Skip to main content

স্বীকাৰোক্তি



                                                          (৩০/৪/১৭ ত দেওবৰীয়া খবৰত প্রকাশিত) 
“দ্যুলোক নে ভূলোক ? অম্ভোদৰ উৎসক লৈ আজিকোপতি মই নিৰ্বিবাদৰ সম্ভেদ পাৱলৈ সক্ষম হোৱা নাই ।” বহুদিনৰ মূৰত কবিতা লিখিবলৈ বঢ়িও সি মনোযোগ দিব পৰা নাই।এহাতে ছিগাৰেটো ধৰি খিড়িকীৰে জোনাক নিশাৰ গাভৰু শচীলৈকে যেন লুলুপ চকু দিছে সি ; বাৰেপতি মনলৈ আহিছে ৰবীন্দ্রনাথৰ এটা পদ্য ,
                             “ নিন্দা পৰব ভূষণ কৰে
                                  কাঁটাৰ কণ্ঠহাৰ
                              মাথায় কৰে তুলে লব
                               অপমানেৰ ভাৰ ।”
ঋষি-মনিষীয়ে কৈছে – যি হয় , সেইয়া ভালৰ কাৰণেই হয় ; কিন্তু তাৰক্ষেত্রত সদায়েই ওভোটা নদীৰ গতিয়েহে কুলু কুলু কৈ পথ লয় ।যি কি নহওঁক ; কোনো পঞ্চপাতকী নহয় সি  - পৰিবেশৰ তথা পৰিস্থিতিত পৰি কেতিয়াবা মানুহৰ মনোভাৱ নিশ্চয়েই সলনি হয় । কিন্তু , যেতিয়া চয়তানে ফুচঁফুচাই উচতনি দিয়ে ; তেতিয়া মাটিৰ পৰা উৎপন্ন আদম জাতে কি কৰিব পাৰে (?)
         ৰতায়ণীৰ শয্যাত আসক্ত অৰুণে বৰ্তমান আক্ষেপ কৰিবলগীয়া হৈছে । বয়সৰ হিচাপতো বহুত হ’ব লাগিছিল কিন্তু কি কৰিব সি ? যেতিয়া তাৰ সময় আছিল তেতিয়াতো সি অহংকাৰতেই দহক বুঢ়া আঙুলি দেখুৱাইছিল আৰু এতিয়া সময়ে তাক বুঢ়া আঙুলি দেখুৱালে ।
       -“ চাহ লোৱা…” পত্নীয়ে আগবঢ়াই দিয়া কাপটো লৈ সি কেৱল চাই ৰ’ল তাইৰ মুখলৈ ; শুক্ল হিমৰ দৰে বগা মুখখনত অসন্তুষ্টি তথা নিৰাশা বিদ্যমান । ৰাইজেটো তাইকেই দোষাৰোপ কৰে যেন ব্রহ্মহত্যাকাৰী তাই ; মানুহে কয় , “ সেই বাজী জনী আহিছে ।” “ কিন্তু দোষ কাৰ? ঈশ্বৰেই হয়তো আমাৰ ভাগ্যত সেয়া দিয়া নাই ।” হাজাৰ হ’লেও যেতিয়া প্রকৃতিৰ ‘মমতা পথত’ কীলক স্থাপন কৰা হয় ,তেতিয়া নিৰাশ হোৱাটো স্বাভাৱিক ।
       হয়তো সকলো দোষ তাৰেই । বয়স বাঢ়ি আহোতে সংগদোষত পৰি সকলো নাশ হ’ল। ৰত্যায়নীৰ অবিহনে তেতিয়া এনিশাও সম্পূৰ্ণ নহৈছিল। মদ,ভাং,জুৱা,তামাচাত পঢ়িবলৈ অহাৰ লক্ষ্যই সলনি হৈ গৈছিল ; আৰু পইচা ?? মিথ্যাৰ আলমত অজলা বাপেকৰ পৰা পইচা লোৱাটো তাৰ বাৱেটো নিচেই সহজ কাজ ।ভাংৰ নিচাই ব্রহ্মৰন্ধ পৰ্যন্ত তাক এনেকৈ গ্রাস কৰিছিল যে মেধাৱী অৰুণ বুদ্ধিহীন হৈ পৰিছিল।বিশ্ববিদ্যালয়ৰ পৰা যেনে তেনে ডিগ্রীটো ল’লে হয় কিন্তু, পিছৰ সময়ছোৱাটো সংকটৰ বাৱে অকাল বোধন হৈ পৰিল ।চাকৰি বিচাৰি চলাথ কৰিলে কিন্তু কোনো দিনেই যেন ভাগ্যদেৱী প্রসন্ন নহ’ল ; কোনোৱা কোম্পানীত প্রয়োজন অভিজ্ঞতাৰ , ক’ৰবাত ভাল গ্রেডৰ আৰু চৰকাৰী চাকৰিত ধনৰ বৰ্ষা ; ত্রিক্ষেত্রতেই তাৰ লটিঘটি ।এতিয়াতো  তাৰ সৰু চাকৰিটোৰ কাৰণেহে কোনোমতে ঘৰখন চলি আছে । যদি ভাল চাকৰি থাকিল হয় তেতিয়াতো নিশ্চয়েই সিহঁত সুখী হ’ল হেতেন ।কিন্তু টকা-পইছাই জানো সকলো …?
       কাঁহীখন টেবুলতে দি ঘৈণীয়েকে ক’লে , “ তুমি খোৱা ; মই আজি ভাত নাখাওঁ, পূৰ্ণিমাৰ উপবাস ৰাখিছো । ”        যদিওবা ভাত খোৱা ইচ্ছা নাই তথাপিও শ্রীমতীৰ কষ্টকণৰ কাৰণেই সি ভাতৰ পাতত হাত থলে । কিন্তু মনলৈ প্রশ্ন আহিল , “ উপবাস নে মনৰ তাড়ণাত তাই ভাত খোৱা নাই ? ”
