবঢ়াই দিয়া কাপটো লৈ সি কেৱল চাই ৰ’ল তাইৰ মুখলৈ ; শুক্ল হিমৰ দৰে বগা মুখখনত অসন্তুষ্টি তথা নিৰাশা বিদ্যমান । ৰাইজেটো তাইকেই দোষাৰোপ কৰে যেন ব্রহ্মহত্যাকাৰী তাই ; মানুহে কয় , “ সেই বাজী জনী আহিছে ।” “ কিন্তু দোষ কাৰ? ঈশ্বৰেই হয়তো আমাৰ ভাগ্যত সেয়া দিয়া নাই ।” হাজাৰ হ’লেও যেতিয়া প্রকৃতিৰ ‘মমতা পথত’ কীলক স্থাপন কৰা হয় ,তেতিয়া নিৰাশ হোৱাটো স্বাভাৱিক ।
হয়তো সকলো দোষ তাৰেই । বয়স বাঢ়ি আহোতে সংগদোষত পৰি সকলো নাশ হ’ল। ৰত্যায়নীৰ অবিহনে তেতিয়া এনিশাও সম্পূৰ্ণ নহৈছিল। মদ,ভাং,জুৱা,তামাচাত পঢ়িবলৈ অহাৰ লক্ষ্যই সলনি হৈ গৈছিল ; আৰু পইচা ?? মিথ্যাৰ আলমত অজলা বাপেকৰ পৰা পইচা লোৱাটো তাৰ বাৱেটো নিচেই সহজ কাজ ।ভাংৰ নিচাই ব্রহ্মৰন্ধ পৰ্যন্ত তাক এনেকৈ গ্রাস কৰিছিল যে মেধাৱী অৰুণ বুদ্ধিহীন হৈ পৰিছিল।বিশ্ববিদ্যালয়ৰ পৰা যেনে তেনে ডিগ্রীটো ল’লে হয় কিন্তু, পিছৰ সময়ছোৱাটো সংকটৰ বাৱে অকাল বোধন হৈ পৰিল ।চাকৰি বিচাৰি চলাথ কৰিলে কিন্তু কোনো দিনেই যেন ভাগ্যদেৱী প্রসন্ন নহ’ল ; কোনোৱা কোম্পানীত প্রয়োজন অভিজ্ঞতাৰ , ক’ৰবাত ভাল গ্রেডৰ আৰু চৰকাৰী চাকৰিত ধনৰ বৰ্ষা ; ত্রিক্ষেত্রতেই তাৰ লটিঘটি ।এতিয়াতো তাৰ সৰু চাকৰিটোৰ কাৰণেহে কোনোমতে ঘৰখন চলি আছে । যদি ভাল চাকৰি থাকিল হয় তেতিয়াতো নিশ্চয়েই সিহঁত সুখী হ’ল হেতেন ।কিন্তু টকা-পইছাই জানো সকলো …?
কাঁহীখন টেবুলতে দি ঘৈণীয়েকে ক’লে , “ তুমি খোৱা ; মই আজি ভাত নাখাওঁ, পূৰ্ণিমাৰ উপবাস ৰাখিছো । ” যদিওবা ভাত খোৱা ইচ্ছা নাই তথাপিও শ্রীমতীৰ কষ্টকণৰ কাৰণেই সি ভাতৰ পাতত হাত থলে । কিন্তু মনলৈ প্রশ্ন আহিল , “ উপবাস নে মনৰ তাড়ণাত তাই ভাত খোৱা নাই ? ”
আজি সমূহ পুৰণি কথা তাৰ মানসপটত সজীৱ হৈ উঠিছে । সৰ্ৱাস্থাৰ বাবে হয়তো সিয়েই দায়ী । সিটো কোনো কৰ্তব্যই আজিলৈকে সম্পন্ন কৰাত সক্ষম নহ’ল ; মাক-দেউতাকক মিছা কৈ কৈ ছাগে সি সঁচা কথা কোৱাটোৱেই পাহঁৰি পেলাইছিল।বিশ্ববিদ্যালয়ৰ দিনকেইটাত কেৱল দূৰাচাৰেই তাৰ অন্তৰংগ বন্ধু হৈছিল ।বহুকষ্টত এতিয়া তাৰ আগৰ অভ্যাসসমূহ দূৰ হৈছে , এইয়াটো সকলো ঘৈণীয়েক কাৰণেই সম্ভৱ হৈছে ।Drug addiction আদি কৰি তাৰ সকলো বদ্অভ্যাস জনা স্বতেও তাই তাৰ লগত বিয়াত বঢ়িল , কাৰণ তাইটো তাক কেৱল প্রেমেই কৰিছিল ; কিন্তু সি আজিকালি ভাবে, “ মই তাইক কি দিব পাৰিছো ? ”
-“ আজিলৈ বাদ দিয়া , কাইলৈ তো ক্লিনিকলৈও যাব লাগিব । এতিয়া শুৱা আৰু । ”
- ঘৈণীয়েকৰ এনে কথাত অৰুণ স্মৃতি ভংগ হ’ল । সিটো কবিতাৰ এটা শাৰীও লিখিব পৰা নাই….