আজি সমূহ পুৰণি কথা তাৰ মানসপটত সজীৱ হৈ উঠিছে । সৰ্ৱাস্থাৰ বাবে হয়তো সিয়েই দায়ী । সিটো কোনো কৰ্তব্যই আজিলৈকে সম্পন্ন কৰাত সক্ষম নহ’ল ; মাক-দেউতাকক মিছা কৈ কৈ ছাগে সি সঁচা কথা কোৱাটোৱেই পাহঁৰি পেলাইছিল।বিশ্ববিদ্যালয়ৰ দিনকেইটাত কেৱল দূৰাচাৰেই তাৰ অন্তৰংগ বন্ধু হৈছিল ।বহুকষ্টত এতিয়া তাৰ আগৰ অভ্যাসসমূহ দূৰ হৈছে , এইয়াটো সকলো ঘৈণীয়েক কাৰণেই সম্ভৱ হৈছে ।Drug addiction আদি কৰি তাৰ সকলো বদ্অভ্যাস জনা স্বতেও তাই তাৰ লগত বিয়াত বঢ়িল , কাৰণ তাইটো তাক কেৱল প্রেমেই কৰিছিল ; কিন্তু সি আজিকালি ভাবে, “ মই তাইক কি দিব পাৰিছো ? ”
       -“ আজিলৈ বাদ দিয়া , কাইলৈ তো ক্লিনিকলৈও যাব লাগিব । এতিয়া শুৱা আৰু । ”
           - ঘৈণীয়েকৰ এনে কথাত অৰুণ স্মৃতি ভংগ হ’ল । সিটো কবিতাৰ এটা শাৰীও লিখিব পৰা নাই….
       -“ এৰা , কাইলৈ ক্লিনিকলৈ যাব লাগিব ।”
ঘৈণীয়েকেটো তাৰ পৰিয়ালৰ মানুহৰ ৰোষত পৰিয়েই মান্তি হৈছে – তাই প্রজনন ক্ষমতাৰ গৰাকীণী হয় নে নহয় , সেইটো পৰীক্ষা কৰিবলৈ ।
                                                          …………………..
         বিচনাত ইকাতি-সিকাটি কৰি সি পুণৰ লৰা মাৰিলে ‘তেতিয়াৰ’ দিনলৈ; মনলৈ আহিলে সকলো ‘‘পুৰাণ স্মৃতি’’ - - তাৰ অনৈতিক শয্যাসংগিনীক এবাৰ ঔষধ দি অপূৰ্ণ ভ্রুণ নাশ কৰাৰ কাহিনী; সেই মায়াবিনীয়েও মান্তি হৈছিল নিজৰ অপযশ ঢ়াকিবলৈ ।ডেকা তেজৰ আগত নৈতিকতাই ক’ত তিষ্ঠিব পাৰে ? তৎপশ্চাতো অৰুণৰ নিচা এনেকৈ বাঢ়ি গৈছিল যেন ভৰ বাৰিষা লুইতৰ বুকুৰ পানী ।সিটো সকলোকেই পাহঁৰি পেলাইছিল ; তাৰ সম্পৰ্ক আছিল কেৱল নিচাৰ লগত , নিচাই তাৰ গুৰু-গোসাই সকলো । এতিয়া সি কয় , “ সেইবোৰ পাপৰ ফলেই মই এতিয়া ভুগিছো ।” স্বৰ্গৰ-পাতালতো সকলো ধৰাতেই । কিন্তু ঘৈণীয়েকক পাই সি সঁচাকৈয়ে সুখী , তাই নিশ্চয়েই কলিকালৰ ‘সতী-সীতা-সাবিত্রী’, তাৰ দূৰ্গম সংসাৰ সাগৰ ত্তাৰিণী।কিন্তু এতিয়া সিহঁতৰ দুখ এটাই- ‘সন্তানহীনতা’ ।
নিচাসক্ত অৰুণৰ এদিন hormone Imbalance হৈ পৰিল আৰু এতিয়া তাৰ দোষ মানুহে তাইৰ ওপৰত জাপে , সমাজে কথাইপতি তাইকেই দোষাৰোপ কৰে । এৱাৰ নামঘৰৰ গোপিনী সবাহত তাইক নৈবদ্য সজাবলৈ আয়তীগণে বাধা দিলে, বাজী তিৰোতাই সজোৱা প্রসাদ খোৱাটো হেনো অমংগলীয় ।মানুহৰ আগত সহ্য কৰি থাকিলেও নিজানত তাই হিয়া আঁজুৰি কান্দে।
         --“ নাই -  তাইৰ মনত আৰু মই দুখ নিদিও, মিছাতেই ক্লিনিকলৈ যোৱাৰ কোনো প্রয়োজন নাই ।মই দেশ-দহৰ আগত স্বীকাৰ কৰিম, দোষ তাইৰ নহয় ,মোৰ হে ।সংসাৰৰ নিন্দা মই মূৰ পাতি লম।”
           জোনাক ৰাতিৰ শেষ প্রহৰত , আধা খোলা খিড়িকীৰে সোমাই অহা বতাহজাকত অৰুণৰ মনত চাৰেংদাৰ বাজি উঠিল ।তাৰ মনলৈ আহিল লিখিবলগীয়া কবিতাটোৰ নাম , সি নাম দিলে , ‘ষদুন্মুক্ত’ ।
                                                                                                             

                                                                                     ----  --  ---
                                                                                                                     অথৰ্ৱণ গোস্বামী

Comments

  1. খুব ভাল লাগিল এইটো । কলেবৰ সৰু , কিন্ত্ু অৰ্থবহ ।

    ReplyDelete

Post a Comment

Popular posts from this blog

মুক্তি

    অ ভীপ্সা - বন্ধন নে মুক্তিৰ কাৰক ! জীৱনাদৰ্শৰ কৱলত মাত্র প্রত্যয় গ’লেই নহয়।সুবহল মেঘৱান আকাশখনলৈ চোৱা; অ’ত কোলাহলক নিস্পৃহে দৰ্শন কৰি ৰৈছে ।মানুহৰো কাহানিবা পাখী গজিব,দিগন্তৰ প্রান্ত বিচাৰি আমিবোৰেও উৰা মাৰিম।মনোজগতখনৰ বিৱৰ্তনক কেনেকৈ নামানিবা! –এনেবোৰ কথাই সি কৈছিল, তাৰ আত্মবিশ্লেষণ বুজাটো মোৰ বাৱে সম্ভৱপৰ নাছিল ।তথাপিও যেন আকৰ্ষণ জন্মিছিল,জীৱনত প্রথমবাৰৰ বাৱে ; তাৰ কবিত্ব বা দাৰ্শনিক সত্ত্বাক লৈ । ছেক্সপেয়াৰেই কৈ গৈছিল যে এই দৰ্শন তৰ্শনবোৰৰ সপোনাতীত ভূ তথা দ্যুলোকত চাবলগীয়া অনেক কিবা কিবি আছে ।   শান্তনুৰ কথা মনত পেলাই ৰেখা ভাবুক হৈ ৰ’ল ।এতিয়া তাৰ মতাদৰ্শ সেই একেই আছে নে পৰিৱৰ্তন হ’ল ,তাক জানিবলৈ তাইৰ মন যায় । সি আছিল দৰ্শনৰ ছাত্র ,তাই সাহিত্যৰ । বন্ধুত্ববোৰ যে কেনেকৈ গঢ়িছিল ।আৰু এজন আছিল যোগেশ, মহাৰাষ্ট্রীয় ল’ৰা । শান্তনুৰ অনীশ্বৰবাদৰ বিপৰীতে সি আছিল অতীন্দ্রিয়বাদী ,মহান সন্ত নামদেৱৰ অনুগামী । যোগেশ আৰু শান্তনুৰ ক’ত মতবিৰোধ ।শোষিতৰ মুক্তিপথৰ শান্তনুৱে হাঁহিছিল তাৰ কথাক । সমাজতত্ত্বৰ আসক্ত শান্তনুৱে শ্রমবাদীৰ মুক্তিৰ দিশত অতিন্দ্রিয়বাদক হেঙাৰ বুলি বিনা দ্বিধায়েই ম...