-“ এৰা , কাইলৈ ক্লিনিকলৈ যাব লাগিব ।”
ঘৈণীয়েকেটো তাৰ পৰিয়ালৰ মানুহৰ ৰোষত পৰিয়েই মান্তি হৈছে – তাই প্রজনন ক্ষমতাৰ গৰাকীণী হয় নে নহয় , সেইটো পৰীক্ষা কৰিবলৈ ।
…………………..
বিচনাত ইকাতি-সিকাটি কৰি সি পুণৰ লৰা মাৰিলে ‘তেতিয়াৰ’ দিনলৈ; মনলৈ আহিলে সকলো ‘‘পুৰাণ স্মৃতি’’ - - তাৰ অনৈতিক শয্যাসংগিনীক এবাৰ ঔষধ দি অপূৰ্ণ ভ্রুণ নাশ কৰাৰ কাহিনী; সেই মায়াবিনীয়েও মান্তি হৈছিল নিজৰ অপযশ ঢ়াকিবলৈ ।ডেকা তেজৰ আগত নৈতিকতাই ক’ত তিষ্ঠিব পাৰে ? তৎপশ্চাতো অৰুণৰ নিচা এনেকৈ বাঢ়ি গৈছিল যেন ভৰ বাৰিষা লুইতৰ বুকুৰ পানী ।সিটো সকলোকেই পাহঁৰি পেলাইছিল ; তাৰ সম্পৰ্ক আছিল কেৱল নিচাৰ লগত , নিচাই তাৰ গুৰু-গোসাই সকলো । এতিয়া সি কয় , “ সেইবোৰ পাপৰ ফলেই মই এতিয়া ভুগিছো ।” স্বৰ্গৰ-পাতালতো সকলো ধৰাতেই । কিন্তু ঘৈণীয়েকক পাই সি সঁচাকৈয়ে সুখী , তাই নিশ্চয়েই কলিকালৰ ‘সতী-সীতা-সাবিত্রী’, তাৰ দূৰ্গম সংসাৰ সাগৰ ত্তাৰিণী।কিন্তু এতিয়া সিহঁতৰ দুখ এটাই- ‘সন্তানহীনতা’ ।
নিচাসক্ত অৰুণৰ এদিন hormone Imbalance হৈ পৰিল আৰু এতিয়া তাৰ দোষ মানুহে তাইৰ ওপৰত জাপে , সমাজে কথাইপতি তাইকেই দোষাৰোপ কৰে । এৱাৰ নামঘৰৰ গোপিনী সবাহত তাইক নৈবদ্য সজাবলৈ আয়তীগণে বাধা দিলে, বাজী তিৰোতাই সজোৱা প্রসাদ খোৱাটো হেনো অমংগলীয় ।মানুহৰ আগত সহ্য কৰি থাকিলেও নিজানত তাই হিয়া আঁজুৰি কান্দে।
--“ নাই - তাইৰ মনত আৰু মই দুখ নিদিও, মিছাতেই ক্লিনিকলৈ যোৱাৰ কোনো প্রয়োজন নাই ।মই দেশ-দহৰ আগত স্বীকাৰ কৰিম, দোষ তাইৰ নহয় ,মোৰ হে ।সংসাৰৰ নিন্দা মই মূৰ পাতি লম।”
জোনাক ৰাতিৰ শেষ প্রহৰত , আধা খোলা খিড়িকীৰে সোমাই অহা বতাহজাকত অৰুণৰ মনত চাৰেংদাৰ বাজি উঠিল ।তাৰ মনলৈ আহিল লিখিবলগীয়া কবিতাটোৰ নাম , সি নাম দিলে , ‘ষদুন্মুক্ত’ ।
---- -- ---
অথৰ্ৱণ গোস্বামী
খুব ভাল লাগিল এইটো । কলেবৰ সৰু , কিন্ত্ু অৰ্থবহ ।
ReplyDeleteধন্যবাদ
Delete