অহংকাৰ

- বেলেগ কথা নাজানো , কিন্তু তোমাৰ মনত অহংকাৰ বেছি! - সেয়া মই স্বীকাৰ কৰিছো । মোৰ অহংকাৰ নথকা নহয় , কিন্তু অহংকাৰ কিয়? সেয়া জানো তুমি সুধিছা ? - বাদ দিয়া ! তোমাৰ মহাভাৰতখন আকৌ মেলি নল’বা ।     এইবাৰ মুখত ঈষৎ হাঁহি গুজি প্রাঞ্জলে ৰবীন্দ্রনাথৰ পদ্য গাই উঠিল ,                   “ সকল অহংকাৰ হে আমাৰ            ডুবাও চোখেৰ জলে ।            নিজেৰে কৰিতে গৌৰৱ দান             নিজৰে কেবলি কৰি অপমান, ..... ”  এনে কাব্যিক গুণৰ বাৱেই তো প্রাঞ্জলৰ প্রতি তাইৰ দুৰ্ৱলতা ; সিটো সদায় ধনাত্মক হৈ তাইকো যেন কাব্য –সাহিত্যৰ প্রতিটো ছন্দত সমাহিত কৰি পেলায় ।পদ্যৰ ছন্দায়িত স্বৰত খন্তেক হেৰাই পৰা দীপালিয়ে পুণৰ প্রকৃতিস্থ হৈ সেমেনা সেমেনি কৰি কৈ উঠিল , ‘ এইটো চাকৰিৰ বাৱে আবেদন কৰিলা নেকি ?’   কঁপালৰ সিৰা কেইডাল থুপ খোৱাই সি ইতিকিঙ কৰিলে , ‘ সেইটো চাকৰি পালে তো ভালেই – অৱস্থা ভাললৈ আহিব ! দিন – ৰাত উৎকোচ খাই পেটটো শকত কৰিম !’ - তুমি প্রকৃততে কি ...

ষট্ঋতুৰ বিৰহ

                                      (০৩/০২/২০১৯ ত দেওবৰীয়া খবৰত প্রকাশিত)                                                                                                                 (১)   ললিত নৱাংগ লবংগ,লতাদিয়ে পৰিবেষ্টিত কৰা কুঞ্জ কুটীৰবোৰক মলয় সমীৰে সৰস বসন্তৰ উন্মাদ মনোৰথৰ বাৰ্তা দিলে ।বিৰহৰ দাৱানল ! মিলনৰ প্রতিশ্রুতিয়ে হৃদয়ত এনেকৈ থিতাপি ল’লে যে , প্রত্যুষৰ পৰা সন্ধ্যা পৰ্যন্ত নিৰূপায় সকলোবোৰ জীৰ্ণ অন্তৰ । প্রকৃতিৰ লগত আজি এই ঐক্যতান ; বসন্তৰ সুললিত গন্ধই মোহিত কৰা বজ্রবধূৰ ভৌত্ববাদীত্ব কাহানিবাই খৰ্ব হৈছিল , লগতেই নিপাত হৈছিল অহং-ভাৱ ।কিন্তু , সেই মুৰুলীৰ মদনকো মোহিত কৰা সুমধুৰ স্বৰে উৰে নিশাটো উজ...